শিলচৰস্থিত “অসম বিশ্ববিদ্যালয়”ত শীৰ্ষস্থান বোকাখাতৰ জীয়ৰী “লুহিতা”ৰ “লুহিতা”ৰ কৃতিত্বত গৌৰৱান্বিত বোকাখাতবাসী

বোকাখাতৰ পৰা পলিমা বি চেতিয়া , ১ ছেপ্টেম্বৰ : বোকাখাতৰ এগৰাকী চাহ জনজাতিৰ ছাত্ৰীৰ বিশেষ সফলতাত আনন্দৰ বন্যা বৈছে অঞ্চলটোত । অসমীয়া বিভাগত শীৰ্ষস্থান দখলেৰে অসম বিশ্ববিদ্যালয়ৰ পৰা স্নাতকোত্তৰ ডিগ্ৰী লাভ কৰে বোকাখাতৰ “লুহিতা নায়কে”। বোকাখাতৰ বৰচাপৰি চাহ বাগিছাৰ অন্তৰ্গত পিতৃ “মানা নায়ক “আৰু মাতৃ- “সুমিত্ৰা নায়ক”ৰ প্ৰথম সন্তান লুহিতা নায়কে শিলচৰস্থিত “অসম বিশ্ববিদ্যালয়”ৰ ডিফু কেম্পাচৰ পৰা অসমীয়া বিভাগত সৰ্ব্বোচ্ছ নম্বৰ লাভ কৰি শীৰ্ষস্থান দখল কৰে। উল্লেখযোগ্য যে চাহ বাগিচাৰ শ্ৰমিক পৰিয়ালৰ সন্তান লুহিতাই বোকাখাতৰ বৰচাপৰি চাহ বাগিছাৰ প্ৰাথমিক বিদ্যালয়ৰ পৰা আৰম্ভ কৰিছিল শৈক্ষিক যাত্ৰা।পৰৱৰ্তী সময়ত কুৰুৱাবাহী ৰাজগড় মধ্য ইংৰাজী বিদ্যালয় আৰু ৰজাবাৰী উচ্চ মাধ্যমিক বিদ্যালয়ৰ পৰা হাইস্কুল শিক্ষান্ত পৰীক্ষাত সুখ্যাতিৰে উত্তীৰ্ণ হোৱাৰ লগতে বোকাখাত জে ডি এছ জি মহাবিদ্যালয়ৰ পৰা স্নাতক ডিগ্ৰী লাভ কৰি শিলচৰস্থিত অসম বিশ্ববিদ্যালয়ত নাম ভৰ্ত্তিৰ সুযোগ লাভ কৰিছিল। ইফালে চাহ বাগিছাৰ শ্ৰমিক তথা দৰিদ্ৰ পিতৃ-মাতৃয়ে আৰ্থিক অভাৱ-অনাটনৰ মাজেৰেই ছাত্ৰী গৰাকীলৈ অ‍াগবঢ়াইছিল শিক্ষাৰ সা-সুবিধা।তাৰমাজতে চাহ বাগিছাৰ পৰিবেশত সন্মুখীন হ’ব লগা হৈছিল যথেষ্ট প্ৰত্যাহ্বানৰ।অৱশ্যে বোকাখাতৰ এগৰাকী জেষ্ঠ সাংবাদিকৰ নীলু আচাৰ্যৰ উদ্যোগত বোকাখাতৰ বিশিষ্ট ব্যৱসায়ী তথা সমাজকৰ্মী মহাবীৰ প্ৰসাদ আগৰৱালাই ছাত্ৰী গৰাকীৰ স্নাতকোত্তৰ শিক্ষাৰ বাবে সম্পূৰ্ণ খৰছ- পাতিৰ দায়িত্ব লোৱাত শিক্ষাৰ ক্ষেত্ৰত আহি পৰা চৰম প্ৰত্যাহ্বান নেওচিবলৈ সক্ষম হৈছিল মেধাৱী ছাত্ৰী গৰাকীয়ে। চাহ জনজাতিৰ এই কৃৰ্তী ছাত্ৰী গৰাকীয়ে অনাগত সময়ত চাহ বাগিচাৰ জনসাধাৰণৰ লগতে সমাজৰ বাবে দৃঢ়তাৰে কাম কৰি যোৱাৰ সপোন পুহি ৰাখিছে । লুহিতাৰ এনে সফলতাৰ বাবে মহাবীৰ প্ৰসাদ আগৰৱালাই উৎফুল্লিত হৈ অঞ্চলটোত মিঠাই বিতৰন কৰে। আগৰৱালাই লুহিতাই অধিক শিক্ষা গ্ৰহণৰ ক্ষেত্ৰত যাতে হেঙাৰ সৃষ্টি নহয় তাৰ বাবে সকলো ধৰণৰ সহায় সহযোগিতা আগবঢ়াই যাব বুলি ছাত্ৰী গৰাকীক জানিব দিয়ে।অসম চাহ জনজাতি ছাত্ৰ সন্থাৰ গোলাঘাট জিলা সমিতিৰ সম্পাদক সুশীল কালিন্দীৰ নেতৃত্বত সন্থাৰ সদস্য সকলে লুহিতাৰ ঘৰত উপস্থিত হৈ উস্ম আদৰণি জনায়। অসম চাহ জনজাতি মহিলা সমিতিৰ প্ৰাক্তন সভানেত্ৰী ,ৰজাবাৰী গাওঁ পঞ্চায়তৰ সভানেত্ৰী, ছাত্ৰী গৰাকীয়ে প্ৰাথমিক শিক্ষা গ্ৰহণ কৰা বিদ্যালয় খনৰ শিক্ষয়িত্ৰী মামনী গাজলুৱে লুহিতাৰ এনে সফলতাৰ বাবে এখনি ফুলাম গামোছাৰে আদৰণি জনায়।

Leave a Reply

Your email address will not be published. Required fields are marked *