কাজিৰঙাত আসন্ন বানপানীৰ সময়ত জীৱ জন্তুৰ সুৰক্ষাৰ প্ৰতি লক্ষ্য ৰাখি মহকুমা দণ্ডাধীশে জাৰি কৰিছে ১৪৪ ধাৰা।

নিউজ ডেস্ক,কাজিৰঙা লাইভ,৫ জুলাই: বানপানীৰ সময়ত দেখা যায় যে কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যানৰ বহুখিনি বনৰীয়া জীৱ জন্তু প্ৰাণৰ মমতাত ৰাষ্ট্ৰীয় উদ্যানৰ পৰা ওলাই আহি ৰাষ্ট্ৰীয় ঘাই পথৰ দাঁতিত আশ্ৰয় লয় অথবা ঘাই পথটো পাৰ হৈ ওখ অঞ্চল সমূহলৈ গতি কৰে। তেনে ক্ষেত্ৰত পথটোৰ দাঁতিত থাকোতে অথবা পাৰ হৈ যাওতে বহু সংখ্যক জীৱ জন্তু গাড়ীৰ খুন্দাত মৃত্যু হয় অথবা আঘাতপ্ৰাপ্ত হয়। এই জীৱ জন্তুসমূহৰ সুৰক্ষাৰ বাবে বোকাখাতৰ মহকুমা দণ্ডাধীশ বিপুল দাসে কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যানৰ সংলগ্ন এলেকাত ৩০ জুনৰ পৰা বলৱৎ হোৱাকৈ ১৪৪ ধাৰা জাৰি কৰিছে। সেই অনুসৰি কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যানৰ পানবাৰী এনিমেল কৰিডৰৰ পৰা হালধিবাৰীলৈকে ৩৭ নং ৰাষ্ট্ৰীয় ঘাই পথত কোনো বাহন ৪০ কি. মি. তকৈ অধিক বেগত চলাব নোৱাৰিব। তাৰোপৰি উক্ত নিৰ্ধাৰিত এলেকাৰ পথৰ দাঁতিত থকা হোটেল, ধাবা তথা ৰেষ্টুৰেণ্ট সমৃহৰ সন্মুখত গধুৰ যানবাহন পাৰ্কিং কৰি ৰাখিব নোৱাৰিব। কোনো ব্যক্তিয়ে এই নিৰ্দেশনা অমান্য কৰিলে ভাৰতীয় দণ্ড বিধি আইন ১৮৮ ধাৰাৰ অধীনত যথোপযুক্ত ব্যৱস্থা গ্ৰহণ কৰা হব ৷ ইফালে, কলিয়াবৰ মহকুমা প্ৰশাসনে ইতিমধ্যে ৩৭ ৰাষ্ট্ৰীয় ঘাইপথত ১৪৪ ধাৰা জাৰি কৰিছে।

Leave a Reply

Your email address will not be published. Required fields are marked *