স্বচ্ছ ভাৰতৰ পাঁচ বছৰীয়া বৰ্ষপূৰ্তি

Image Source: Internet

বাস্তৱসন্মত পদক্ষেপৰ বিপৰীতে কেৱল বিজ্ঞাপনে পূৰণ কৰিব নোৱাৰে গান্ধীজীৰ স্বচ্ছ ভাৰতৰ সপোন

২০১৪ চনৰ ২ অক্টোবৰৰ গান্ধী জয়ন্তীৰ দিনটো আছিল ভাৰতবৰ্ষৰ ইতিহাসৰ এক গুৰুত্বপূৰ্ণ দিন। দ্ৰুতগতিত সাৰ্বজনীন অনাময় ব্যৱস্থাক আওঁতালৈ অনা তথা ব্যক্তিগত অনাময় ব্যৱস্থাৰ আৱশ্যকতা আৰু দেশখনক চাফ-চিকুণ কৰি ৰখাৰ প্ৰয়োজনীয়তাৰ প্ৰতি মানুহক সচেতন কৰি তোলাৰ উদ্দেশ্যত এই দিনটোতে আৰম্ভ কৰা হয় স্বচ্ছ ভাৰত অভিযানৰ। কেৱল স্বাধীনেই নহয়, লগতে এখন পৰিস্কাৰ আৰু উন্নত ভাৰতৰ মহাত্মা গান্ধীয়ে দেখা সপোনক সাকাৰ ৰূপ দিবলৈ ভাৰতৰ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডীয়ে স্বচ্ছ ভাৰত অভিযানৰ শুভাৰম্ভণি কৰে। স্বচ্ছতাৰ ক্ষেত্ৰত পদক্ষেপ দেশৰ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডীয়েই যে প্ৰথমবাৰৰ বাবে লৈছে এনে নহয়। ইতিপূৰ্বে ১৯৮৬ চনতে স্বচ্ছতাৰ প্ৰথম পদক্ষেপ হিচাপে কেন্দ্ৰীয় গ্ৰাম অনাময় ব্যৱস্থা নামাকৰণেৰে এক আঁচনি মুকলি কৰা হৈছিল। এই আঁচনিৰ জৰিয়তে অনাময়ৰ সজাগতা প্ৰভাৱশালী কৰিবলৈ ১৯৯৯ চনত সম্পূৰ্ণ অনাময় প্ৰচাৰ আঁচনি মুকলি কৰা হয়। আনকি, অনাময় আঁচনিৰ ফলপ্ৰসূ ফলাফলৰ হেতু ২০০৩ চনৰ পৰা নিৰ্মল গ্ৰাম পুৰস্কাৰৰ ব্যৱস্থাও কৰা হয়। ২০১২ চনত সম্পূৰ্ণ অনাময় প্ৰচাৰ আঁচনিকে নিৰ্মল ভাৰত অভিযান নামে পুনৰ নামাকৰণ কৰা হয়। অৱশেষত স্বচ্ছতাৰ এই আঁচনিয়েই ২০১৪ চনত ‘স্বচ্ছ ভাৰত অভিযান’ নামেৰে বহুল প্ৰসাৰতা লাভ কৰে। পূৰ্বৰ নিৰ্মল ভাৰত অভিযানৰেই অন্য এক ৰূপ স্বচ্ছ ভাৰত অভিযানক লৈ দেশৰ প্ৰতিগৰাকী মানুহে গৌৰৱ অনুভৱ নাই কৰা বুলি ক’ব নোৱাৰি। এখন স্বচ্ছ ভাৰত গঢ় দি ২০১৯ চনত হ’বলগীয়া মহামানৱ মহাত্মা গান্ধীৰ ১৫০ সংখ্যক জন্ম বাৰ্ষিকীত তেখেতৰ প্ৰতি উপযুক্ত শ্ৰদ্ধাঞ্জলি জনোৱাৰ চিন্তা কৰা হৈছিল এই আঁচনিৰ যোগেদি। কিন্তু, অতি পৰিতাপৰ বিষয় যে মহাত্মা গান্ধীয়ে দেখা সপোনৰ দৰে ভাৰতবৰ্ষই সঁচা অৰ্থত স্বাধীনতাও লাভ নকৰিলে তথা পৰিস্কাৰ আৰু উন্নত দেশ হিচাপেও প্ৰতিষ্ঠিত নহ’ল।

