কৃষক নেতা সোণেশ্বৰ নৰহ গুৰুতৰভাৱে আক্ৰান্ত অগ্নাশয়ৰ ৰোগত, আশু আৰোগ্য কামনা দল-সংগঠনৰ

নিউজ ডেস্ক, কাজিৰঙা লাইভ, ২০ আগষ্ট: জীপাল কৃষক-শ্ৰমিক সংঘৰ উপদেষ্টা, কৃষক নেতা সোণেশ্বৰ নৰহ গুৰুতৰভাৱে আক্ৰান্ত হৈছে অগ্নাশয়ৰ ৰোগত৷ যোৱা ১৬ আগষ্টৰ পুৱা হঠাৎ পেটৰ বিষত ক’ব নোৱাৰা এক অৱস্থা হোৱা সোণেশ্বৰ নৰহক লগে লগে ভৰ্তি কৰোৱা হয় নুমলীগড়ৰ বিবেকানন্দ হাস্পতালত৷ সম্প্ৰতি গুৰুতৰভাৱে আক্ৰান্ত হৈ থকা চিকিৎসাধীন অৱস্থাৰ নৰহৰ আজি খবৰ লয় বোকাখাতৰ বহুকেইটা দল-সংগঠনৰ বিষয়-ববীয়াই৷ যুৱ-ছাত্ৰ পৰিষদৰ বিষয়-ববীয়া তথা অধিবক্তা কিশোৰ ছেত্ৰী, আটছাৰ গোলাঘাট জিলাৰ কুমুদ কালিন্দী, বিজেপিৰ গোলাঘাট জিলাৰ সভাপতি দেৱপ্ৰদীপ বৰা, অৱসৰপ্ৰাপ্ত ৰাজ্যিক বঁটাপ্ৰাপক শিক্ষক নিজৰা বৰঠাকুৰ, অসম ৰাজ্যিক সাংবাদিক সংন্থাৰ সভাপতি জিতু শৰ্মা ৰাজখোৱাৰ লগতে বিভিন্ন দল-সংগঠনে নৰহৰ আশু আৰোগ্য কামনা কৰে৷ বোকাখাতৰ সমান্তৰালভাৱে ৰাজ্যৰ খাটিখোৱা জনতাৰ বিভিন্ন জলন্ত সমস্যা ৰাজ্যিক তথা ৰাষ্ট্ৰীয় পৰ্যায়ত বিভিন্ন সময়ত তুলি ধৰা সোণেশ্বৰ নৰহৰ উন্নত চিকিৎসাৰ ক্ষেত্ৰত ৰাজ্যৰ স্বাস্থ্য বিভাগক গুৰুত্ব প্ৰদান কৰিবলৈ বিভিন্নজনে আহ্বান জনাইছে৷

Leave a Reply

Your email address will not be published. Required fields are marked *