আন্তজাৰ্তিক নাৰী দিৱসত অধিবক্তা ৰূপালী গোস্বামীক বিশেষ সম্বৰ্ধনা

নিউজ ডেস্ক, কাজিৰঙা লাইভ, ৮ মাৰ্চ: সদৌ অসম মহিলা সমিতিৰ আহ্বানত শিৱসাগৰ জিলা মহিলা সমিতি আৰু হালোৱাটিং আঞ্চলিক মহিলা সমিতিৰ উদ্যোগত তথা স্থানীয় ৰাইজৰ সহযোগত আজি উদযাপন কৰা হয় আন্তজাৰ্তিক নাৰী দিৱস ৷এই দিৱসৰ লগত সংগতি ৰাখি হালোৱাটিংৰ চাহ জনজাতি সাংস্কৃতিক কেন্দ্ৰত নগাওঁৰ বিশিষ্ট অধিবক্তা শ্ৰী যুতা ৰূপালী গোস্বামীক বিশেষ সম্বৰ্ধনা জনোৱা হয় ৷ হালোৱাটিং আঞ্চলিক মহিলা সমিতিৰ সভানেত্ৰী ৰুণুমী গায়ন,সম্পাদিকা ৰাজশ্ৰী গগৈ,শিৱসাগৰ জিলা মহিলা সমিতিৰ সভানেত্ৰী জ্যোতিৰূপা বৰুৱা গগৈ,সম্পাদিকা ৰেখা নেওগ আৰু সদৌ অসম মহিলা সমিতিৰ সভানেত্ৰী জয়া বুঢ়াগোহাঞি,সম্পাদিকা ইন্দ্ৰাণী ৰাজকুমাৰীয়ে কয় যে নাৰী মাতৃ,নাৰী ভগ্নী,নাৰী অনন্যা,নাৰী সকলো ৷ মমতাময়ী,কৰুণাময়ী,সহনশীল,ধৈৰ্যশীল,ত্যাগৰ প্ৰতীক বুলি কোৱা হয় নাৰীক ৷ নাৰী সীমাহীন গুণৰ অধিকাৰী ৷
নাৰীৰ স্বাধিকাৰ আৰু মৰ্যাদা প্ৰতিষ্ঠাৰ ইতিহাসত ৮ মাৰ্চ তাৰিখটো এক ঐতিহাসিক আৰু গুৰুত্বপূৰ্ণ মাইলৰ খুঁটা ৷২০০৮ চনত নঁগাও গ্ৰেটাৰ লায়নেচ ক্লাবৰ সম্পাদিকা হিচাপে কাৰ্য্যনিৰ্বাহ কৰি থকা অৱস্থাত ক্লাবৰ অধিনত থকা বিনামুলীয়া আইন সেৱা কোষৰ এগৰাকী সেৱিকা হিচাপে দৰিদ্ৰ, নিৰ্যাতিত , নিষ্পেষিত মহিলা সকলৰ আইনগত অধিকাৰ সম্পৰ্কে আদালতৰ মজিয়াত বিনামুলীয়া আইনী সেৱা আগবঢ়োৱাত ২০১২ চনত মাননীয় গুৱাহাটী উচ্চ ন্যায়লয়ৰ বিনামুলীয়া আইন সেৱা কোষ কমিটিৰ তৰফৰ পৰা নঁগাও জিলা আইন সেৱা প্ৰাধিকৰনত মঞ্জুৰ কৰে ৰূপালী গোস্বামীৰ নাম ৷আৰু তেতিয়াৰে পৰা নঁগাও জিলা আইন সাহায্য কোষৰ এগৰাকী সক্ৰিয় সদস্য হিচাপে জিলাখনৰ বিভিন্ন ভিতৰুৱা আঞ্চলত প্ৰায় এহেজাৰৰো অধিক আইনী সজাগতা সভাৰ লগতে প্ৰায় ৩০০ গৰাকী মহিলাৰ হৈ আদালতত বিনামুলীয়াকৈ গোচৰ পৰিচালনা কৰি ন্যায় পোৱাত সহায়ক হৈ আহিছে ৰূপালী গোস্বামী । ২০১৮ চনত প্ৰায় ৩৩ গৰাকী মানসিক ভাবে বিকাৰগ্ৰস্থ লোকক জিলাখনৰ বিভিন্ন অঞ্চলৰ পৰা , বাটে ঘাটে পৰি থকা অৱস্থাৰ পৰা নঁগাও জিলা আইন সেৱা আৰু পুলিচ প্ৰশাসনৰ সহযোগত উদ্ধাৰ কৰি আদালতৰ নিৰ্দেশ মৰ্মে চিকিৎসা কৰোৱাই পৰবৰ্তী সময়ত NGO ত থকাত সুবিধা কৰি দি আহিছে মহিলাগৰাকীয়ে ।এনেবোৰ আদৰ্শনীয় কামৰ বাবেই যোৱা ২০১৮ চনত অসম ৰাজ্যিক আইন সেৱা প্ৰধিকাৰী ৰ তৰফৰ পৰা ৰূপালী গোস্বামীক আগবঢ়োৱা হৈছিল Best Legal Aid Councel of Assam 2018 ৰ বিশেষ স্বীকৃতি ৷তদুপৰি নতুন দিল্লী বিজ্ঞান ভৱনত অনুস্থিত সম্বৰ্ধনা সভাত মাননীয় কেন্দীয় আইন মন্ত্ৰী শ্ৰীযুত ৰবি শঙ্কৰ প্ৰসাদে ৰূপালী গোস্বামীক আগবঢ়াইছিল বিশেষ সম্বৰ্ধনা৷

Leave a Reply

Your email address will not be published. Required fields are marked *