যাওঁ বুলিয়েই গুচি গ’ল তেওঁ ( সাহিত্য খনিকৰ হোমেন বৰগোহাঞিদেৱলৈ শ্ৰদ্ধাৰে ) লেখা: প্ৰাঞ্জল পি হাজৰিকা , মেক্স হস্পিটেল, নতুন দিল্লী
যাওঁ বুলিয়েই গুচি গ’ল এক অভিমানী সত্বা !
নাছিল কোনো আগজাননী
নাছিল কোনো সময় মহাপ্ৰস্থানৰ।
কলমেৰে হৃদয় জিনা
শব্দেৰে জিলিকি থকা
মহীৰূহজন ঢাপলি মেলিল কোনো নতুন চহৰলৈ,
নতুন ঠিকনা বিচাৰি ।
বানেচুমা চহৰৰ অমূল্য মাণিক!
চাৰিকৰিয়াৰ দুয়োপাৰ উকা কৰি মেলি দিলে নাও
ভটীয়নী সোঁতত বিষাদৰ সুৰ তুলি
নাওখনৰ সৈতে হেৰাই গৈ থাকিল তেওঁ
দূৰলৈ, দূৰলৈ মাথোঁ দূৰলৈ ।
উকা আজি সাহিত্যৰ পথাৰ
উদং আজি মনৰ বাকৰি
যুগদ্ৰষ্টা তেওঁ
যুগস্ৰষ্টা তেওঁ
বুকুত বয় হাজাৰ সেউজী সুবাস
পৃষ্ঠাই পৃষ্ঠাই তেওঁৰ চিন্তাৰ নিৰ্যাস
মাটিৰ বুকুত স্বৰ্গ আঁকি
শব্দৰ ওঁঠত জীৱন আঁকি
আত্মাৰ মাজত জীৱন বিচাৰি
তেওঁ বিদায় মাগি গ’ল কত’জনৰ চকুত নদী আঁকি ।
শব্দ তেওঁৰ সূৰ্য
বাক্য তেওঁৰ সাগৰ
সৃষ্টি তেওঁৰ যুগমীয়া
দৃষ্টি তেওঁৰ আকাশ ।
দুচকুত অশ্ৰুৰ মালা
দুওঁঠত অসহায় কঁপনি
উদভ্ৰান্ত মন তেনেই অবুজন
বিদায় হে কথাশিল্পী
বিদায় হে সাহিত্যৰ খনিকৰ।
বিদায় অমৃত আলোক সন্ধানী ।