মহাত্মা গান্ধীৰ নেতৃত্বত চলা ভাৰতবৰ্ষৰ স্বাধীনতা আন্দোলন নিঃসন্দেহে এক গৌৰৱময় অধ্যায় আছিল, যদিও প্ৰকৃতাৰ্থত স্বাধীনতাৰ নামত বগা চাহাবৰ হাতৰ পৰা ক’লা চাহাবলৈ ক্ষমতাৰহে হস্তান্তৰ কৰা হ’ল। কোনো বৈপ্লৱিক চেতনা নথকা এই আন্দোলনৰ বাবেই স্বাধীনতাৰ সোৱাদৰ নামত দৰিদ্ৰ ভাৰতবাসীয়ে লাভ কৰিলে কেৱল শোষণ-দমনেৰে জৰ্জৰিত পুঁজিবাদী সমাজ এখন। সামন্ততান্ত্ৰিক দেশ ভাৰতৰ জনতা স্বাধীন নাগৰিক হিচাপে কেৱল লুণ্ঠনৰ প্ৰতীকৰ ৰূপত উদ্ভাসিত হৈ থাকিল। ভাৰতবাসীয়ে ক্ষমতা লাভৰ সাত দশকৰ পাছতো সাধাৰণ জনতাই ভাত মুঠিৰ বাবে চৰকাৰৰ মুখলৈ চাবলগীয়া হৈ আছে। দুবেলা দুমুঠি খাদ্যৰ বাবে খাটিখোৱা জনতাই হাহাকাৰ কৰাৰ বিপৰীতে মহাত্মা গান্ধীৰ সপোন পূৰণ কৰিবলৈ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডীয়ে হাজাৰ কোটি খৰচ কৰিছে চাফাইৰ বিজ্ঞাপনৰ নামত। বিজ্ঞাপনৰ সলনি চাফাই কৰ্মত যদি এই বৃহৎ পৰিমাণৰ ধনৰ এটা অংশও খৰচ কৰাহেতেন মহাত্মা গান্ধীয়ে দেখা সপোনৰ বাস্তৱ ভিত্তি নিশ্চয় থাকিলহেতেন। কিন্তু, মোডী বাহিনীয়ে স্বচ্ছ ভাৰতৰ নামত যি নাটক আৰম্ভ কৰিছে, সেই নাটকে ভাৰত চাফা নকৰিলেও জীৱনত কেতিয়াও ঝাড়ু ধৰি নোপোৱাসকলকো যে ঝাড়ু ধৰাৰ এটা সুবিধা দিছে সেয়া নুই কৰিব নোৱাৰি। কিন্তু, অতি পৰিতাপৰ কথা, এই আঁচনিত চাফাই কৰ্মীৰ সুৰক্ষা সম্বন্ধীয় নাই কোনো বাস্তৱ সন্মত ব্যৱস্থা। অসুৰক্ষিত ভাৱে মল-মূত্ৰ পৰিস্কাৰ কৰোতে কিমান গৰাকী হৰিজনে অকালতে প্ৰাণ এৰিছে তাৰো কোনোধৰণৰ খতিয়ান নাই চৰকাৰী ঘৰত। বিশ্বায়নৰ ধামখুমীয়াত তথা মোডী বাহিনীৰ দৌৰাত্মত এচাম লোকৰ বাবে টি ভি কেমেৰাৰ সন্মুখত হাতত ঝাড়ু লৈ প’জ দিয়াটো আভিজাত্যৰ প্ৰতীক হোৱাৰ বিপৰীতে প্ৰকৃত চাফাই কৰ্মীসকল হেৰাই গৈছে। ফলস্বৰূপেই জীৱন-যাপনৰ মান উন্নত কৰাৰ অন্যতম লক্ষ্য সন্মুখত ৰাখি আৰম্ভ কৰা স্বচ্ছ ভাৰত অভিযান সুদীৰ্ঘ পাঁচটা বছৰৰ পাছতো মহাত্মা গান্ধীৰ সপোনৰ স্বচ্ছ ভাৰত সম্প্ৰতি অশ্বডিম্বলৈ পৰিণত হৈছে।

