বোকাখাত মহকুমাত আবকাৰী আৰু আৰক্ষী বিভাগৰ যুতীয়া অভিযানত বৃহৎ প্ৰৰিমানৰ মদ বনোৱা পাচ্ আৰু চুলাই মদ জব্দ

কাজিৰঙা লাইভ, বোকাখাত, ১২ জুলাই : বোকাখাত মহকুমা আৱকাৰী আৰু আৰক্ষী বিভাগে বোকাখাত আৰক্ষী চকীৰ অন্তৰ্গত বৰচাপৰি আৰু চাপৰিগাওঁ এলেকাত যুতীয়াভাবে অভিযান চলাই ১২০০ লিটাৰ চুলাই মদ বনোৱা পাচ্ আৰু ১০ লিটাৰ অবৈধ চুলাই মদ জব্দ কৰি নষ্ট কৰাৰ লগতে বহু সংখ্যক মদ তৈয়াৰ কৰা সামগ্ৰীও জব্দ কৰি নষ্ট কৰে। উল্লেযোগ্য যে, সমগ্ৰ বোকাখাত মহকুমাত অনাগত দিনত আবকাৰী বিভাগে অবৈধ চুলাই মদৰ ঘাটিসমূহ উচ্ছেদ কৰিবৰ বাবে অভিযান তীব্ৰতৰ কৰি তুলিব।

Leave a Reply

Your email address will not be published. Required fields are marked *