পুত্ৰৰ মৃত্যুৰ ২৪ ঘন্টাৰ পাছতে কোভিড ১৯ য়ে প্ৰাণ কাঢ়ি নিলে পিতৃৰ

নিউজ ডেস্ক, কাজিৰঙা লাইভ, ১৭ জুন: কাজিৰঙাত ক’ভিড আক্ৰান্ত হৈ মৃত্যু পিতা পুত্ৰৰ। কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যানৰ দাঁতি কাষৰীয়া গাওঁ ম’হপাৰৰ নিবাসী উমেশ গগৈ দীৰ্ঘদিন ধৰি আক্ৰান্ত হৈ আছিল কোভিডত । আনহাতে একেখন ঘৰৰে উমেশ গগৈৰ পুত্ৰ সঞ্জয় গগৈ (৩৮) কোভিড ১৯ ৰোগত আক্ৰান্ত হোৱাৰ পিছত চিকিৎসাৰ অন্তত পুনৰ ক’ভিড পৰীক্ষাত নিগেটিভ ফলাফল ওলাই যদিও মঙলবাৰে নিশা মৃত্যু হয়। জানিব পৰা মতে মধ্য কাজিৰঙা গাঁও পঞ্চায়তৰ অধীনত  ম’হপৰা গাঁও নিবাসী তথা উদীয়মান যুৱক সঞ্জয় গগৈ (৩৮)ক ক’ভিড নিগেটিভ হোৱাৰ পাছত বোকাখাত  চিকিৎসালয়ৰ পৰা গুৱাহাটীলৈ উন্নত চিকিৎসাৰ বাবে নি থকা অৱস্থাত মঙলবাৰে নিশা প্ৰায় ১-৩০ বজাত আমনিত মৃত্যু হয় । পৰিয়ালৰ লোকে জানিব দিয়া মতে সঞ্জয় ক’ভিড ৰোগত আক্ৰান্ত হৈ বোকাখাত মহকুমা চিকিৎসালয়ৰ ক’ভিড কেয়াৰ চেন্টাৰত ভৰ্তি আছিল । এদিন পূৰ্বে ক’ভিড পৰীক্ষাত ফলাফল নিগেটিভও হৈছিল । কেৱল দুৰ্বল হৈ আছিল । ইফালে, মঙলবাৰে নিশা বোকাখাত চিকিৎসালয়ত থকা অৱস্থাত অক্সিজেনৰ পৰিমাণ হ্ৰাস পোৱাৰ লগতে দুৰ্বল অনুভৱ কৰাত উন্নত চিকিৎসাৰ বাবে গুৱাহাটীলৈ নিয়াৰ পথত মৃত্যু হয় । আনহাতে পুত্ৰৰ অকাল মৃত্যুৰ পিছতে কোভিড আক্ৰান্ত হৈ যোৰহাটত চিকিৎসাধীন অৱস্থাত থকা পিতৃ উমেশ গগৈ বুধবাৰে নিশা মৃত্যু হয়। পিতা পুত্ৰৰ মৃত্যুত সমগ্র কাজিৰঙা অঞ্চলত শোকৰ ছাঁ পৰিছে।

Leave a Reply

Your email address will not be published. Required fields are marked *