বোকাখাতত মহীৰূহ কথাশিল্পী হোমেন বৰগোহাঞিলৈ ‘কাজিৰঙা লাইভ’ পৰিয়ালৰ শ্ৰদ্ধাঞ্জলি : উন্মোচন কৰিলে এখনি গ্ৰন্থ “মহীৰূহ,অক্ষয় বন্তি হৈ জ্বলি থাকিব যুগান্তৰলৈ”

নিউজ ডেস্ক, কাজিৰঙা লাইভ, ১৫ জুন: ‘কাজিৰঙা লাইভ’ নামৰ সংবাদ গোষ্ঠীটোৱে মঙ্গলবাৰে বোকাখাত নাট্য মন্দিৰত মহীৰূহ-কথাশিল্পী হোমেন বৰগোহাঞিলৈ গভীৰ শ্ৰদ্ধাঞ্জলি জনায়। ‘কাজিৰঙা লাইভ’ৰ পৰামৰ্শীয় সম্পাদক ধ্ৰুৱজ্যোতি সাহাই আঁত ধৰা শ্ৰদ্ধাঞ্জলি অনুষ্ঠানটিৰ বন্তি প্ৰজ্বলন কৰে অসম ৰাজ্যিক সাংবাদিক সংস্থাৰ সভাপতি জিতু শৰ্মা ৰাজখোৱাই ৷ কথাশিল্পী গৰাকীৰ প্ৰতিচ্ছবিত সমূহীয়া পুষ্পাঞ্জলি অৰ্পণ কৰে উপস্থিত গণ্যমান্য ব্যক্তিসকলৰ লগতে “কাজিৰঙা লাইভ” পৰিয়ালে ৷ ।’কাজিৰঙা লাইভ’ মুখ্য সম্পাদক ভৱানন্দ কলিতাৰ সভাপতিত্বত অনুষ্ঠিত এই অনুষ্ঠানত উদ্দেশ্য ব্যাখ্যা কৰে কাজিৰঙা লাইভৰ কাৰ্যবাহী সম্পাদক পলিমা বি. চেতিয়াই ৷ উদ্দেশ্য ব্যাখ্যাৰ পাছতেই যুগদ্ৰষ্টা হোমেন বৰগোহাঞিদেৱৰ ব্যক্তিত্ব,সাহিত্য তথা সমাজ জীৱনলৈ তেখেতৰ অৱদানকে ধৰি সামগ্ৰিক সকলো বিষয়ক সামৰি ভাৰতৰ বিভিন্ন প্ৰান্তৰৰ লেখকৰ লেখাৰে সমৃদ্ধ সাংবাদিক তথা সাহিত্যিক পলিমা বি চেতিয়াই সম্পাদনা কৰা ” মহীৰূহ, অক্ষয় বন্তি হৈ জ্বলি থাকিব যুগান্তৰলৈ” নামৰ গ্ৰন্থখনি উন্মোচন কৰে বোকাখাত মহকুমাৰ মহকুমাধিপতি বিপুল দাস আৰু কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যান সঞ্চালক পি শিৱ কুমাৰে। গ্ৰন্থ উন্মোচক দুগৰাকীয়ে হোমেন বৰগোহাঞিৰ বিস্তৃত কৰ্মৰাজিৰ বিশদ আলোচনাৰে অসমৰ জন-জীৱনলৈ তেখেতৰ অৱদানক শ্ৰদ্ধাৰে সোঁৱৰণ কৰাৰ সমান্তৰালভাৱে “কাজিৰঙা লাইভ”ৰ পৰিয়ালক এনে যোগাত্মক পদক্ষেপ লোৱাৰ বাবে ধন্যবাদ জনায় । অনুষ্ঠানত সন্মানীয় অতিথি হিচাপে উপস্থিত থাকি ভাষণ প্ৰদান কৰে অসম ৰাজ্যিক সাংবাদিক সংস্থাৰ সভাপতি জিতু শৰ্মা ৰাজখোৱা, অৱসৰ প্ৰাপ্ত প্ৰবক্তা তথা সাংবাদিক বাবুলাল ম’ৰ, বোকাখাত মহকুমা সাংবাদিক সংস্থাৰ সভাপতি বুবুল দত্ত, অচ্যুত হাজৰিকা, উত্তম শইকীয়া, প্ৰাঞ্জল হাজৰিকা আৰু কাজিৰঙা লাইভৰ মুখ্য উপদেষ্টা ৰঞ্জিত ৰজকে ৷ অনুষ্ঠানটিত উপস্থিত থাকে বোকাখাত মহকুমা সাংবাদিক সন্থাৰ সম্পাদক নীলু আচাৰ্য,পৱন কামান, প্ৰদ্যুত মহন্ত,বিতোপন বৰা,ৰাজীৱ বৰা,প্ৰদীপ হাজৰিকা,অমৰ বড়ি,অলকজ্যোতি শইকীয়া,হোমেন গগৈ,কিষণ চেত্ৰী,অনুজ বেলৱাৰ,ধ্ৰুৱজ্যোতি ৰাজখোৱা,প্ৰিয়ম শইকীয়াকে ধৰি বহুকেইজন সাংবাদিক ৷ সম্পূৰ্ণ কভিড প্ৰটকল মানি অনুষ্টুপীয়াকৈ অনুষ্ঠিত কৰা গাম্ভীৰ্যপূৰ্ণ তথা মনোজ্ঞ অনুষ্ঠানটিৰ শলাগৰ শৰাই আগবঢ়াই ধ্ৰুৱজ্যোতি সাহাই ৷

Leave a Reply

Your email address will not be published. Required fields are marked *