গোলাঘাট জিলাত ক’ভিড ৰোগীৰ সংস্পৰ্শলৈ অহা লোকৰ পৰীক্ষাৰ সংখ্যা বৃদ্ধি কৰাৰ নিৰ্দেশ উপায়ুক্তৰ

কাজিৰঙা লাইভ, গোলাঘাট, ২ জুলাই : গোলাঘাট জিলাৰ উপায়ুক্ত মানৱেন্দ্ৰ প্ৰতাপ সিঙে সমগ্ৰ জিলাখনতে ক’ভিড ৰোগীৰ সংস্পৰ্শলৈ অহা লোকৰ পৰীক্ষাৰ সংখ্যা বৃদ্ধি কৰিবলৈ জিলা স্বাস্থ্য বিভাগক নিৰ্দেশ দিছে । এজনৰ দেহত সংক্ৰমণ ধৰা পৰিলে তেওঁৰ সংস্পৰ্শলৈ অহা ২০ ৰ পৰা ২৫ জন লোকৰ পৰীক্ষা কৰিবলৈ তেওঁ নিৰ্দেশ দিছে । আজি জিলা উপায়ুক্তৰ কাৰ্য্যালয়ৰ সভাকক্ষত অনুষ্ঠিত এখন পৰ্যালোচনা বৈঠকত উপায়ুক্তগৰাকীয়ে এই নিৰ্দেশ দিয়ে । তেওঁ পৰীক্ষা, চিনাক্তকৰণ আৰু চিকিৎসা এই তিনিটা উপায়েৰেহে ক’ভিডবিৰোধী যুঁজখনত জয়লাভ কৰিব পৰা যাব বুলি মতপ্ৰকাশ কৰে । তেওঁ কোনো অঞ্চলত ১০ জন বা তাতকৈ অধিক লোকৰ দেহত সংক্ৰমণ ধৰা পৰিলে অতি সোনকালেই অঞ্চলটোক কণ্টেইনমেণ্ট জ’ন হিচাপে ঘোষণা কৰাটো সুনিশ্চিত কৰিবলৈ নিৰ্দেশ দিয়ে । তেওঁ মৃত্যুৰ হাৰ ৰোধ কৰাৰ বাবে ৰোগীক ঘৰতে আছুটীয়াকৈ থকাৰ অনুমতি দিয়াৰ ক্ষেত্ৰত সতৰ্ক হ’বলৈ ৰাজহ চক্ৰ বিষয়াসকলক নিৰ্দেশ দিয়ে । লগতে ৰোগীয়ে ঔষধ পোৱাটো সুনিশ্চিত কৰিবলৈও উপায়ুক্তগৰাকীয়ে স্বাস্থ্য বিভাগক নিৰ্দেশ দিয়ে । আনহাতে একাংশ লোকে ক’ভিডৰ নীতি-নিৰ্দেশনা নামানি ঘূৰি ফুৰা বিষয়টোত উদ্বিগ্নতা প্ৰকাশ কৰি তেওঁ এই ক্ষেত্ৰত অধিক কঠোৰ হ’বলৈ নিৰ্দেশ দিয়ে । বৈঠকত বোকাখাত মহকুমাৰ মহকুমাধিপতি বিপুল দাস, অতিৰিক্ত উপায়ুক্ত পল্লৱী গগৈ আৰু স্বাস্থ্য সেৱাৰ যুটীয়া সঞ্চালক ডাঃ অৰুণ চন্দ্ৰ মহন্তৰ লগতে জিলা প্ৰশাসন আৰু স্বাস্থ্য বিভাগৰ বিষয়াসকল উপস্থিত আছিল ।

Leave a Reply

Your email address will not be published. Required fields are marked *