কমাৰগাঁও মহাবিদ্যালয়ৰ কৰিণা বৰাৰ ডিব্ৰুগড় বিশ্ববিদ্যালয়ৰ ইংৰাজী বিভাগৰ পৰা ১৬ সংখ্যক স্থান লাভ

নিউজ ডেস্ক, কাজিৰঙা লাইভ, ১৪ আগষ্ট : সদ্য ঘোষিত ডিব্ৰুগড় বিশ্ববিদ্যালয়ৰ অন্তৰ্গত স্নাতক মহলাৰ কলা শাখাৰ চূড়ান্ত ফলাফলত বৰাহী চংকলাৰ কৰিণা বৰাই কমাৰগাঁও মহাবিদ্যালয়ৰ ইংৰাজী বিভাগৰ( English Department) পৰা বিভাগীয় তালিকাত বিশ্ববিদ্যালয়ৰ ভিতৰত ১৬ সংখ্যক স্থান লাভ কৰে৷ একাণপতীয়া প্ৰচেষ্টাৰে ক্ৰমাগতভাৱে কৰিণা বৰাই হাইস্কুল শিক্ষান্ত পৰীক্ষাত ষ্টাৰ, উচ্চতৰ মাধ্যমিকত ষ্টাৰ আৰু স্নাতকত A+ গ্ৰেডেৰে বিশ্ববিদ্যালয়ৰ বিভাগীয় বিভাগত ১৬ সংখ্যক স্থান লাভ কৰি শৈক্ষিক উত্তৰণত যি কৃতকাৰ্যতা প্ৰদৰ্শন কৰিলে সেয়া নৱ প্ৰজন্মৰ বাবে নিশ্চয়কৈ আদৰ্শণীয় বুলি মত প্ৰকাশ কৰিছে বৌদ্ধিক মহলে ৷নিজৰ এই সাফল্যৰ বাবে কমাৰগাঁও মহাবিদ্যালয়ৰ অধ্যক্ষ ড° বিজুলী বৰচেতিয়া, অধ্যাপিকা ড° গায়ত্ৰী বৰা কাকতি,অধ্যাপক গৌতম শইকীয়া, অধ্যাপক অঞ্জন শইকীয়াৰ লগতে ইংৰাজী বিভাগৰ সকলোকে কৃতজ্ঞতা জ্ঞাপন কৰে কৰিণা বৰাই ৷ সৰুৰেপৰাই গল্প,কবিতা,প্ৰৱন্ধকে ধৰি সাহিত্য চৰ্চা কৰি অহা অধ্যয়নপ্ৰিয় কৰিণা বৰাই বহু প্ৰতিযোগিতাত পুৰস্কাৰ লাভ কৰাৰ সমান্তৰালভাৱে বিভিন্ন সম্বৰ্দ্ধনাও লাভ কৰি আহিছে ৷ বৰাহী গাওঁৰ নিবাসী ব্যৱসায়ী ইয়াৰাণা বৰা আৰু শিক্ষয়িত্ৰী মাতৃ মনালিছা চেতিয়া বৰাৰ সুযোগ্যা কন্যা কৰিণা বৰাৰ এই সাফল্যত অভিনন্দন জ্ঞাপন কৰি বিভিন্ন দল-সংগঠনৰ লগতে আনন্দিত হৈ পৰিছে কমাৰগাঁও,বৰাহী চংকলা, বনগাঁওকে ধৰি সমগ্ৰ অঞ্চলবাসী।

Leave a Reply

Your email address will not be published. Required fields are marked *