কাজিৰঙাৰ অভিজ্ঞ হাতী মাউত ৰূপেন ৰাভাৰ মৃত্যুঃকাজিৰঙাত শোক

নিউজ ডেস্ক, কাজিৰঙা লাইভ, ২১ ডিচেম্বৰ : কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যান কৰ্তৃপক্ষৰ একালৰ বিখ্যাত বিভাগীয় হাতী জয়মালাৰ হাতী মাউত ৰূপেন ৰাভা আৰু নাই ! মঙ্গলবাৰে গুৱাহাটীৰ চিকিৎসালয়ত শেষ নিশ্বাস ত্যাগ কৰিলে কাজিৰঙাৰ অভিজ্ঞ অৱসৰ প্ৰাপ্ত হাতী মাউত গৰাকীয়ে । জানিব পৰা ম’তে, কেইবছৰ মান পূৰ্বে বনবিভাগৰ পৰা অৱসৰ গ্ৰহণ কৰা ৰাভা বিগত কিছু দিন ধৰি এক গম্ভীৰ ৰোগত চিকিৎসাধীন হৈ আছিল । ৬০/৭০ দশকত গুৱাহাটীৰ পৰা কাজিৰঙালৈ অহা হাতী মাউত ৰূপেন ৰাভাই জয়মালা নামৰ হাতী জনী চোৱা-চিতা কৰিছিল। কুনকী হাতী জয়মালাৰ যোগেদি ৰাভাই কেবাটাও বনৰীয়া হাতী ধৰি পোহ মনাই বনবিভাগক গতাই থৈ গৈছে ৷ কাজিৰঙাৰ কহঁৰাৰ পিলখানা (পুৰণি) ত বৰগছ তলৰ হাতীৰ প্ৰশিক্ষণ কেন্দ্ৰত কেবাটাও হাতীক প্ৰশিক্ষণ দিছিল প্ৰয়াত ৰাভাই ৷ ৰাভাৰ মৃত্যুত সমগ্ৰ কহঁৰাতে শোকৰ ছাঁ পৰিছে ।

Leave a Reply

Your email address will not be published. Required fields are marked *