ভাৰতৰ অন্যান্য ৰাজ্যৰ তুলনাত অসমত স্বচ্ছতা কাগজে-কলমে চলি থকা বুলি ক’লেও ভুল কোৱা নহ’ব। কাৰণ, ব্যক্তিৰ মন-মগজুত এক সুদূৰপ্ৰসাৰী প্ৰভাৱ পেলোৱা স্বচ্ছতাৰ প্ৰসংগত ন্যায়ালয়েই হওক অথবা চৰকাৰী কাৰ্যালয়েই হওক একাংশ সদায়েই পিছ পৰি আছে। চাহ বাগিচাৰ ক্ষেত্ৰত ই অধিক প্ৰাসংগিক। বৃটিছৰ দিনতে অসমলৈ আগমণ ঘটা এই আদিবাসী মানুহবোৰক লৈ চৰকাৰী পক্ষ সদায়েই উদাসীন। শোষণৰ ভৰত কোঙা হোৱা চাহ বাগিচাত মজদূৰী কৰা এই দৰিদ্ৰ লোক সকলৰ বেছি ভাগেই আজিও নিজে পাত তোলা চাহ বাগিচাখনতে পায়খানা কৰে। ইয়াৰ কেইবাটাও কাৰণ আছে। বাগিচা অঞ্চলবোৰত উপযুক্ত শিক্ষা প্ৰদানত চৰকাৰী কৃপণালি, পাৰিশ্ৰমিকৰ নামত মালিক পক্ষৰ শোষণ, খাটিখোৱা শ্ৰমিক সকলক অশিক্ষিত-দৰিদ্ৰ কৰি ৰাখি ভোটবেংক হিচাপে ব্যৱহাৰ কৰাৰ ৰাজনীতি, চাহ বাগিচাৰ ভূমি একচনীয়া হৈ থকাৰ অজুহাতত চৰকাৰী সা-সুবিধাৰ পৰা বঞ্চিত কৰা আদিৰ বাবেই নিৰ্বাচনৰ সময়ত নিৰ্ণায়কৰ ভূমিকা লোৱা স্বত্বেও চাহ বাগিচাৰ লোকসকলে প্ৰকৃতাৰ্থত তৃতীয় শ্ৰেণীৰ নাগৰিক হিচাপেহে জীৱন ধাৰণ কৰিব লগা হয়। চৰকাৰী উদাসীনতাৰ বাবেই ভাৰতৰ হাতলৈ ক্ষমতা অহাৰ সাত দশকৰ পাছতো এই লোকসকলৰ অধিকাংশক স্বচ্ছতাৰ সংজ্ঞাৰ পৰা আঁতৰাই ৰখা হৈছে। পৰিৱেশ সুৰক্ষিত কৰি ব্যক্তিৰ সু-স্বাস্থ্য নিশ্চিত কৰাৰ বাবে থকা স্বচ্ছতাৰ ধাৰণা এইসকল জনতাৰ বাবে মাথো সপোন। উচিত প্ৰাপ্যৰ পৰা বঞ্চিত হৈ আধা পেটীকৈ থকা মানুহৰ মাজত অনাময়ৰ সু-ব্যৱস্থা সম্পৰ্কে সজাগতা বৃদ্ধি কৰা, দৰিদ্ৰ সীমাৰেখাৰ তলৰ পৰিয়ালক ৮০ শতাংশ অৰ্থ সাহাৰ্য প্ৰদান কৰা, কেঁচা শৌচাগাৰ সমূহৰ ঠাইত অনাময় শৌচাগাৰ নিৰ্মাণ কৰা আদি আঁচনিবোৰ কেৱল বিজ্ঞাপনতে সীমাবদ্ধ। যাৰ বাবেই অস্বাস্থ্যকৰ ভাৱে মুক্ত পৰিৱেশত শৌচ কৰা বন্ধ কৰা তথা অনাময়ৰ সু-ব্যৱহাৰৰ অভ্যাস গঢ়ি তোলাৰ স্বচ্ছ ভাৰত আঁচনিৰ যি লক্ষ্য, সেয়া অসম্পূৰ্ণ হৈ ৰৈছে। এই কৰুণ ছবি অসমৰ চাহ জনগোষ্ঠীৰ লোকৰ মাজতেই যে কেৱল আছে এনে নহয়, বৰং প্ৰায় প্ৰতিটো পিছপৰা জাতি-জনগোষ্ঠীৰ মাজতেই এয়া বিৰাজমান। পদূলিয়ে পদূলিয়ে ধৰ্মীয় অনুষ্ঠান নিৰ্মাণ কৰি দৰিদ্ৰ জনতাক বুজাই তুলিবলৈ যত্ন কৰা হয় নেদেখাজনৰ শৰণ অবিহনে জনগণৰ মুক্তি অসম্ভৱ। কিন্তু, সুস্থ বাতাবৰণৰ হেতু ধৰ্মীয় অনুষ্ঠান নিৰ্মাণৰ ধনেৰে অনাময়ৰ ব্যৱস্থা কৰি দিয়া নহয়। ধৰ্মীয় অনুষ্ঠান নিৰ্মাণত আমাৰ আপত্তি নাই, কিন্তু চুবুৰীয়ে চুবুৰীয়ে ধৰ্মীয় অনুষ্ঠান কৰাৰ বিপৰীতে বৃহত্তৰ অঞ্চলৰ মানুহক একত্ৰিত কৰি ৰখাটোহে চৰকাৰৰ কাম হোৱা উচিত। কিন্তু, এটা বৃহত্তৰ অঞ্চলৰ লোক একত্ৰিত হ’লেই চৰকাৰৰ সান্দহ খোৱা বালি তল যোৱাৰ আশংকাত ধৰ্মীয় অনুষ্ঠান নিৰ্মাণ কৰি সহজ-সৰল জনতাৰ মাজত ধৰ্মীয় মেৰু বিভাজনেৰে বছৰ বছৰ ধৰি দৰিদ্ৰ জনতাৰ ওপৰত ৰজাঘৰীয়াই লুণ্ঠনৰ হাতোৰা চলাই গৈছে।

