কাজিৰঙাৰ পানবাৰী এনিমেল ক’ৰিডৰত গাড়ী খুন্দাত পহু মৃত্যু

কাজিৰঙা লাইভ, বোকাখাত , ১৬ মে’ : কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যানৰ এটা অতি গুৰুত্বপুৰ্ণ এনিমেল কৰিডৰ পানবাৰীত সোমবাৰে গাড়ীৰ খুন্দাত এটা পহু মৃত্যু হয় ৷ উত্তৰ দিশে থকা কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যানৰ পৰা পানবাৰী সংৰক্ষিত বনাঞ্চললৈ অহা এই পহুটোক ৩৭ নং ৰাষ্ট্ৰীয় পথ অতিক্ৰম কৰোতেই গাড়ীয়ে খুন্দিয়াই ৷ গাড়ীৰ খুন্দাত ঘটনাস্থলীতে পহুটোৰ মৃত্যু হয় ৷
পিচত মৃত পহুটোক মৰোনোত্তৰ পৰীক্ষাৰ বাবে সমীপতে থকা কাজিৰঙাৰ বন্যপ্ৰাণী পুনৰ সংস্থাপন আৰু সংৰক্ষণ কেন্দ্ৰলৈ লৈ যোৱা হয় ৷
বাৰিষাৰ আৰম্ভনীতেই সোমবাৰে কাজিৰঙাৰ এনিমেল কৰিডৰৰ ৰাষ্ট্ৰীয় পথাংশত সংঘৰ্টিত এই ঘটনাত চলিত বৰ্ষৰ প্ৰথমটো পহুৰ মৃত্যু হয় ৷৷

Leave a Reply

Your email address will not be published. Required fields are marked *