কাজিৰঙাৰ ঐতিহ্য বহন কৰা ১১৭ বছৰীয়া এজোপা প্ৰাচীন বৃক্ষ

বুবুল শৰ্মা, কাজিৰঙা, তাৰিখ: ২০ ছেপ্টেম্বৰ ২০১৯: এক খড়্গযুক্ত গঁড় যিদৰে কাজিৰঙাৰ আকৰ্ষণ,সেইদৰে আন এক আকৰ্ষণ হিচাপে চিহ্নিত হৈছে কাজিৰঙাৰ কঁহৰাত অৱস্হিত অসম পৰ্যটন বিভাগৰ অতিথিশালা বনানি চৌহদৰ এজোপা প্ৰাচীন বৃহৎ বৰগছ৷১৯৩৮ চনতে প্ৰতিষ্ঠা হোৱা বনানিৰ অতিথিশালাৰ বহু আগৰে পৰা কাজিৰঙাৰ বহু উথ্বানৰ নীৰৱ সাক্ষীহৈ থিয় হৈ আছে এই বটবৃক্ষজোপা৷ আজি প্ৰায় আঢ়ৈ কুৰি বছৰৰ আগতেই কাজিৰঙা বনবিভাগৰ চি আৰ চক্ৰৱৰ্তী নামৰ বনবিষয়াৰ সৈতে মালেছিয়াৰ পৰা অহা এজন বৈজ্ঞানিকে গছজোপাৰ গুৰি খান্দি গছডালৰ শিপা বিশেষ প্ৰযুক্তিৰ দ্বাৰা চিনাক্ত কৰি গছডালৰ বয়স নিৰ্ধাৰণ কৰিছিল৷ সেই মৰ্মে গছজোপাৰ সম্প্ৰতি বয়স ১১৭ বছৰ! কাজিৰঙাৰ এই গছজোপাৰ তথ্য বা ফটো কাজিৰঙাবাসীৰ হাতত নাথাকিলেও , এই অতিথিশালালৈ অহা ভাৰতৰ প্ৰাক্তন ৰাষ্ট্ৰপতি,প্ৰখ্যাত অভিনেতা,শিল্পীৰ হাতত,ভাৰতৰ পক্ষী মানৱ ছেলিম আলি,প্ৰকৃতিপ্ৰেমী ৰবীন বেনাৰ্জী,বহু বিদেশী পৰ্যটকৰ হাতত এই গছজোপাৰ তথ্য-ফটো সংৰক্ষণ হৈ আছিল৷ আৰাম্ভনিতে এই বৃহৎ গছজোপাৰ তলতে পৰ্যটকসকল জিৰাইছিল, আড্ডা মাৰিছিল,জুই ফুৱাইছিল৷ যদিও পিছত গছজোপাৰ স্বাৰ্থত সেই জুই ফুৱা কাৰ্য বনানি কতৃপক্ষই বাতিল কৰে৷ প্ৰায় দুশ বৰ্গ মিটাৰ জুৰি এই গছৰ শাখা-প্ৰশাখাই হাত মেলি থিয় হৈ আছে৷ যিডাল গছৰ গুটি খাবলৈ আজিও বিভিন্ন চৰাই-চিৰিকতিৰ পৰা ধৰি বিভিন্ন প্ৰাণীৰ আগমন ঘটে৷ বৰ বা বটগছৰ ইংৰাজী নাম Indian banayan , আমাৰ দেশৰ ই জাতীয় গছ৷ উপযুক্ত পৰিবেশত কাজিৰঙাৰ এই প্ৰাচীন গছজোপাক আমি কাজিৰঙাবাসীয়ে ৫০০ৰ পৰা ৬০০ বছৰ জীয়াই ৰাখিব পাৰিম৷ সম্প্ৰতি কাজিৰঙাত প্ৰতিদিনে গাড়ী,মটৰৰ সংখ্যা বৃদ্ধি পাইছে৷ কাজিৰঙাৰ আবাল বৃদ্ধ, বনিতা,শিশুৰ উশাহ লওঁতে প্ৰতিবাৰতে গড়ে প্ৰায় ৬০০০০ ধূলিকণা নাকেৰে সোমাই ,হাওঁফাওঁ পৰ্যন্ত ক্ষতি কৰে৷ পিছে এই বৃহৎ গছজোপাই এই ধূলিকণা সমূহ শোষণ কৰাৰ লগতে জলবায়ুত বাঢ়ি অহা কাৰ্বন ডাই অক্সাইড শোষণ কৰি বনানি অতিথিশালাৰ চৌহদকে ধৰি কাজিৰঙাৰ অঞ্চলৰ পৰিবেশ সুৰক্ষাত এক মহৎ ভূমিকা লৈ আহিছে৷ এনেধৰণৰ বৃক্ষক ভাৰতবৰ্ষত শিৱ আৰু বিষ্ণু দেৱতাৰ অংগ হিচাপে পবিত্ৰ জ্ঞান কৰা হয়৷ কাজিৰঙাৰ ঐতিহ্য বহন কৰা এনে প্ৰাচীন বৃক্ষসমূহক চিনাক্ত কৰি সংৰক্ষণ কৰিব পৰা গ’লে,ইও হৈ পৰিব পৰ্যটকৰ বাবে আন এক আকৰ্ষণ৷ যিসময়ত বাট-পথ বহল কৰাৰ নামত বা মানুহে গছৰ শিপাই ঘৰক ক্ষতি কৰাৰ আশংকাত জধে মধে গছ কটা কৰ্মত লিপ্ত হৈছে৷ সেইসময়ত গছজোপাৰ নিচেই কাষতে বনানিৰ অতিথিশালাৰ অট্টালিকাক অকণো ক্ষতি নকৰাকৈ যি ধৰণে বনানিৰ কৰ্মীসকলে গছজোপা নাকাটি সংৰক্ষণ কৰিছে ,ই সমাজৰ বাবে নিতান্তই ভাল খবৰ৷

এক খড়্গযুক্ত গঁড় যিদৰে কাজিৰঙাৰ আকৰ্ষণ, সেইদৰে আন এক আকৰ্ষণ হিচাপে চিহ্নিত হৈছে কাজিৰঙাৰ কঁহৰাত অৱস্হিত অসম পৰ্যটন বিভাগৰ অতিথিশালা বনানি চৌহদৰ এজোপা প্ৰাচীন বৃহৎ বৰগছ৷১৯৩৮ চনতে প্ৰতিষ্ঠা হোৱা বনানিৰ অতিথিশালাৰ বহু আগৰে পৰা কাজিৰঙাৰ বহু উথ্বানৰ নীৰৱ সাক্ষীহৈ থিয় হৈ আছে এই বটবৃক্ষজোপা৷ আজি প্ৰায় আঢ়ৈ কুৰি বছৰৰ আগতেই কাজিৰঙা বনবিভাগৰ চি আৰ চক্ৰৱৰ্তী নামৰ বনবিষয়াৰ সৈতে মালেছিয়াৰ পৰা অহা এজন বৈজ্ঞানিকে গছজোপাৰ গুৰি খান্দি গছডালৰ শিপা বিশেষ প্ৰযুক্তিৰ দ্বাৰা চিনাক্ত কৰি গছডালৰ বয়স নিৰ্ধাৰণ কৰিছিল৷ সেই মৰ্মে গছজোপাৰ সম্প্ৰতি বয়স ১১৭ বছৰ! কাজিৰঙাৰ এই গছজোপাৰ তথ্য বা ফটো কাজিৰঙাবাসীৰ হাতত নাথাকিলেও , এই অতিথিশালালৈ অহা ভাৰতৰ প্ৰাক্তন ৰাষ্ট্ৰপতি, প্ৰখ্যাত অভিনেতা, শিল্পীৰ হাতত,ভাৰতৰ পক্ষী মানৱ ছেলিম আলি,প্ৰকৃতিপ্ৰেমী