এক অনন্য সত্তাৰ অৱসান লেখা: হৃদয়ানন্দ গগৈ, গুৱাহাটী

১৯৫৩ চনত ৰামধেনু আলোচনীৰ ষষ্ঠ বছৰ সপ্তম সংখ্যাত “বৰষুণ” শীৰ্ষক গল্পৰে আৱিৰ্ভাব ঘটিছিল হোমেন বৰগোহাঞি নামৰ এইগৰাকী প্ৰথিতযশা কথাশিল্পীৰ । তাৰ পিছত আৰু ৰৈ থাকিবলগীয়া হোৱা নাই । অনন্য সৃষ্টিধাৰাৰ বৃষ্টি । মাথোঁ সৃষ্টি । অসমীয়া সাহিত্যৰ ইতিহাসত সৃষ্টিশীল সাহিত্যিক হিচাবে যি স্হান তেওঁ দখল কৰিবলৈ সক্ষম হৈছে সেয়া নিশ্চিতভাৱে কালজয়ী আৰু সমাজ আৰু জাতীয় চৈতন্যৰে সমৃদ্ধ মহিমামণ্ডিত অধ্যায় । তেওঁৰ মহাপ্ৰস্হানে সাহিত্যৰ লগতে অসমৰ বৌদ্ধিক জগতৰ বাবেও এক শূন্যতাৰ সৃষ্টি কৰিলে । সাংবাদিক হিচাবেও তেওঁ ভালেকেইখন কাকত সম্পাদনাৰ মাজেদি অপৰিসীম দক্ষতাৰ পৰিচয় দিয়াৰ উপৰিও অনেক জনক পাঠ শিকালে। তেওঁ অসম বাণীৰ সম্পাদক হৈ থাকোতে (১৯৯৬ চন) মই গৰীয়সীত যোগদান কৰিছিলো আৰু কিছু দিন নিবিড়ভাৱে তেওঁক পাইছিলো । প্ৰথম দিনটোৰ কথা মোৰ আজিও মনত আছে । আমি তেতিয়া একেখন ঘৰ হোৱাত স্বাভাৱিকতে আনুষ্ঠানিকভাৱেই মই তেওঁক মাত লগাবলৈ গৈছিলোঁ । প্ৰায় ১৫ মিনিট কথা পাতিছিলো। ভালেমান বিষয়ত। কিন্তু মুকলিভাৱে মোক পোনতে কোৱা কথাটো তাৎপৰ্যপূৰ্ণ । তেওঁ কৈছিল- “ডেকা মানুহে কিয় আলোচনীত কাম কৰিব লাগে, পেপাৰত কৰা। কাইলৈৰ পৰা তুমি ইয়াত কাম কৰা। অসম বাণীত অত্যন্ত ভাল লাগিব। মই পি জিক কৈ দিম।” মই তেওঁক অশেষ কৃতজ্ঞতা জ্ঞাপন কৰিলো আৰু বিগলিত মন এটা লৈ সেইবাৰ গ’লো তেতিয়াৰ ট্ৰিবিউনৰ সম্পাদক নৰেন ডেকাক মাত লগাবলৈ । তাতো একেই প্ৰসংগ, একেই অৱস্থা । তেওঁৰ প্ৰস্তাৱো একেটাই । ইংৰাজীত এম এ কৰি কি অসমীয়া কাকতত সাংবাদিকতা কৰিব লাগে? মই তেতিয়া ইংৰাজী অসমীয়া দুয়োটা ভাষাতে প্ৰায় সকলো কাকততে সমসাময়িক নানা বিষয়ক লেখা-মেলা কৰিছোঁ। নৰেন ডেকাদেৱে মোৰ মন সলনি কৰিবলৈ দুমাহমান চেষ্টা কৰিলে। কিন্তু মই আলোচনীখনৰ কামতে ঐকান্তিকতাৰে লাগি পৰিলোঁ কাৰণ চন্দ্ৰপ্ৰসাদ শইকীয়াৰ সহযোগিতাত মোৰ মনতো এক নতুনত্বৰ চিকমিকনি উঠা যেন উমান পাইছিলো । ভাল লাগিছিল । পুলকিত হৈছিলোঁ । কিন্তু হোমেন বৰগোহাঞিদেৱে মোক অব্যাহতি দিয়া নাছিল । ভালে কেইটা বিষয়ত মোক তেওঁৰ কাকতত লিখিবলৈ বাধ্য কৰিছিল । মই ‘ৰামধেনুৰ শ্ৰেষ্ঠ গল্প’ সংকলনখন কৰোতে তেওঁক