নেটৱৰ্ক মাৰ্কেটিং বা ডাইৰেক্ট ছেলিং । আৰ্থিক স্বাৱলম্বিতা, আৰ্থিক স্বাধীনতাৰ দিশে আশাৰ বতৰা

বিতোপন মাজি
“কিছুদিনৰ আগৰ কথা ব্যৱসায় সম্পৰ্কত এজন ভাইটিৰ স’তে কথা পাতি আছিলো ৷ সুধিলে, নেটৱৰ্ক মাৰ্কেটিং আপুনি কিয় কৰিছে ? ক’লো- পৰোক্ষ আয়ৰ বাবে… পেছিভ ইনকাম ৷ পুনৰ সুধিলে সেইটো কেনেকুৱা ইনকাম ? মই ওলোটাই সুধিলো, এক্টিভ ইনকাম মানে বুজি পোৱা… প্ৰত্যক্ষ আয় ?”

হয়, ওপৰোক্ত কথোপকথনৰ কিয়দংশৰ প্ৰত্যক্ষ আয় আৰু পৰোক্ষ আয়ৰ বিষয়ে বহুতেই নাজানে আৰু ময়ো জনা নাছিলো এয়া অপ্ৰিয় হ’লেও সঁচা ৷ যেতিয়াৰ পৰাই “নেটৱৰ্ক মাৰ্কেটিং” শীৰ্ষক বিশ্বজুৰি খলকনি তোলা উদ্যোগটোৰ স’তে জড়িত হ’লো এনে কিছু শব্দৰ স’তে পৰিচয় হ’লো ৷ এই লিখনিৰ জৰিয়তে আৰ্থিক ভাৱে স্বাৱলম্বী  তথা আৰ্থিক স্বাধীনতা লাভ কৰিব বিচৰা সকলক নেটৱৰ্ক মাৰ্কেটিং আৰু ইয়াৰ লাভালাভ তথা এই উদ্যোগটোৰ ভৱিষ্যত সম্পৰ্কত কিছু আভাস দিয়াৰ প্ৰচেষ্টা কৰা হৈছে ৷

