কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যানত সন্ধানহীন বনকৰ্মী

নিউজ ডেস্ক, কাজিৰঙা লাইভ, ৭ জুলাই: কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যানৰ অন্তৰ্ভাগৰ পৰা নিৰুদ্দেশ বনকৰ্মী। নিৰুদ্দিষ্ট বনকৰ্মী জনৰ নাম ৱাহিদুৰ ৰহমান। কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যানৰ বাগৰি বনাঞ্চলৰ আমকাঠনি বন শিবিৰৰ পৰা নিৰুদ্দেশ বনকৰ্মী জন। মঙ্গলবাৰৰ নিশাৰ পৰা নিৰুদ্দেশ হৈ আছে বনকৰ্মী জন। বনকৰ্মী জনক বিচাৰি বন বিভাগ আৰু আৰক্ষীৰ অভিযান অব্যাহত। বনকৰ্মী জনৰ ঘৰ ছয় গাঁও বকুত বুলি জানিবলৈ দিছে উদ্যানৰ dfo ৰমেশ কুমাৰ গগৈয়ে।

Leave a Reply

Your email address will not be published. Required fields are marked *