বৰ্তমান পৰ্যন্ত ঘোষিত মুকলি হোৱা স্বচ্ছতাৰ আঁচনিসমূহৰ ভিতৰত আটাইতকৈ ব্যয়বহুল আঁচনি ‘স্বচ্ছ ভাৰত অভিযান’ৰ জৰিয়তে কিছু সংখ্যক এলেকাত চৰকাৰী ভাৱে অনাময় ব্যৱস্থা কৰা হৈছে। এই পদক্ষেপ খুৱেই আদৰণীয় বুলি সকলোৱে আদৰি ল’লেহেতেন যদিহে অনাময় ব্যৱস্থা সঠিক ভাৱে ৰূপায়িত কৰা হ’লহেতেন। প্ৰতিটো দৰিদ্ৰ পৰিয়ালক চূড়ান্তভাৱে উপহাস কৰি অনাময়ৰ পকীবেৰ এনেদৰে নিৰ্মাণ কৰা হৈছে যিবোৰ যিকোনো সময়তে খহি পৰাৰ সম্ভাৱনা আছে। য’ত বহি শৌচ কৰিবলৈ ভয়ত কম্পমান হ’বলগীয়া সাধাৰণ জনতা। য’ত বিশুদ্ধ পানীৰ নাই কোনো ধৰণৰ ব্যৱস্থা। এই ধৰণৰ আঁচনি যে নিজস্ব স্তাৱক বাহিনী, ঠিকাদাৰ আৰু চৰকাৰী পক্ষক লাভৱান কৰাৰ বাবেই ৰূপায়ণ কৰা হৈছে সেয়া সহজেই বুজিব পাৰি। এখন নিকা পাৰিপাৰ্শ্বিক পৰিৱেশৰ দেশৰ পৰিচয় দিবলৈ স্বচ্ছ ভাৰত অভিযান অত্যন্ত প্ৰাসংগিক হ’লেও আন কিছুমান গুৰুত্বপূৰ্ণ বিষয় সন্নিৱিষ্ট কৰা হৈছে। য’তে-ত’তে জাৱৰ জোথৰ পেলোৱা, থু-খেকাৰ পেলোৱা, নিৰ্বিচাৰ ভাৱে শৌচ-প্ৰস্ৰাৱ কৰা আদি কাৰ্যই পৰিৱেশৰ ওপৰত বিৰূপ প্ৰভাৱ পেলায়। ইয়াক নিৰ্মূল কৰিবলৈ চৰকাৰী ভাৱে বিভিন্ন কাৰ্যপন্থা ল’লেও জন সমাজ স্বচ্ছতাৰ দিশে আগুৱাই যোৱাত সক্ষম হোৱা নাই। ভাৰতৰ দৰে ১৩০ কোটি জনবসতি থকা এখন দেশৰ সৰহ সংখ্যক জনতা দৰিদ্ৰ সীমা ৰেখাৰ তলত বসবাস কৰে। দৰিদ্ৰ জনতাই নিজৰ পেটৰ ভোক গুচাবৰ বাবে যিমান দূৰ সম্ভৱ কষ্ট স্বীকাৰ কৰে। দৰিদ্ৰতাৰ স’তে যুঁজ দি থকাৰ পাছতো