ক’ভিডৰ ফলত কৰ্ম-সংস্থাপনহীন হোৱা কাজিৰঙাৰ একাংশ লোকক সাহাৰ্য প্ৰদান ‘কাজিৰঙা লাইভ’ৰ

নিউজ ডেস্ক, কাজিৰঙা লাইভ, ২ জুলাই: বোকাখাত মহকুমাত ক্ৰমবৰ্ধমান কভিড ৰোগীৰ প্ৰতি লক্ষ্য ৰাখি ৰাজ্য চৰকাৰে সমগ্ৰ মহকুমাটোত লকডাউন ঘোষণা কৰাৰ লগে-লগে আৰ্থিক নাটনিত দিশহাৰা হৈ পৰিছে একাংশ লোক ৷ দিন-হাজিৰা কৰি কোনোমতে পৰিয়াল একোটা ভৰণ-পোষণ দি থকা লোক সকলে লকডাউনৰ পৰিপ্ৰেক্ষিতত কোনো ধৰণৰ কাম -বন কৰিবলৈ সুবিধা নোপোৱাৰ বাবে দিনতে অন্ধকাৰ দেখিছে এইসকলৰ পৰিয়াল বৰ্গই ৷ দুবেলা -দুমুঠি বাদ দি নিজৰ পৰিয়ালৰ মুখত এমুঠিও যোগাৰ দিব নোৱাৰি চৰম হতাশাত ভোগা কিছু এনে পৰিয়ালৰ কাষত ঠিয় হৈছেগৈ “কাজিৰঙা লাইভ ” পৰিয়াল ৷ কাজিৰঙা লাইভ পৰিয়ালৰ হৈ মুখ্য সম্পাদক ভবানন্দ কলিতা,মুখ্য উপদেষ্টা ৰঞ্জিত ৰজক,কাৰ্যবাহী সম্পাদক পলিমা বি চেতিয়া,পৰামৰ্শীয় সম্পাদক ধ্ৰুৱজ্যোতি সাহা,মানৱ সম্পদ উন্নয়ন বিষয়া বিতোপন বৰা,বাৰ্তা সম্পাদক অনুজ বেলৱাৰ ,কিষণ চেত্ৰী আৰু কাৰিকৰী সহায়ক চন্দন দত্তই আৰ্থিকভাৱে কোঙা হৈ পৰা এনে বহুকেইটা পৰিয়ালৰ হাতত তুলি দিয়ে কিছু খাদ্য-সামগ্ৰীৰ টোপোলাৰ লগতে মাস্ক আৰু চেনিটাইজাৰ ৷ সাম্প্ৰতিক সময়ত কৰ্ম-সংস্থাপনহীন হৈ অৰ্থনৈতিক ভাৱে দুৰ্বল হোৱা এনে দিশহাৰা পৰিয়াল সমূহৰ কাষত মানৱতাৰ খাতিৰতে আৰ্থিকভাৱে সবল সকল আহি উপস্থিত হবহি বুলি আশা প্ৰকাশ কৰে “কাজিৰঙা লাইভ” পৰিয়ালে ৷ মহীৰূহ ভূপেন হাজৰিকাৰ অমৰ সৃষ্টি “মানুহে মানুহৰ বাবে ” গীতটি সাৰ্থক কৰি এনে বিপদৰ সময়ত আন্তৰিক প্ৰচেষ্টা আৰু সহযোগিতাৰে বিপদত পৰা জনক উদ্ধাৰ কৰিবলৈ সকলোকে আহ্বান জনাইছে কাজিৰঙা লাইভ পৰিয়ালে ৷

Leave a Reply

Your email address will not be published. Required fields are marked *