নেটৱৰ্কঃ নেটৱৰ্ক মানে সংযুক্ত হোৱা বা সংযুক্ত হৈ থকা ৷ সাধাৰণতেই নেটৱৰ্ক শব্দটোৰ স’তে আমি প্ৰায় সকলোৱেই পৰিচিত ৷ “অমুকৰ নেটৱৰ্ক ভাল দেই”, “তমুকৰ নেটৱৰ্কত তেনে মানুহ পাব পাৰে”, “আজি ম’বাইলৰ নেটৱৰ্ক বেয়া” ইত্যাদি ৷
নেটৱৰ্ক মাৰ্কেটিংঃ
নেটৱৰ্ক মাৰ্কেটিঙক “মাল্টি লেভেল মাৰ্কেটিং”(Multi Level Marketing) চমুকৈ এম এল এম (MLM) বা ডাইৰেক্ট ছেলিং (Direct Selling) বুলি জনা যায় ৷  ই হৈছে একপ্ৰকাৰৰ ব্যৱসায়িক নক্সা (Business Model) যাৰ দ্বাৰা ভিন্ন তৰপত ব্যৱসায়িক সতীৰ্থ সংযুক্ত হৈ স্বাধীনচিতীয়াকৈ প্ৰত্যেকে সীমিত বিক্ৰীৰ দ্বাৰা এক বৃহৎ Turn Over কৰিব পাৰে আৰু পৰ্যায় ক্ৰমে আয় বৃদ্ধি কৰি উপাৰ্জনৰ অসীম সম্ভাৱনীয়তাৰ দিশে আগবাঢ়িব পাৰে ৷ 
নেটৱৰ্ক মাৰ্কেটিং হৈছে পৰম্পৰাগত বিক্ৰী পদ্ধতি ( Traditional Marketing System) ৰ বিপৰীত পদ্ধতি ৷ পৰম্পৰাগত বিক্ৰী পদ্ধতি হৈছে – সাধাৰণতে কোম্পানীৰ কাৰখানাৰ পৰা উৎপাদিত কোনো এক উৎপাদিত সামগ্ৰী আমি গ্ৰাহকে খুচুৰা বিক্ৰেতাৰ পৰা ক্ৰয় কৰো ৷ এই সামগ্ৰী কোম্পানীৰ পৰা এক বিতৰণ পদ্ধতিৰ মাজেৰে খুচুৰা বিক্ৰেতাৰ হাতেৰে গ্ৰাহকলৈ আহে ৷ য’ত বিতৰণ আৰু বিজ্ঞাপনত এক বৃহৎ অংকৰ ধন খৰছ হয় আৰু গ্ৰাহকে সেই ধনৰ একাংশ সামগ্ৰী ক্ৰয় কৰাৰ সময়ত আদায় দিব লগা হয় ৷ বিপৰীতে নেটৱৰ্ক মাৰ্কেটিঙত কোনো কোম্পানীৰ উৎপাদিত সামগ্ৰী বিক্ৰীৰ বাবে কোম্পানীয়ে সেই সামগ্ৰী বিতৰণৰ বাবে কোনোধৰণৰ বিতৰণ শৃংখল ব্যৱস্থা কৰাৰ বিপৰীতে প্ৰত্যক্ষ ভাৱে সেয়া গ্ৰাহকৰ হাতত তুলি দিয়ে আৰু গ্ৰাহকক পুনৰ নতুন নতুন গ্ৰাহকক বিতৰণ কৰাৰ সুবিধা দিয়ে ৷ অৰ্থাৎ গ্ৰাহকে সেই সামগ্ৰী কোম্পানীৰ পৰা প্ৰত্যক্ষভাৱে ক্ৰয় কৰি ব্যৱহাৰ কৰাৰ উপৰি নিজে খুচুৰা বিক্ৰী কৰাৰ লগতে পুনৰ বিভিন্ন জনক সেয়া বিতৰণ কৰাৰ স্বত্ব দিব পাৰে ৷ পুনৰ সেই নতুন গ্ৰাহক কেইজনে একেধৰণে সেই পদ্ধতিত বেলেগ বেলেগ গ্ৰাহকক সেই সামগ্ৰী বিতৰণৰ স্বত্ব প্ৰদান কৰে ৷ আৰু নেটৱৰ্ক মাৰ্কেটিং কোম্পানী বা ডাইৰেক্ট ছেলিং কোম্পানীয়ে পূৰ্বৰ পৰম্পৰাগত বিক্ৰী পদ্ধতিত বিতৰণ আৰু বিজ্ঞাপনৰ বাবে গ্ৰাহকে আদায় দিব লগা হোৱা ধন তথা বিজনেছ ম’ডেল অনুযায়ী লাভাংশ গ্ৰাহকক প্ৰদান কৰে ৷


নেটৱৰ্ক মাৰ্কেটিং কিয়ঃ
সম্প্ৰতি নেটৱৰ্ক মাৰ্কেটিং বিশ্বজুৰি এই শতিকাৰ এক জনপ্ৰিয় প্ৰফেশ্বন হৈ পৰিছে ৷ হয়, তলত উল্লেখ কৰা কাৰণ সমূহ ভালকৈ অধ্যয়ণ কৰিলে আপুনিও হয়তু কোনো কোম্পানীৰ স’তে জড়িত হৈ নেটৱৰ্ক মাৰ্কেটিং আৰম্ভ কৰাৰ এক কাৰণ বিচাৰি পাব পাৰে ৷
১) নিম্নতম বিনিয়োগ

