কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যানত বন্যপ্ৰাণী সপ্তাহৰ লগত সংগতি ৰাখি হলৌ বান্দৰ দিৱস উদযাপন : কাঞ্চনজুৰি এনিমেল কৰিডৰত চাফাই অভিযান :

নিউজ ডেস্ক, কাজিৰঙা লাইভ, ৩ অক্টোবৰ: দেশৰ লগতে ২ অক্টোবৰ পৰা কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যান ও বাঘ্ৰ সংৰক্ষিত বনাঞ্চলত চলি থকা ৬৭ সংখ্যক বন্যপ্ৰাণী সপ্তাহৰ লগত সংগতি ৰাখি দেওবাৰৰ দিনা ৰাষ্ট্ৰীয় উদ্যান খনত হলৌ বান্দৰ দিৱস উদযাপিত হয় ৷ কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যানৰ এটা গুৰুত্বপুৰ্ণ এনিমেল কৰিডৰ কাঞ্চনজুৰিৰ মালনি বন শিৱিৰৰ বাকৰিত এই দিৱসৰ আয়োজন কৰা হয় ৷ অনুষ্ঠানত এনিমেল কৰিডৰৰ কাষৰীয় ইনজাই গাওঁ, কাঞ্চনজুৰি গাওঁ, আৰু চিলিমখোৱা গাওঁৰ ছাত্ৰ ছাত্ৰী আৰু জেষ্ঠ ব্যক্তিৰ উপৰিও বোকাখাতৰ জে ডি এছ জি মহাবিদ্যালয়, কলিয়াবৰ মহাবিদ্যালয় আৰু কাজিৰঙা চৰকাৰী মহাবিদ্যালয়ৰ ছাত্ৰ ছাত্ৰীয়ে অংশ গ্ৰহন কৰে ৷ বিশ্ব প্ৰকৃতি নিধিৰ সৌজন্যত ৰাষ্ট্ৰীয় উদ্যান কৰ্তৃপক্ষৰ লগতে প্ৰকৃতি সংগঠন আৰণ্যক, কৰবেট ফাউণ্ডেচন, ৱাইল্ড লাইফ ট্ৰাষ্ট অৱ ইণ্ডিয়া আৰু প্ৰকৃতি সংগঠন ভুমিৰ সহযোগত আয়োজিত মনোজ্ঞ এই অনুষ্ঠানত কাজিৰঙাৰ গৱেষণা বিষয়া ৰবীন্দ্ৰ শৰ্মা আৰু বিশ্ব প্ৰকৃতি নিধিৰ জেষ্ঠ সমন্বয়ক ড৹ প্ৰনৱ জ্যোতি বৰাই সমল ব্যক্তি হিচাবে অংশ গ্ৰহন কৰি হলৌ বান্দৰ আৰু ইয়াৰ সংৰক্ষণৰ বিষয়ত বিষদ আলোচনা কৰে ৷ অনুষ্ঠানৰ আৰম্ভনীতেই বাগৰি বনাঞ্চলৰ বনাঞ্চলিক বিষয়া বিবিধ দিহিঙীয়াই আদৰণী ভাষণেৰে সকলোকে মালনি বনশিৱিৰৰ অনুষ্ঠানলৈ আদৰণী জনায় ৷ অনুষ্ঠানত কাঞ্চনজুৰি ভহফুং ইংজাই গাওঁৰ গাওঁবুঢ়া চামসিং ইংজাই, কাঞ্চনজুৰি গটঙা গাওঁৰ বেণু ছেত্ৰী, চিলিংখোৱা গাওঁৰ লংবিৰাম ইংতি, বিশ্ব প্ৰকৃতি নিধিৰ সমন্বয়ক ত্ৰিদীপ শৰ্মা, চাৰকাম ৰংফাৰ আৰু জয়ন্ত ডেকাৰ উপৰিও মালনি বন শিৱিৰৰ বন কৰ্মী সকলে অংশ গ্ৰহন কৰে ৷ অনুষ্ঠানৰ লগত সংগতি ৰাখি ছাত্ৰ ছাত্ৰী সকলে হলৌ গিৱনৰ আৱাস হিচাবে খ্যাত কাঞ্চনজুৰি এনিমেল কৰিডৰত চাফাই অভিযান চলাই ৩৭ নং ৰাষ্ট্ৰীয় পথৰ দুয়ো কাষৰ সমুহ আৱৰ্জনা পৰিস্কাৰ কৰে ৷

Leave a Reply

Your email address will not be published. Required fields are marked *