প্ৰাঞ্জল গগৈক মানৱ অধিকাৰ বৰ্ডৰ গোলাঘাট জিলা সভাপতিৰ দায়িত্ব অৰ্পণ

নিউজ ডেস্ক, কাজিৰঙা লাইভ, ২১ মে’: সততে অভিযোগ উত্থাপিত হোৱা মানৱ অধিকাৰ ভংগৰ ঘটনাৰ তদাৰক কৰিবলৈ গোলাঘাট জিলাৰ দায়িত্ব প্ৰদান কৰা হৈছে বোকাখাতৰ প্ৰাঞ্জল গগৈক৷ ইণ্টাৰনেচনেল হিউমেন ৰাইটচ কাউঞ্চিলৰ ৰাষ্ট্ৰীয় সভাপতিৰ স্বাক্ষৰিত এক পত্ৰযোগে আজিৰেপৰা কাৰ্যকৰী হোৱাকৈ প্ৰাঞ্জল গগৈক মানৱ অধিকাৰ বৰ্ডৰ গোলাঘাট জিলাৰ সভাপতি হিচাপে নিযুক্তি প্ৰদান কৰা হৈছে৷ অহা ২০২৩ বৰ্ষৰ ৩১ ডিচেম্বৰ পৰ্যন্ত দায়িত্ব লাভ কৰা প্ৰাঞ্জল গগৈয়ে গোলাঘাট জিলাত সংঘটিত মানৱ অধিকাৰ খৰ্বৰ বিষয়বোৰ স্থানীয়ভাৱে উপস্থাপন কৰাৰ সমান্তৰালভাৱে ৰাজ্যিক, ৰাষ্ট্ৰীয় তথা আন্তঃৰাষ্ট্ৰীয় প্ৰেক্ষাপটত তুলি ধৰিব পাৰিব৷ বিভিন্ন সামাজিক কৰ্মত দেহেকেহে সহযোগ কৰা প্ৰাঞ্জলক বিভিন্ন দল-সংগঠনে অভিনন্দন জনাইছে৷

Leave a Reply

Your email address will not be published. Required fields are marked *