গোলাঘাট জিলাৰ বাবে প্ৰস্তাৱিত চিকিৎসা মহাবিদ্যালয় বোকাখাতত স্থাপনৰ দাবীৰে আছুৰ উদ্যোগত বোকাখাতৰ দল সংগঠনৰ মুখ্যমন্ত্ৰীলৈ স্মাৰক পত্ৰঃ  

কাজিৰঙা লাইভ, বোকাখাত, ২৪ জুলাইঃ অসম চৰকাৰৰ ২০২১-২২ বৰ্ষৰ বাজেটত সদ্য প্ৰস্তাৱিত গোলাঘাট জিলাৰ বাবে নিৰ্দ্ধাৰিত চিকিৎসা মহাবিদ্যালয়খন বোকাখাতত স্থাপন কৰিবৰ বাবে শুক্ৰবাৰে বোকাখাত মহকুমা ছাত্ৰ সন্থাৰ উদ্যোগত অসম জাতীয়তাবাদী যুৱ ছাত্ৰ পৰিষদৰ বোকাখাত জিলা সমিতি, বোকাখাত পুৱতি সাহিত্য সভা, বোকাখাত জ্যেষ্ঠ নাগৰিক সন্মিলন , বোকাখাত মহকুমা কবি সন্মিলন, বোকাখাত সন্ধানী লেখিকা সমাৰোহ সমিতি আৰু কাজিৰঙা জীপ চাফাৰি সন্থা আদি বোকাখাতৰ বিভিন্ন দল-সংগঠন একত্ৰিত হৈ বোকাখাতৰ মহকুমাধিপতি ডাঃ নেহা যাদৱৰ জড়িয়তে অসমৰ মুখ্যমন্ত্ৰী আৰু স্বাস্থ্যমন্ত্ৰী লৈ স্মাৰক পত্ৰ প্ৰদান কৰে। ক্ৰমে বোকাখাত মহকুমা ছাত্ৰ সন্থাৰ সভাপতি, সাধাৰণ সম্পাদক মানৱ গগৈ আৰু গীতাৰ্থ শইকীয়া, অসম জাতীয়তাবাদী যুৱ ছাত্ৰ পৰিষদৰ বোকাখাত জিলা সমিতিৰ সভাপতি, সাধাৰণ সম্পাদক নীলোৎপল খাউণ্ড আৰু অনন্ত গগৈ, বোকাখাত পুৱতি সাহিত্য সভাৰ সভাপতি, সম্পাদক অপূৰ্ব বৰদলৈ আৰু গীতাঞ্জলি কলিতা, অসম জ্যেষ্ঠ নাগৰিক সন্মিলনৰ বোকাখাত শাখাৰ সভাপতি, সম্পাদক চৈয়দ আনিছুৰ ৰহমান আৰু নিৰঞ্জন শইকীয়া, বোকাখাত মহকুমা কবি সন্মিলনৰ সভাপতি, সম্পাদক অমৰ শৰ্মা আৰু মনালিছা শইকীয়া, বোকাখাত সন্ধানী লেখিকা সমাৰোহ সমিতিৰ সভানেত্ৰী পুতলী খাউণ্ড আৰু সম্পাদিকাদ্বয় ক্ৰমে চন্দ্ৰপ্ৰভা শইকীয়া ডেকা আৰু শান্তি দত্ত বৰদলৈ, কাজিৰঙা জীপ চাফাৰী সংস্থাৰ সভাপতি, সম্পাদক তুলসী বৰদলৈ আৰু আনন্দ গগৈ স্বাক্ষৰিত স্মাৰক পত্ৰখনিত কোৱা হয় যে বোকাখাত মহকুমা গোলাঘাট জিলাৰ এক অন্যতম মহকুমা। মহকুমাটোৰ এফালে নুমলীগড় শোধনাগাৰৰ বাবে ঘোষিত উন্নয়নৰহিত অঞ্চল, আনফালে বিশ্ব ঐতিহ্যক্ষেত্ৰ কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যানৰ পৰিৱেশ স্পর্শকাতৰ অঞ্চল (ইক’চেনছিটিভ জ’ন)ৰ বাবে সকলো ধৰণৰ উদ্যোগ স্থাপনৰ ক্ষেত্ৰত বাধা আছে। এনে প্রেক্ষাপটত সমগ্র মহকুমাটোৰ উন্নয়ন কেৱল শিক্ষা আৰু কৃষি ক্ষেত্ৰৰ যোগেদিহে সম্ভৱপৰ হ’ব পাৰে। লগতে শেহতীয়াকৈ অসম চৰকাৰে গোলাঘাট জিলাত এখন চিকিৎসা মহাবিদ্যালয় প্রতিষ্ঠাৰ বাবে গ্ৰহণ কৰা পদক্ষেপক প্ৰশংসনীয় পদক্ষেপ বুলি উল্লেখ কৰি উক্ত চিকিৎসা মহাবিদ্যালয়খন সমূহ বোকাখতীয়া ৰাইজৰ দাবীৰ ভিত্তিত বোকাখাত মহকুমাত প্ৰতিষ্ঠাৰ বাবে প্ৰয়োজনীয় পদক্ষেপ গ্ৰহণ কৰিবলৈ স্মাৰক পত্ৰ যোগে অনুৰোধ জনায়। আনহাতে ইতিমধ্যে গোলাঘাট জিলাৰ বাবে নিৰ্ধাৰিত চিকিৎসা মহাবিদ্যালয়খন বোকাখাতত স্থাপনৰ দাবীৰে কোভিড নীতি নিৰ্দেশনা মানি যোৱা ২১ জুলাইত বোকাখাতৰ বিভিন্ন দল সংগঠনৰ প্ৰতিনিধিৰ উপস্থিতিত বোকাখাত নাট্য মন্দিৰত অসম ৰাজ্যিক সাংবাদিক সন্থাৰ  সভাপতি জিতু শৰ্মা ৰাজখোৱাৰ সভাপতিত্বত এখন ৰাজহুৱা সভা অনুষ্ঠিত কৰে। ইতিমধ্যে বোকাখাতৰ তিনিটাকৈ সাংবাদিক সংগঠন একত্ৰিত হৈ আৰু গোৰ্খা ছাত্ৰসন্থা, আটছা, টাই আহোম ছাত্ৰ সন্থা, চুতীয়া জাতি ছাত্ৰ সন্থা, মিচিং ছাত্ৰ সন্থা,যুৱ ছাত্ৰ পৰিষদ,স্থানীয় ছাত্ৰ সন্থায়ো পৃথকে পৃথকে  মুখ্যমন্ত্ৰীলৈ স্মাৰক পত্ৰ প্ৰদান কৰিছে যদিও অসম গণ পৰিষদ,ভাৰতীয় জনতা পাৰ্টিৰ স্থানীয় আৰু ৰাজ্যিক নেতা, কংগ্ৰেছৰ জিলা সভাপতি, গোৰ্খা ছাত্ৰ সন্থা, চুতীয়া ছাত্ৰ সন্থা,চাহ জনজাতি ছাত্ৰ সন্থা, টাই আহোম ছাত্ৰ সন্থা, বোকাখাতৰ সাংবাদিক সংগঠনে অংশ লোৱা সভাৰ পৰাই সকলো কাম একেলগে কৰাৰ সিদ্ধান্ত গ্ৰহণ কৰে।

Leave a Reply

Your email address will not be published. Required fields are marked *