২) আজৰি সময়ত ( Unproductive Time ) কৰিব পাৰি

৩) অসীম আয় ( Unlimited Income) ৰ সম্ভাৱনা

৪) কোনো Boss নাই

৫) কোনো নিৰ্ধাৰিত টাৰ্গেট নাই ৷ ইচ্ছা অনুযায়ী নিজ টাৰ্গেট নিজে নিৰ্ধাৰণ কৰিব পাৰে ৷

৬) দ্বিতীয় আয় ( Second source or Extra income )

৭) আৰ্থিক স্বাধীনতা (Financial Freedom)

৮) সময়ৰ স্বাধীনতা (Time Freedom )

৯) স্ব নিয়োগ (Self Employment)

১০) ব্যক্তিত্ব বিকাশ (Personality Development)

১১) কাৰ্যালয়, বিপনন কেন্দ্ৰ খোলাৰ প্ৰয়োজন নাই

১২) আনক সফল হোৱাত সহায় কৰিব পাৰে … ইত্যাদি ৷

Source: Internet

এইখিনিতেই প্ৰশ্ন উত্থাপন হয় যে আপোনাক আৰু অধিক আয়ৰ প্ৰয়োজন ( যদিহে আপুনি আয় কৰি আছে ) আছেনে নাই ? যদিহে প্ৰয়োজন আছে তেন্তে এয়া আপোনাৰ বাবে এক সোণালী সুযোগ ৷ কিয়নো এই নেটৱৰ্ক মাৰ্কেটিঙৰ দ্বাৰা আপুনি পৰোক্ষ আয় বা পেছিভ ইনকাম কৰিব পৰাৰ প্ৰচুৰ সম্ভাৱনীয়তা আছে ৷

চমুকৈ এক্টিভ ইনকাম বা প্ৰত্যক্ষ আয় হ’ল – য’ত আপুনি সময় দিয়ে আৰু তাৰ বিনিময়ত ধন উপাৰ্জন কৰে ৷

আনহাতে, পৰোক্ষ আয় বা পেছিভ ইনকাম হ’ল – য’ত আপুনি কাম কৰি শেষ কৰাৰ পাছতো আপুনি সময় নিদিলেও আপুনি আয় কৰি থাকিব পাৰিব ৷
নেটৱৰ্ক মাৰ্কেটিঙৰ দ্বাৰা কি পাব পাৰেঃ নেটৱৰ্ক মাৰ্কেটিং বা ডাইৰেক্ট ছেলিঙৰ দ্বাৰা আপুনি তিনিটা প্ৰভাৱৰ সুবিধা লাভ কৰিব পাৰে ৷
১) সময়ৰ চক্ৰবৃদ্ধি ( Time Compounding )

২) ধনৰ চক্ৰবৃদ্ধি ( Money Compounding )

৩) আৰ্থিক নিৰাপত্তা (Financial Security )

( পৰৱৰ্তী সময়ত এই বিষয়ে বহলাই লিখিম )
কোনে কি কয়ঃ নেটৱৰ্ক মাৰ্কেটিং বা ডাইৰেক্ট ছেলিং সন্দৰ্ভত বিশ্বৰ বিভিন্ন সফল ব্যক্তিসকলে বিভিন্ন মতামত আগবঢ়াইছে ৷

বিশ্বৰ অন্যতম ধনী ব্যক্তি বিল গেটছে কৈছে –

” If I would be given a chance to start all over again, I will choose Network Marketing.”

ভাৰতৰ প্ৰাক্তন ৰাষ্ট্ৰপতি তথা বিশিষ্ট বিজ্ঞানী প্ৰয়াত ডঃ এ পি জে আব্দুল কালামে কৈছে –

“Network Marketing is the fastest growing business of 21st Century which must be joined by every young man and woman otherwise you can never get the best of your youth age.”

আমেৰিকান সফল ব্যৱসায়ী তথা  “Rich Dad Poor Dad” শীৰ্ষক বিখ্যাত কিতাপৰ লেখক ৰ’বাৰ্ট টি. কিয়’চাকি এ কৈছে –

“The richest people in the world look for and build Networks. Everyone else look for Job.”

