বোকাখাতত চহৰত মুকলি ভাৰতীয় জীৱন বীমা নিগমৰ প্ৰিমিয়াম পইন্ট

বিজনেছ ডেক্স, কাজিৰঙা লাইভ, ১৮ আগষ্টঃ ভাৰতীয় জীৱন বীমা নিগমৰ বোকাখাতৰ গ্ৰাহক সকলৰ বাবে সুখৱৰ ৷ বোকাখাত চহৰৰ মাজ-মজিয়াত মুকলি কৰা হয় ভাৰতীয় জীৱন বীমা নিগমৰ অধীনস্থ এটি প্ৰিমিয়াম পইন্ট ৷ বোকাখাত চহৰ চাৰিআলিৰ বি. ডি. এম. ৰোডত আজি ভাৰতীয় জীৱন বীমা নিগমৰ বোকাখাত শাখাৰ পৰিচালক প্ৰদীপ বৰাই ফিটা কাটি আনুষ্ঠানিক ভাৱে মুকলি কৰে প্ৰিমিয়াম পইন্টি টো ৷ ভাৰতীয় জীৱন বীমা নিগমৰ ছীফ্ লাইফ ইঞ্চুৰেঞ্চ এডভাইজাৰ দিব্যজ্যোতি শৰ্মাৰ তত্বাৱধানৰ প্ৰিমিয়াম পইন্টটোত এতিয়াৰে পৰা গ্ৰাহকসকলে জীৱন বীমাৰ প্ৰিমিয়াম প্ৰদানৰ লগতে বীমা সম্পৰ্কীয় সেৱা-সুবিধা গ্ৰহণ কৰিব পাৰিব ৷ পুৱা ১০ বজাৰ পৰা সন্ধ্যা ৮ বজা পৰ্যন্ত জীৱন বীমা নিগমৰ গ্ৰাহকসকলে প্ৰিমিয়াম পইন্টৰ সেৱা লাভ কৰিব পাৰিব বুলি জানিব দিছে তত্বাৱধায়ক দিব্যজ্যোতি শৰ্মাই ৷ সোমবাৰে এই প্ৰিমিয়াম পইন্ট মুকলি অনুষ্ঠানত নিগমৰ বোকাখাত শাখাৰ সহং পৰিচালক (বিক্ৰী) দিনমণি লিকচন, শাখাৰ উন্নয়ণ বিষয়া তৰুণ শইকীয়া, এছ. এছ. ভূঞাঁ ৰ লগতে জ্যোষ্ঠ সাংবাদিক ৰাতুল ৰাজখোৱা, জে. ডি. এছ. জি মহাবিদ্যালয়ৰ প্ৰবক্তা শান্তিছায়া বৰুৱা আদিকে ধৰি একাংশ অভিকৰ্তা, গ্ৰাহক উপস্থিত থাকে ৷ বোকাখাত চহৰৰ মাজ-মজিয়াত এই প্ৰিমিয়াম পইন্টটিৰ মুকলিয়ে বোকাখাত তথা কাষৰীয় এলেকাৰ গ্ৰাহকৰ বাবে অত্যন্ত সুবিধাজনক হ’ব বুলি আশা কৰা হৈছে ৷ প্ৰিমিয়াম পইন্টৰ সেৱা-সুবিধা সম্পৰ্কীয় তথ্যৰ বাবে 7002082411 নম্বৰত গ্ৰাহকসকলে যোগাযোগ কৰিব পাৰিব ৷

 

Leave a Reply

Your email address will not be published. Required fields are marked *