বোকাখাতত শ্ৰমিকৰ কল্যাণমূলক আচঁনিসমূহৰ সজাগতা সভাঃ। বোকাখাতত নিৰ্মাণ হব ১৬ কোটি টকীয়া অৰ্কিড পার্ক।

বোকাখাতৰ পৰা পলিমা চেতিয়া বসুমতাৰী ,২১ ছেপ্তেম্বৰঃ অসম চৰকাৰৰ শ্ৰমিক কল্যাণ বিভাগৰ উদ্যোগত আৰু বোকাখাত মহকুমা প্ৰশাসনৰ সহযোগত আজি বোকাখাতৰ নাট্যমন্দিৰত শ্ৰম কল্যাণ বিভাগে শ্ৰমিকৰ বাবে হাতত লোৱা বিভিন্ন কল্যাণমূলক আচঁনিসমূহৰ এখনি সজাগতা সভা অনুষ্ঠিত কৰেে । আজিৰ এই সজাগতা সভাত উপস্থিত থকা অসম গৃহ আৰু অন্যান্য নিৰ্মাণ শ্ৰমিক (নিয়োগ আৰু সেৱা চৰ্ত) আইন ১৯৯৬ ৰ অধীনৰ শ্ৰমিক, অসংগঠিত শ্ৰমিক সুৰক্ষা আইন ২০০৮ ৰ অধীনৰ শ্ৰমিক, প্ৰধানমন্ত্ৰী লঘু মানধন যোজনাৰ শ্ৰমিক আৰু প্ৰধানমন্ত্ৰী শ্ৰমযোগী মানধন যোজনাৰ শ্ৰমিকসকলৰ পঞ্জীয়নো কৰা হয় । সভাত বিশিষ্ট অতিথি হিচাপে উপস্থিত থাকি অসম চৰকাৰৰ কৃষি ও পশুপালন আদি বিভাগৰ মন্ত্ৰী অতুল বৰাই উপস্থিত সকলােকে চৰকাৰী বিভিন্ন বিভাগৰ আচঁনিসমূহৰ বিষয়ে সবিশেষ তথ্য আহৰণ কৰাৰ লগতে নিবনুৱা যুৱক-যুৱতীসকলক আচঁনিসমূহৰ জৰিয়তে স্বাৱলম্বী হ’বলৈয়ো পৰামৰ্শ দিয়ে। মন্ত্ৰীগৰাকীয়ে বোকাখাতত প্ৰায় ১৬ কোটি টকাৰ ব্যয় সাপেক্ষে এখনি আৰ্কিড পাৰ্ক নিৰ্মাণৰ পৰিকল্পনাৰ বিষয়েও উল্লেখ কৰে । উল্লেখযোগ্য যে, আজিৰ এই সজাগতা সভাতে কৃষি ও পশুপালন আদি বিভাগৰ মন্ত্ৰী অতুল বৰাই হিতাধিকাৰীৰ চিকিৎসা সাহাৰ্যৰ অধীনত এজনক, মৃত্যুত আৰ্থিক সাহায্যৰ অধীনত তিনিজনক তথা কৃৃৃৃত্ৰিম ৰোগৰ এককালীন চিকিৎসা সাহায্যৰ অধীনত তিনিজনলৈ চেক বিতৰন কৰে । ইয়াৰ উপৰিও মন্ত্ৰী গৰাকীয়ে দশম আৰু দ্বাদশ শ্ৰেণীৰ মেধা সম্পন্ন ল’ৰা-ছোৱালীক এককালীন নগদ বঁটাৰ অধীনত ৭৫ শতাংশতকৈ অধিক নম্বৰপ্ৰাপ্ত ৩ জনক ৫০০০ টকাৰ, ৬৫ শতাংশৰ পৰা ৭৫ শতাংশৰ ভিতৰত নম্বৰপ্ৰাপ্ত ১ জনক ৪০০০ টকা আৰু ৫৫ শতাংশৰ পৰা ৬৫ শতাংশৰ ভিতৰত নম্বৰপ্ৰাপ্ত ৩ জনক ৩৫০০ টকাৰ চেক প্ৰদান কৰে । সভাত অসম চৰকাৰৰ শ্ৰম বিভাগৰ আয়ুক্ত নাৰায়ন কোৱঁৰ, উপায়ুক্ত অনুসূয়া দত্ত বৰুৱা, বোকাখাত মহকুমাৰ মহকুমাধিপতি বিবেক শ্যাম, সহকাৰী শ্ৰম আয়ুক্ত এ.কে দাস, সদৌ অসম সাংবাদিক সন্থাৰ সভাপতি জিতু শৰ্মা ৰাজখোৱাৰ লগতে বিশিষ্ট ব্যক্তিসকল উপস্থিত থাকে।

Leave a Reply

Your email address will not be published. Required fields are marked *