বোকাখাতত এগৰাকী যুৱতীয়ে নিজৰ জন্মদিন উপলক্ষে কৰ্তব্যৰত আৰক্ষী, গৃহৰক্ষী-সেনা জোৱানলৈ আগবঢ়ালে দুপৰীয়াৰ এসাঁজ ৷

পলিমা বি চেতিয়া’ৰ ৰিপোৰ্ট, কাজিৰঙা লাইভ , ১১ জুলাইঃ সাম্প্ৰতিক সময়ত ভয়ংকৰ কভিড ১৯ৰ সংক্ৰমনৰ গৰাহত বোকাখাত। গণ সংক্ৰমণ ৰোধৰ বাবে সম্পূৰ্ণ বোকাখাত মহকুমা কণ্টেইনমেণ্ট জ’নত আছে। এই সংক্ৰমণ ৰোধৰ বাবে প্ৰশাসন, স্বাস্থ্য বিভাগে চলোৱা যৎপৰোনাস্তি চেষ্টাত বহু সচেতন ব্যক্তি, সাংবাদিক, সংস্থা, অনুষ্ঠান আদিয়ে সম্পূৰ্ণ সহযোগিতা আগবঢ়াই অহা দেখা গৈছে ৷ এনে সহযোগিতাৰ দৃষ্টান্ত আজিও দেখা পোৱা গ’ল বোকাখাতৰ আৰক্ষী থানাত ৷ সমাজৰ বিভিন্ন ব্যক্তিক বিভিন্ন সময়ত সততে সহায়ৰ হাত আগবঢ়াই অহা এনে এগৰাকী যুৱতী হৈছে নুমলীগড়ৰ সফল ব্যৱসায়ী,উদ্যমী কৃষক ,সমাজসেৱক তথা এগৰাকী কবি মামণ বড়ো ৷ডিব্ৰুগড় বিশ্ববিদ্যালয়ৰ পৰা স্নাতকোত্তৰ হৈও নিজে টেক্টৰ চলাই খেতি কৰা, নিজ হাতেৰে কাপোৰ বোৱা,মৎস্য পালন কৰাকে ধৰি পৰৱৰ্তী সময়ত শিল-বালি-ইটাৰ ব্যৱসায়টো নামি পৰি আজি সফল ব্যৱসায়ী হিছাপে পৰিগণিত হৈছে মামণ ৷ উচ্চশিক্ষিতা মামণে পিতৃৰ বিয়োগৰ পাছত অশেষ ধৈৰ্য্য আৰু কষ্টেৰে সফল হৈ আজি তাইৰ জন্মদিনত বৰ্তমান সময়ত কৰ্তব্যৰ খাতিৰত খোৱা-বোৱা কৰিবলৈও সময় নোপোৱা বোকাখাত আৰক্ষী থানাৰ আৰক্ষী সকলৰ লগতে বোকাখাতত নিয়োজিত প্ৰথম শ্ৰেণীৰ কভিড যোদ্ধা অসম আৰক্ষী, গৃহৰক্ষী আৰু সেনা জোৱানসকলৰ বাবে দুপৰীয়াৰ এসাঁজৰ ব্যৱস্থা কৰে। সম্প্ৰতি গোলাঘাট জিলাৰ লগতে বোকাখাত মহকুমাও সম্পূৰ্ণ লক-ডাউনত থকাৰ বাবে বোকাখাতৰ জৰুৰীকালীন ব্যৱসায় প্ৰতিষ্ঠানক বাদ দি হোটেল আৰু আন সকলো ব্যৱসায় প্ৰতিষ্ঠান বন্ধ থকাত আৰক্ষী, গৃহৰক্ষী আৰু সেনা জোৱান সকলে সময়ত আহাৰ গ্ৰহণ নকৰাকৈও জনস্বাস্থ্যৰ সুৰক্ষাৰ স্বাৰ্থত নিজৰ কৰ্তব্য ৰূপায়ণত ব্যস্ত আছে। সেয়েহে অন্ততঃ এটা দিন এইসকল লোকক এসাঁজ দিয়াৰ অৰ্থে মামণ বড়োয়ে নিজৰ জন্মদিন উপলক্ষে এই লোকসকলক এসাঁজ আগবঢ়োৱাৰ লগতে আৰক্ষী বিষয়া সকলকো নিজে বোৱা একোখনকৈ গামোছাৰে আদৰণি জনায়৷ বোকাখাতৰ ৰাষ্ট্ৰীয় ঘাইপথৰ লগতে থকা আৰক্ষী থানাৰ সন্মুখত, বোকাখাতস্থ অসম ৰাজ্যিক পৰিবহন নিগমৰ কাৰ্যালয়ৰ সন্মুখত আৰু বি ডি এম ৰ’ডৰ লগতে বিভিন্ন স্থানত কৰ্তব্যৰত আৰক্ষী আৰু সেনা জোৱান সকলক সম্পূৰ্ণ কভিড প্ৰট’কল মানি দুপৰীয়াৰ এসাঁজ আগবঢ়াই ৷ কভিডৰ দ্বিতীয়টো ঢৌৱে বৃহত্তৰ বোকাখাত অঞ্চলত বৃহৎ গণ সংক্ৰমনৰ ৰূপ লোৱাত জনসাধাৰণৰ প্ৰতি সহায়ৰ হাত আগবঢ়াই মানৱ জাতিৰ অস্তিত্ব ৰক্ষাৰ সংগ্ৰামত মামণ বড়োয়ে সহযোগিতা কৰি আহিছে ৷ বিগত সময়ত তীব্ৰ আৰ্থিক সংকটত ভোগা শ্ৰমিক তথা দৰিদ্ৰ পৰিয়াললৈ খাদ্য সামগ্ৰীৰ সাহায্য আগবঢ়োৱাকে ধৰি ব্যক্তিগত উদ্যোগত কভিডৰ গণ সংক্ৰমণ ৰোধৰ বাবে মাস্ক,চেনিটাইজাৰ বিতৰণকে ধৰি বিভিন্ন কাৰ্যসূচী গ্ৰহণ কৰিছিল। মামণ বড়ো কেৱল নাৰী সৱলীকৰণৰ এক সফল উদাহৰণেই নহয় – সমগ্ৰ যুৱ প্ৰজন্মৰ বাবে এক আদৰ্শ ৷ পাঁচহাজাৰ টকাৰে ব্যৱসায় আৰম্ভ কৰি আজি বহু যুৱকক সংস্থাপন দিয়াৰ উপৰিও বহু পৰিয়ালক দুবেলা_দুমুঠিৰ যোগান ধৰিবলৈ সক্ষম হোৱা সফল যুৱ ব্যৱসায়ী মামণ কবি সমাজতো এক চিনাকি নাম ৷অসমৰ বিভিন্ন কবি সংগঠন, সামাজিক-সাংস্কৃতিক অনুষ্ঠান আৰু সংগঠনৰ সৈতেও জড়িত হৈ দক্ষতাৰে নিজৰ সকলো কাম কৰি গৈছে মামণ বড়োয়ে ৷

Leave a Reply

Your email address will not be published. Required fields are marked *