‘সাহিত্য অণ্বেষণ’ৰ উদ‍্যোগত সদৌ অসম ভিত্তিত মুকলি ৰচনা প্ৰতিযোগিতাৰ ফলাফল ঘোষণা

নিউজ ডেস্ক, কাজিৰঙা লাইভ, ২২ জুন : অসমীয়া সাহিত্য চৰ্চাৰ অন্যতম গোট “সাহিত্য অণ্বেষণে” বিষ্ণু ৰাভা দিৱস উপলক্ষে সদৌ অসম ভিত্তিত এখনি অনলাইন ৰচনা প্ৰতিযোগিতাৰ আয়োজন কৰিছিল । এই প্ৰতিযোগিতাৰ ফলাফল সমূহ ২০ জুন ৰাভা দিৱসৰ দিনা সামাজিক মাধ্যম গুগল মিটৰ জৰিয়তে ঘোষণা কৰা হয় ।অসমৰ বিভিন্ন প্ৰান্তৰৰ প্ৰতিযোগীৰ অংশগ্ৰহণেৰে এই অনলাইন ৰচনা প্ৰতিযোগিতা খনি সফলতাৰে আয়োজন কৰা হয় ।
সাহিত্য অণ্বেষণৰ মুখ্য সম্পাদক দৃষ্টিৰূপা বৰদলৈ , সাধাৰণ সম্পাদক দীপজ্যোতি বৰদলৈ , কৃষ্ণাজ্যোতি জোনাকৰ লগতে অন্বেষণ গোটৰ সদস্য ,প্ৰতিযোগীসকলক একত্ৰিত কৰি বিচাৰক কমলজিৎ কলিতায়ে গুগল মিট যোগে ফলাফল ঘোষণা কৰে । সাহিত্য অণ্বেষণৰ মুখ্য সম্পাদক দৃষ্টিৰূপা বৰদলৈয়ে আঁত ধৰা অনুষ্ঠানটোত উপস্থিত থাকি বিপ্লৱী শিল্পী বিষ্ণুপ্ৰসাদ ৰাভাৰ জীৱন- দৰ্শন,তেখেতৰ অনবদ্য সৃষ্টিৰাজি,অসমৰ সমাজ জীৱনলৈ আগবঢ়োৱা তেখেতৰ বহুমূলীয়া অৱদান তথা তেখেতৰ বিস্তৃত কৰ্মৰাজিৰ ওপৰত আলোকপাত কৰাৰ সমান্তৰালভাৱে তেখেতক শ্ৰদ্ধা জনাই তেখেতৰ স্বৰচিত কবিতা পাঠেৰে অনুষ্ঠানটিৰ শুভ আৰম্ভণি কৰে আয়েশ্বা ছিদ্দিকা বৰভূঞাই। অনুষ্ঠানটোত উপস্থিত আছিল কমলজিৎ কলিতা, কেশৱ কুমাৰ শইকীয়া, ভাৰত দাস ,এপলিনা বৰা , বৰ্ণিল,মনোজ বৈশ‍্য,দেৱৰাজ কলিতা,নীৰ শৰ্মা ,গায়ত্ৰী দেৱী, অনুপ অসমীয়া, পল্লৱীকা বৰুৱা, ৰাজশ্ৰী বৰা , ৰূপাশ্ৰী দেৱী , প্ৰিয়াশ্ৰী নেওঁগ , অবিনাশ বৰা , স্বপ্নম কলিতা আদিৰ লগতে অনুষ্ঠানটিত অংশগ্ৰহণ কৰা বহুসংখ্যক প্ৰতিযোগী ৷ বিচাৰক কমলজিৎ কলিতাই বিষ্ণু ৰাভা দেৱৰ সামগ্ৰিক সকলো বিষয় সামৰি প্ৰতিযোগী সকলক জনোৱাৰ লগতে ৰচনা প্ৰতিযোগিতাত দেখা কিছু ভুলবোৰো প্ৰতিযোগী সকলক আঙুলিয়াই দেখুৱাই পৰৱৰ্তী সময়ত এইক্ষেত্ৰত সতৰ্ক হ’বলৈ আহ্বান কৰি প্ৰতিযোগিতাৰ ফলাফল ঘোষণা কৰে । অসমৰ বিভিন্ন প্ৰান্তৰৰ প্ৰতিযোগীয়ে অংশগ্ৰহণ কৰা এই প্ৰতিযোগিতাৰ ফলাফল সমূহ হ’ল -‘ক ‘শাখাত প্ৰথম স্থান লাভ কৰে গোলাঘাটৰ বিদিশা পল্লৱী বৰা আৰু দ্বিতীয় স্থান লাভ কৰে কামৰূপৰ সাগৰিকা গোস্বামীয়ে, তৃতীয় স্থান লাভ কৰে কলিয়াবৰৰ নিমিষা বৰা আৰু গোলাঘাটৰ নিশিতা বৰাই। উদগনি মূলক ভাবে বঁটা লাভ কৰে সাগৰিকা শৰণীয়া, দিলনেৱাজ আহমেদ, সমীক্ষা শইকীয়া, বুলদিতা মহন্ত, মৃগাংক কলিতা আৰু আস্থা বৰা। ঠিক সেইদৰে ‘খ’ শাখাৰ বিজয়ী সকল হৈছে দৰং মহাবিদ্যালয়ৰ ৰাজদ্বীপ মহন্ত প্ৰথম স্থান , দ্বিতীয় যোৰহাট অভিযান্ত্ৰিক মহাবিদ্যালয়ৰ পংকজ কলিতা আৰু মৰিগাঁও মহাবিদ্যালয়ৰ জাহ্নৱী ডেকা।তৃতীয় স্থান লাভ কৰে লক্ষীমপুৰৰ নিবেদিতা হাজৰিকা আৰু গুৱাহাটী বিশ্ববিদ্যালয়ৰ পৰিণীতা কলিতাই । উদগনি মূলক ভাবে বঁটা লাভ কৰিছে বন্দনা দত্ত, অন্তৰীপ কাকতি, বৰষা ডেকা, ভাৰ্গব বৰুৱা বনশ্ৰী বৰষা ডেকা, অংকুৰিমা দাস আৰু প্ৰবাস উপাধ্যায়ে। প্ৰতিযোগিতাত অংশ গ্ৰহণ কৰা প্ৰতি গৰাকী প্ৰতিযোগীক সাহিত্য অণ্বেষণৰ তৰফৰ পৰা আন্তৰিক ধন্যবাদ আৰু কৃতজ্ঞতা জ্ঞাপন কৰা হয় । ৰচনা প্ৰতিযোগিতাৰ ফলাফলৰ বিষয়ে সবিশেষ জানিবলৈ সাহিত্য অন্বেষণৰ হোৱাটছএপ গ্ৰুপৰ এই নম্বৰত ৮০১১৭০২৩৪৮ অথবা ৭৬৬৪০৭৯৬৫৬ ত যোগাযোগ কৰিব পাৰিব বুলি সাহিত্য অণ্বেষণৰ মুখ্য সম্পাদক দৃষ্টিৰূপা বৰদলৈয়ে জানিবলৈ দিয়ে ।

Leave a Reply

Your email address will not be published. Required fields are marked *