প্ৰখ্যাত আমেৰিকান টেলিভিচন হ’ষ্ট, লেখক, প্ৰযোজক ডেভিদ লেটাৰমেনে এবাৰ আমেৰিকাৰ ৰাষ্ট্ৰপতি ড’নাল্ড ট্ৰাম্প – ক সুধিলে –

“What would you do if you lost everything and had to start over from scratch ?”

অকনো অস্বস্তিত নপৰাকৈ ট্ৰাম্পে উত্তৰ দিলে – 

“I would find a good Network Company and get to work.”

ট্ৰাম্পৰ উত্তৰ শুনি দৰ্শকে সেয়া অস্বীকাৰ কৰি চিঞঁৰ মাৰিলে ৷ ট্ৰাম্পে দৰ্শকলৈ বুলি উত্তৰ দিলে –

” That’s why I’m sitting up here and you are all sitting out there.”

আপুনি জানি আচৰিত হ’ব বিশ্বৰ বিভিন্ন অৰ্থনীতিবিদ সকলৰ ম’তে, নেটৱৰ্ক মাৰ্কেটিং বা ডাইৰেক্ট ছেলিং উদ্যোগে বিশ্বৰ অন্যান্য উদ্যোগ সমূহতকৈ বেছি সংখ্যক লোকক কোটিপতি বনাইছে

Source: Internet

নেটৱৰ্ক মাৰ্কেটিং আৰু ভাৰতঃ ভাৰতবৰ্ষত নেটৱৰ্ক মাৰ্কেটিং হৈছে ভৱিষ্যতৰ ব্যৱসায় ৷ ১৩৩ কোটি জনসংখ্যাৰ এই দেশত নেটৱৰ্ক মাৰ্কেটিং উদ্যোগে ভাৰতৰ নিবনুৱা সমস্যা সমাধান তথা নাৰীক আৰ্থিক ভাৱে স্বাৱলম্বী কৰি তোলাৰ ক্ষেত্ৰত বিশেষ ভূমিকা পালন কৰিব বুলি আশা কৰা হৈছে ৷ Federation of Indian Chambers of Commerce & Industry চমুকৈ FICCI আৰু KPMG নামৰ বহুজাতিক সংস্থাটোৰ অনুসৰি, নেটৱৰ্ক মাৰ্কেটিং উদ্যোগটোৱে ভাৰতত ২০২৫ চনলৈকে ৬৫,৫০০ কোটি টকাৰ ব্যৱসায়িক উদ্যোগলৈ পৰিণত হ’ব য’ত এই ব্যৱসায়ৰ স’তে ১.৮ কোটি মানুহ জড়িত হৈ পৰিব ৷ ইয়াৰে ৬০ শতাংশ মহিলা জড়িত হ’ব বুলিও মন্তব্য কৰিছে সংস্থা দুটাই ৷
ইফালে, এই উদ্যোগটোৰ ব্যাপক প্ৰসাৰতাৰ লগে লগে বিশ্বজুৰি বিভিন্ন দেশত নেটৱৰ্ক মাৰ্কেটিঙৰ ওপৰত বিদ্যায়তনিক শিক্ষা ইতিমধ্যে আৰম্ভ হৈ গৈছে ৷ ভাৰততো বিভিন্ন ব্যৱসায় সম্পৰ্কীয় শিক্ষা প্ৰতিষ্ঠানে ইয়াৰ শিক্ষা আৰম্ভ কৰিছে বুলি জানিব পৰা গৈছে ৷
World Federation of Direct Selling Association চমুকৈ WFDSA ৰ ২০১৭ বৰ্ষৰ এক ৰিপ’ৰ্ট অনুসৰি কোন দেশত কিমান ব্যৱসায়ঃ