সাধাৰণ জনতাই স্বচ্ছতাৰ প্ৰতি দায়বদ্ধ থাকিবৰ অহৰহ প্ৰচেষ্টা কৰাৰ লগতে সময় নিয়োজিত কৰে। কিন্তু, যি সকলে স্বচ্ছতাৰ নাটক কৰে সেই সকলে কিমান স্বচ্ছতা বিচাৰে। অ-বিজ্ঞানসন্মত ভাৱে নিৰ্মাণ কৰা বৃহৎ কল-কাৰখানাৰ পৰা নিৰ্গত হোৱা ধোঁৱা-আৱৰ্জনাই সমগ্ৰ পৰিৱেশ কলুষিত কৰিছে। বন ধ্বংস কৰি যধে-মধে কৰা তথাকথিত উন্নয়ন, ৰাষ্ট্ৰৰ প্ৰগতিৰ পথ মুকলি কৰাৰ নামত মধ্যবিত্ত শ্ৰেণীৰ অবিজ্ঞানসন্মত চিন্তা, দৰিদ্ৰ জনতাৰ অৰ্থনৈতিক দিশৰ ওপৰত অত্যধিক চাপ, হকে-বিহকে পূজা-পাতল কৰি ৰাসায়নিক ৰং থকা মূৰ্তি নদীত বিসৰ্জন দিয়া, বৃহৎ পুঁজিপতি গোষ্ঠীক সহযোগ কৰাৰ স্বাৰ্থত প্লাষ্টিক উদ্যোগত নাকী লগোৱাৰ ক্ষেত্ৰত চৰকাৰী অপাৰগতা আদি বিভিন্ন কাৰকবোৰৰ বিপৰীতে চৰকাৰে কঠোৰ স্থিতি গ্ৰহণ কৰিব লাগিব। তদুপৰি, স্বচ্ছতাৰ বিজ্ঞাপনৰ নামত কোটি কোটি টকা শৰাধ কৰাৰ বিপৰীতে ভোকত থাকিব লগীয়া হোৱা দৰিদ্ৰ জনতাক অৰ্থনৈতিকভাৱে স্বাৱলম্বী কৰাৰ পদক্ষেপ গ্ৰহণ কৰিব লাগিব। তেতিয়াহে শংকামুক্ত হৈ দৰিদ্ৰ জনতাই প্ৰকৃত স্বাধীনতাৰ সোৱাদ পাব আৰু টি ভি কেমেৰা মাতি ঝাড়ু ধৰা সকল নাথাকিলেও জনতাই দেশ চাফা কৰিব। এই বাস্তৱসন্মত পদক্ষেপৰ বিপৰীতে যদি কেৱল বিজ্ঞাপনেই প্ৰচাৰ কৰি থাকে তেন্তে কেতিয়াও গান্ধীজীৰ স্বচ্ছ ভাৰতৰ সপোন পূৰণ নহয়।

ধ্ৰুৱজ্যোতি সাহা, কাজিৰঙা
দূৰভাষঃ ৯১০১৩০২৩৩১

Leave a Reply

Your email address will not be published. Required fields are marked *