ৰবীন বেনাৰ্জী,বহু বিদেশী পৰ্যটকৰ হাতত এই গছজোপাৰ তথ্য-ফটো সংৰক্ষণ হৈ আছিল৷ আৰাম্ভনিতে এই বৃহৎ গছজোপাৰ তলতে পৰ্যটকসকল জিৰাইছিল, আড্ডা মাৰিছিল,জুই ফুৱাইছিল৷ যদিও পিছত গছজোপাৰ স্বাৰ্থত সেই জুই ফুৱা কাৰ্য বনানি কতৃপক্ষই বাতিল কৰে৷ প্ৰায় দুশ বৰ্গ মিটাৰ জুৰি এই গছৰ শাখা-প্ৰশাখাই হাত মেলি থিয় হৈ আছে৷ যিডাল গছৰ গুটি খাবলৈ আজিও বিভিন্ন চৰাই-চিৰিকতিৰ পৰা ধৰি বিভিন্ন প্ৰাণীৰ আগমন ঘটে৷ বৰ বা বটগছৰ ইংৰাজী নাম Indian banyan , আমাৰ দেশৰ ই জাতীয় গছ৷ উপযুক্ত পৰিবেশত কাজিৰঙাৰ এই প্ৰাচীন গছজোপাক আমি কাজিৰঙাবাসীয়ে ৫০০ৰ পৰা ৬০০ বছৰ জীয়াই ৰাখিব পাৰিম৷ সম্প্ৰতি কাজিৰঙাত প্ৰতিদিনে গাড়ী,মটৰৰ সংখ্যা বৃদ্ধি পাইছে৷ কাজিৰঙাৰ আবাল বৃদ্ধ, বনিতা,শিশুৰ উশাহ লওঁতে প্ৰতিবাৰতে গড়ে প্ৰায় ৬০০০০ ধূলিকণা নাকেৰে সোমাই , হাওঁফাওঁ পৰ্যন্ত ক্ষতি কৰে৷ পিছে এই বৃহৎ গছজোপাই এই ধূলিকণা সমূহ শোষণ কৰাৰ লগতে জলবায়ুত বাঢ়ি অহা কাৰ্বন ডাই অক্সাইড শোষণ কৰি বনানি অতিথিশালাৰ চৌহদকে ধৰি কাজিৰঙাৰ অঞ্চলৰ পৰিবেশ সুৰক্ষাত এক মহৎ ভূমিকা লৈ আহিছে৷ এনেধৰণৰ বৃক্ষক ভাৰতবৰ্ষত শিৱ আৰু বিষ্ণু দেৱতাৰ অংগ হিচাপে পবিত্ৰ জ্ঞান কৰা হয়৷ কাজিৰঙাৰ ঐতিহ্য বহন কৰা এনে প্ৰাচীন বৃক্ষসমূহক চিনাক্ত কৰি সংৰক্ষণ কৰিব পৰা গ’লে, ইও হৈ পৰিব পৰ্যটকৰ বাবে আন এক আকৰ্ষণ৷ যিসময়ত বাট-পথ বহল কৰাৰ নামত বা মানুহে গছৰ শিপাই ঘৰক ক্ষতি কৰাৰ আশংকাত জধে মধে গছ কটা কৰ্মত লিপ্ত হৈছে৷ সেইসময়ত গছজোপাৰ নিচেই কাষতে বনানিৰ অতিথিশালাৰ অট্টালিকাক অকণো ক্ষতি নকৰাকৈ যি ধৰণে বনানিৰ কৰ্মীসকলে গছজোপা নাকাটি সংৰক্ষণ কৰিছে ,ই সমাজৰ বাবে নিতান্তই ভাল খবৰ৷

Leave a Reply

Your email address will not be published. Required fields are marked *