বোকাখাতত ৰাষ্ট্ৰীয় খাদ্য সুৰক্ষা আইনৰ ভূৱা ৰেচন কাৰ্ডধাৰী সকলক এক সপ্তাহৰ ভিতৰত চিনাক্ত কৰিবলৈ নিৰ্দেশ মহকুমাধিপতিৰ।

কাজিৰঙা লাইভ, বোকাখাত ১১ জুন : বোকাখাতৰ মহকুমাধিপতি বিপুল দাসে আজি ৰাজহচক্ৰ বিষয়াক বোকাখাত মহকুমাৰ অন্তৰ্গত সুলভ মূল্যৰ দোকানসমূহৰ পৰা ৰাষ্ট্ৰীয় খাদ্য সুৰক্ষা আইন ২০১৩ ৰ অধীনত ৰেচন কাৰ্ড লাভ কৰি থকা ভূৱা তথা যোগ্যতাহীন হিতাধিকাৰীক চিনাক্ত কৰিবৰ বাবে গাওঁবুঢ়া সকলক সত্যা-সত্য নিৰূপণৰ দায়িত্ব দিবলৈ নিৰ্দেশ দিয়ে। এই নিৰ্দেশ লাভ কৰাৰ ৭ দিনৰ ভিতৰত গাওঁবুঢ়া আৰু সুলভ মূল্যৰ দোকানীৰ স্বাক্ষৰিত সত্যা-সত্য নিৰূপণ কৰা হিতাধিকাৰীৰ তালিকা দাখিল কৰিবলৈ নিৰ্দেশ দিয়ে। চৰকাৰে ৰাষ্ট্ৰীয় খাদ্য সুৰক্ষা আইন ২০১৩ ৰ অধীনত কোনো ভূৱা তথা যোগ্যতাহীন হিতাধিকাৰী যাতে উপকৃত নহয় সেইয়া সুনিশ্চিত কৰাত গুৰুত্ব আৰোপ কৰিছে বুলি নিৰ্দেশনাত উল্লেখ কৰা হৈছে।

Leave a Reply

Your email address will not be published. Required fields are marked *