বোকাখাত মহকুমা সাংবাদিক সংস্থাৰ উদ্যোগত পলিমা বি চেতিয়াৰ “কথা বীক্ষা” উন্মোচন

নিউজ ডেস্ক, কাজিৰঙা লাইভ, ১৩ আগষ্ট: বৃহস্পতিবাৰে বোকাখাত মহকুমা সাংবাদিক সংস্থাৰ উদ্যোগত , বোকাখাত নাট্য মন্দিৰত সাংবাদিক পলিমা বি চেতিয়াৰ “কথা বীক্ষা” নামৰ প্ৰৱন্ধ সংকলন খনি উন্মোচন কৰা হয়।বোকাখাতৰ মহকুমা আৰক্ষী বিষয়া অনিতা হাজৰিকাই গ্ৰন্থ উন্মোচন কৰি কিতাপ পঢ়াৰ আনন্দৰ কথা উল্লেখ কৰে।ৰঞ্জু হাজৰিকাৰ উপন্যাসে কেনেকৈ আৰক্ষীত সেৱা কৰিবলৈ উদ্গনি জনাইছিল সেই বিষয়েও ব্যাখ্যা আগ বঢ়ায়।
বোকাখাত মহকুমা সাংবাদিক সংস্থাৰ সভাপতি বুবুল দত্তৰ সভাপতিত্বত অনুষ্ঠিত উন্মোচনী সভাত কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যানৰ সঞ্চালক কৰ্মশ্ৰী পি শিব্ কুমাৰে বিশিষ্ট অতিথিৰ ভাষনত বোকাখাতৰ সাংবাদিক সকলক কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যানৰ বিষয়ে গ্ৰন্থ ৰচনা কৰিলে প্ৰকাশৰ বাবে সহায় আগ বঢ়াব বুলি কয়।
বিশিষ্ট সাহিত্যিক নিজৰা বৰঠাকুৰে বন্তি প্ৰজ্বলেনেৰে শুভাৰম্ভ কৰা অনুষ্ঠানত অসম ৰাজ্যিক সাংবাদিক সন্থাৰ সভাপতি জিতু শৰ্মা ৰাজখোৱাই বোকাখাতৰ সাংবাদিক সকল কেৱল সংবাদ সেৱাতে আবদ্ধ নেথাকি সৃজনীমূলক সাহিত্য সৃষ্টিতোযে সফল হ’ব পাৰে,তাৰে উদাহৰণ পলিমা বি চেতিয়া বুলি উল্লেখ কৰে।পলিমা বি চেতিয়ায়ো “কথা বীক্ষা”ৰ সৃষ্টিৰ আঁৰৰ কথাও ব্যক্ত কৰে।
বোকাখাত মহকুমা সাংবাদিক সংস্থাৰ সম্পাদক নীলু আচাৰ্যই উদ্দেশ্য ব্যাখ্যা কৰা সভাত পলিমা বি চেতিয়াৰ সাহিত্য কৰ্মৰ ব্যাখ্যা আগ বঢ়াই সাংবাদিক অজন্তা তালুকদাৰে।অনুষ্ঠানত সাংবাদিক অমৰ শৰ্মাৰ, ধ্ৰুৱজ্যোতি সাহা আৰু প্ৰিয়ংদীপ কাকতিয়েও বক্তব্য প্ৰদান কৰে।কোভিড প্ৰট’কল অনুসৰি বোকাখাতৰ বিভিন্ন যুৱ ছাত্ৰ সংগঠন,সাহিত্য আৰু সাংস্কৃতিক সংগঠনৰ দুজনকৈ প্ৰতিনিধিয়ে সভাত অংশ লয়।

Leave a Reply

Your email address will not be published. Required fields are marked *