সৃষ্টিশীল সাহিত্যিক হিচাবে পুনৰ আৱিষ্কাৰ কৰিবলৈ সুযোগ পাইছিলো আৰু তেওঁৰ অনন্য কথাশৈলীত অসমীয়া সাহিত্যৰ কালাতীত স্ফূৰণ দেখিছিলোঁ । মই তেওঁৰ ‘ইস্মাইল শেখৰ সন্ধানত’ গল্পটো ৰামধেনুৰ পাতৰপৰা সংকলিত কৰিছিলোঁ । তেওঁ অসম বাণী এৰি যাওতে শইকীয়াদেৱে দায়িত্ব লওঁতেও মোক প্ৰতিটো সংখ্যাতে তিনি পৃষ্ঠাধিক লিখোৱাইছিল । সেইবোৰ অৱশ্যে মোৰ নিজৰ নামত নাছিল । পৰবৰ্ত্তী সময়ত হোমেন বৰগোহাঞি আমাৰ অসম কাকতত থাকোতে তেওঁৰ কাকতত লিখিবলৈ মোৰ সময় কমি আহিল আৰু দুটা অনুষ্ঠানত লিখা-মেলা দিয়াটোও সম্ভৱ নাছিল । তথাপি তেওঁৰ নতুন সৃষ্টি হ’লেই মোৰ মতামত জানিব বিচাৰিছিল। তেওঁৰ নতুন উপন্যাস ‘নিঃসঙ্গতা’ ই আলোড়ন সৃষ্টি কৰা সময়তো মোৰ অভিমত জানিব বিচাৰিছিল। মই পুনৰ তেওঁৰ কাকতত লিখিবলৈ বাধ্য হৈছিলোঁ আৰু উপন্যাসখনৰ বিষয়ে কিছু আলোকপাত কৰিবলৈ যত্ন কৰিছিলোঁ । এবাৰ তেওঁৰ কথাশিল্পৰ নাট্যৰূপ হৈছিল ৰবীন্দ্ৰ ভৱনত। তেওঁ মোক কাষতে বহিবলৈ দি নাটকখন একেলগে উপভোগ কৰিছিল । ওলাই আহোঁতে মোক কৈছিল এইবাৰ মই লিখা বুলি নকওঁ । নিজে যি ভাবা। — মই পুনৰ তেওঁৰ নাটকৰ বিষয়ে লিখিলো । তাৰ পিছত আৰু বহু কথা । বহু দিন । মাজে মাজে কথা। সাহিত্য সভাৰ অনুষ্ঠানবোৰত লগ পাওঁ । চমু কথা। এটা কথা কিন্তু মুকলি ভাৱে মোক প্ৰায়ে কয়- তুমি একেই আছা। গম পাই আছোঁ । ইত্যাদি ইত্যাদি । পুনৰ দুবছৰমান আগতে ‘চেতনা’ উন্মোচন অনুষ্ঠানত লগ পালোঁ প্ৰাগজ্যোতিষ কলেজত। দুয়ো বেছ কিছু সময় গম্ভীৰভাৱে ভালেমান কথা পাতিলো। কলেজৰ অত্যাধুনিক কাৰিকৰী কৌশলসমৃদ্ধ পুথিভঁৰালত আমি গ্ৰন্থৰ সংৰক্ষণ আৰু অনুসন্ধান সন্দৰ্ভত অধিক চৰ্চা কৰিছিলো । বোধহয় সেই দিনাই আমাৰ অন্তিম গম্ভীৰ আলাপ। তাৰ পিছতো অৱশ্যে সাহিত্য সভাৰ বিষয়ক কেইবাৰমান সৌজন্যমূলক চমু আলোচনা আমাৰ মাজত হৈছিল । সেইবোৰ আন প্ৰসংগত কেতিয়াবা ক’ম।

আজি তেখেতক হেৰুৱাই মই নিজে ব্যক্তিগতভাৱেও অত্যন্ত মৰ্মাহত হৈছো আৰু মোৰ গভীৰ শ্ৰদ্ধাঞ্জলি জ্ঞাপন কৰিছোঁ। তেওঁৰ সৃষ্টি , আদৰ্শ আৰু সমাজ-জীৱনৰ দিকদৰ্শন অসমৰ বাবে সদায় পাথেয় হৈ থাকিব ।
শেষত তেখেতৰ পুণ্যাত্মাৰ অনন্ত শান্তি প্ৰাৰ্থনা কৰিছো ।

Leave a Reply

Your email address will not be published. Required fields are marked *