বোকাখাতত চোৰাং কাঠসহ একে নম্বৰৰ দুখন ট্ৰাক জব্দ

নিউজ ডেস্ক, কাজিৰঙা লাইভ, ১৭ জুন: বোকাখাতত গোলাঘাটৰ অতিৰিক্ত আৰক্ষী অধীক্ষক অঞ্জন পণ্ডিতৰ বিশেষ অভিযান চোৰাং কাঠসহ একে নম্বৰৰ দুখন ট্ৰাক জব্দ ৷
গোপন সুত্ৰৰ আধাৰত বুধবাৰৰ নিশা চলোৱা এক অভিযানত চোৰাং কাঠসহ একে নম্বৰ প্লেটৰ দুখন ট্ৰাক জব্দ কৰে অতিৰিক্ত আৰক্ষী অধীক্ষক গৰাকীয়ে ৷ দুয়োখনৰ ট্ৰাকৰে পঞ্জীয়ন নম্বৰ AS01KC 6766 ৷ অৰুণাচলৰ পৰা গুৱাহাটী অভিমুখে আহি থকা প্ৰথম খন কাঠ ভৰ্তি ট্ৰাক বোকাখাতৰ লখৌজানৰ এটা তেল ডিপোৰ পৰা জব্দ কৰাৰ পিচত নিশালৈ দ্বিতীয়খন ট্ৰাকো ৩৭ নং ৰাষ্ট্ৰীয় পথত অভিযান চলাই জব্দ কৰে আৰক্ষী বিষয়া জনৰ নেতৃত্বত যোৱা আৰক্ষীৰ দলেটোৱে ৷ ট্ৰাকৰ দুখনৰ পৰা চোৰাং কাঠৰ লগতে কাঠখিনিৰ এখন ভুৱা টি পি উদ্ধাৰ কৰে ৷ ঘটনাৰ সন্ধৰ্ভত বোকাখাত থানাত এটা গোচৰ ৰজু কৰি আৰু অধিক তথ্যৰ বাবে অনুসন্ধান আৰম্ভ কৰিছে আৰক্ষীয়ে ৷

Leave a Reply

Your email address will not be published. Required fields are marked *