বোকাখাত মহকুমাৰ মহকুমাধিপতি হিচাপে যোগদান ২০১৯ বৰ্ষৰ ভাৰতীয় প্ৰশাসনিক সেৱা বিষয়া ডা: নেহা যাদৱৰ।

বোকাখাতৰ পৰা পলিমা বি চেতিয়া, কাজিৰঙা লাইভ, ২০ জুলাই: ২০১৯ বৰ্ষৰ ভাৰতীয় প্ৰশাসনিক সেৱা বিষয়া ডা: নেহা যাদৱে আজি বোকাখাত মহকুমাৰ মহকুমাধিপতি হিচাপে যোগদান কৰে। আজি দিনৰ ১১ বজাত নৱ-নিযুক্ত মহকুমাধিপতি ডা: নেহা যাদৱে বিদায়ী মহকুমাধিপতি শ্ৰীযুত বিপুল দাসৰ পৰা দায়িত্বভাৰ গ্ৰহণ কৰে। উল্লেখযোগ্য যে, বোকাখাতৰ মহকুমাধিপতি হিচাপে যোগদান কৰাৰ পূৰ্বে ডা: নেহা যাদৱে ধুবুৰী জিলাত সহকাৰী আয়ুক্ত হিচাপে কৰ্মৰত আছিল। আনহাতে, পূৰ্বৰ মহকুমাধিপতি শ্ৰীযুত বিপুল দাসৰ কৰিমগঞ্জ জিলালৈ অতিৰিক্ত উপায়ুক্ত হিচাপে বদলি হৈছে। দায়িত্বভাৰ গ্ৰহণ কৰি নৱ-নিযুক্ত মহকুমাধিপতি গৰাকীয়ে কাৰ্য্যালয়ৰ প্ৰতিটো বিভাগৰ বিষয়া-কৰ্মচাৰীৰ
সৈতে চিনাকি হোৱাৰ লগতে কাম-কাজৰ বুজ লয়।

Leave a Reply

Your email address will not be published. Required fields are marked *