Source: internet

কেনে নেটৱৰ্ক মাৰ্কেটিং কোম্পানীৰ স’তে জড়িত হ’বঃ বিশ্বত বিভিন্ন নেটৱৰ্ক মাৰ্কেটিং কোম্পানী আছে ৷ ভাৰততো বিভিন্ন নেটৱৰ্ক মাৰ্কেটিং বা ডাইৰেক্ট ছেলিং কোম্পানীয়ে ব্যৱসায় কৰি আছে ৷ এই কোম্পানী সমূহ নিৰ্বাচন কৰোতে কিছু সাৱধান হোৱাটো প্ৰয়োজন ৷ এনেধৰণৰ কোম্পানী নিৰ্বাচন কৰোতে কোম্পানীটো World Federation of Direct Selling Association (WFDSA) অথবা Indian Direct Selling Association (IDSA) ৰ অন্তৰ্ভুক্ত হয় নে নহয়, তদুপৰি চৰকাৰী নীতি-নিৰ্দেশনা মানি চলিছে নে নাই সেয়া নিশ্চিত কৰাটো প্ৰয়োজন ৷ শেহতীয়াকৈ এখন বিজনেছ ছেমিনাৰত অংশগ্ৰহণ কৰোতে এটা কোম্পানী কি দৰে নিৰ্বাচন কৰিব সেই সন্দৰ্ভত তিনিটা Point ত চালি জাৰি চাবলৈ কোৱা হৈছিল ৷

সেই অনুসৰি,

১) People & Philosophy অৰ্থাৎ কোম্পানীৰ স’তে জড়িত মানুহ আৰু দৰ্শন

২) Product অৰ্থাৎ উৎপাদিত সামগ্ৰীৰ বিশ্বাসযোগ্যতা তথা সামগ্ৰী সন্দৰ্ভত সংশ্লিষ্ট পক্ষৰ নিৰ্দেশাৱলী

৩) Profit or Plan layout অৰ্থাৎ কোম্পানীয়ে গ্ৰাহক তথা বিতৰকক দিয়া লাভৰ অংক তথা বিজনেচ ম’ডেল

শেহত, নেটৱৰ্ক মাৰ্কেটিং বিশ্বজুৰি এক বৃহৎ উদ্যোগ ৷ এই উদ্যোগৰ জৰিয়তে বিশ্বৰ লক্ষ লক্ষ মানুহে আৰ্থিক স্বাধীনতা লাভ কৰিছে আৰু বহু লোকক আৰ্থিক স্বাধীনতাৰ বাট দেখুৱাইছে ৷ ভাৰতত এই উদ্যোগ ইতিমধ্যে লহপহকৈ গা কৰি উঠিছে ৷ আপুনি যদি এটা দ্বিতীয় আয়ৰ কথা চিন্তা কৰিছে, যদিহে আপুনি আৰ্থিক স্বাধীনতা পোৱাৰ কথা চিন্তা কৰিছে, যদিহে আৰ্থিক নিৰাপত্তা বিচাৰিছে, যদিহে আপুনি Asset Base, Generation ৰ পাছত Generation আয় বিছাৰে তেন্তে ডাইৰেক্ট ছেলিং বা নেটৱৰ্ক মাৰ্কেটিং হ’ব পাৰে আপোনাৰ অন্যতম পচন্দৰ ব্যৱসায় ৷

(বিঃদ্ৰঃ বিভিন্ন কিতাপ, বিজনেছ ছেমিনাৰ আৰু ইন্টাৰনেটৰ সহায় লৈ এই লেখা যুগুত কৰা হৈছে ৷)

লেখক এগৰাকী Entrepreneur. Network Marketing সন্দৰ্ভত অধিক জানিবলৈ যোগাযোগ কৰক ৷ Whatsaap: ৯৭০৬৪৮২৩৬৩

Leave a Reply

Your email address will not be published. Required fields are marked *