বিশিষ্ট সাহিত্যিক তথা গোলাঘাট জিলাৰ প্ৰাক্তন সভাপতি হৰেন্দ্ৰ নাথ দত্তৰ বিয়োগত ম্ৰিয়মাণ গোলাঘাট

বোকাখাতৰ পৰা পলিমা বি চেতিয়া,৩ আগষ্ট : গোলাঘাট জিলা সাহিত্য সভাৰ প্ৰাক্তন সভাপতি ,দেৰগাঁও কমল দুৱৰা মহাবিদ্যালয়ৰ অসমীয়া বিভাগৰ অৱসৰপ্ৰাপ্ত মুৰব্বী অধ্যাপক ,বিশিষ্ট কবি,কাব্য সমালোচক, গ্ৰন্থকাৰ তথা এজন সু-সাহিত্যিক হৰেন্দ্ৰ নাথ দত্তৰ ৩১ জুলাইৰ নিশা ৯:৩০ বজাত মৃত্যু ঘটে ৷ মৃত্যুৰ সময়ত তেখেতৰ বয়স আছিল ৮৩ বছৰ ৷ সকলোৰে সৈতে এক সৌহাৰ্দ্যপূৰ্ণ সম্পৰ্ক ৰাখি চলা দত্তৰ বিয়োগত সাহিত্য সভাই গভীৰ শোক প্ৰকাশ কৰাৰ সমান্তৰালভাৱে ৰঙামাটি সাহিত্য সভা ভৱনত গোলাঘাট জিলা সাহিত্য সভাৰ সভাপতি পবিত্ৰ বৰবৰাৰ উপস্থিতিত এখনি শোকসভা অনুষ্ঠিত কৰা হয় ৷ ৰঙামাটি অঞ্চলটোৰ বহুকেইজন সাহিত্যপ্ৰেমী তথা সমাজ সচেতন ব্যক্তিৰ উপস্থিতিত অনুষ্ঠিত এই সভাৰ উদ্দেশ্য ব্যাখ্যা কৰে ৰঙামাটি সাহিত্য সভাৰ সম্পাদক প্ৰদীপ শইকীয়াই ৷ সভাত প্ৰয়াত প্ৰাক্তন সভাপতি হৰেন্দ্ৰ নাথ দত্তদেৱৰ বিস্তৃত কৰ্মৰাজিৰ ওপৰত আলোকপাত কৰি বৰ্তমানৰ জিলা সাহিত্য সভাৰ সভাপতিজনে কয় যে ১৯৪০ চনত জন্মগ্ৰহণ কৰা হৰেন্দ্ৰ নাথ দত্তদেৱে দেৰগাঁও বালক উচ্চ বুনিয়াদী বিদ্যালয়ৰ পৰা শিক্ষা জীৱন আৰম্ভ কৰি গুৱাহাটী বিশ্ববিদ্যালয়ৰ পৰা স্নাতকোত্তৰ ডিগ্ৰী লাভ কৰিছিল ৷ ১৯৬৩ চনত টীয়ক বেজবৰুৱাৰ মহাবিদ্যালয়ত অধ্যাপক হিচাপে যোগদান কৰি ১৯৬৭ চনত নিউ যোৰহাট মহাবিদ্যালয়লৈ বদলি হৈ আহে ৷কেইটামান বছৰ সেই মহাবিদ্যালয়তে অধ্যাপনা কৰাৰ পাছত ১৯৬৯ ৰ পৰা ২০০০ লৈকে দেৰগাঁও কমল দুৱৰা মহাবিদ্যালয়ত অধ্যাপনা কৰি অৱসৰ গ্ৰহণ কৰা দত্তদেৱ এগৰাকী সাহিত্য সংগঠক ,অসম সাহিত্য সভাৰ আজীৱন সদস্যৰ উপৰিও গোলাঘাট জিলাৰ গণনাট্য সংঘৰ সভাপতি আছিল ৷ ইয়াৰ উপৰিও ২০০৫ চনৰ পৰা ২০০৬ চনলৈকে গোলাঘাট জিলা সাহিত্য সভাৰ সন্মানীয় সভাপতিৰ আসনো অলংকৃত কৰিছিল হৰেন্দ্ৰ নাথ দত্তদেৱে ৷

নিজৰ সাহিত্য কৰ্মেৰে অসমৰ সাহিত্য -ক্ষেত্ৰখনলৈ এক উল্লেখযোগ্য বৰঙনি আগবঢ়াই যোৱা হৰেন্দ্ৰ নাথ দত্তদেৱ আছিল নৱ-প্ৰজন্মক সৰু সৰু কথাৰে জীৱন দৰ্শনৰ মাৰ্গ দেখুৱাই যোৱা এজন সৰলমনৰ ব্যক্তি ৷ প্ৰয়াত হৰেন্দ্ৰ নাথ দত্তদেৱে পত্নী গোলাঘাটৰ হেমপ্ৰভা বৰবৰা ছোৱালী মহাবিদ্যালয়ৰ অৱসৰপ্ৰাপ্ত অধ্যাপিকা স্বৰ্ণলতা দত্ত , সুযোগ্যা একমাত্ৰ জী প্ৰিয়ম্বদা দত্ত (বুলা) জোৱাই আৰু দুজনী নাতিনীক এই পৃথিৱীত এৰি থৈ চিৰদিনৰ বাবে আঁতৰি গ’ল নেদেখা এখন জগতলৈ ৷ মৃত্যুৰ আগমুহূৰ্তলৈকে সুস্বাস্থ্যৰ অধিকাৰী হৈ ৰোৱা দত্তদেৱৰ মৃত্যুত গোলাঘাট জিলা সাহিত্য সভাৰ লগতে ৰঙামাটি সাহিত্য সভায়ো গভীৰ শোক প্ৰকাশ কৰি শ্ৰদ্ধাঞ্জলি জ্ঞাপন কৰাৰ লগতে অসম সাহিত্য সভাৰ পতাকা তিনিদিনলৈকে অৰ্ধনমিত কৰি ৰখাৰ সিদ্ধান্ত গ্ৰহণ কৰে ৷ গোলাঘাট জিলা সাহিত্য সভাৰ সভাপতি পবিত্ৰ বৰবৰা আৰু সম্পাদক বন্তি বৰাই এই কথা সদৰি কৰে ৷ অসম সাহিত্য সভাৰ যোৰহাট কেন্দ্ৰীয় কাৰ্যালয়ৰ সম্পাদক ৰমানন্দন বৰায়ো প্ৰাক্তন সভাপতিজনৰ মৃত্যুত গভীৰ শোক প্ৰকাশ কৰে ৷ অসম ৰাজ্যিক সাংবাদিক সন্থা,সদৌ অসম কবি সন্মিলন,গোলাঘাট জিলা সাংবাদিক সন্থা,গোলাঘাট জিলা কবি সন্মিলন,বোকাখাত মহকুমা সাংবাদিক সন্থা,বোকাখাত মহকুমা কবি সন্মিলন,কাজিৰঙা আঞ্চলিক কবি সন্মিলন আৰু কাজিৰঙা সাংবাদিক সন্থাৰ লগতে বিভিন্ন দল-সংগঠনেও সমাজ সংগঠক দত্তদেৱৰ মৃত্যুত গভীৰ শোক প্ৰকাশ কৰে ৷

Leave a Reply

Your email address will not be published. Required fields are marked *