মহীৰূহৰ মহাপ্ৰস্থান লেখা: জুলী শইকীয়া, যোৰহাট

অসমীয়া সাহিত্যৰ জনক শ্ৰদ্ধাৰ হোমেন বৰগোহাঞি ছাৰ কায়িক ভাৱে আজি আমাৰ মাজত নাই যদিও প্ৰতিজন সাহিত্য অনুৰাগীৰ হৃদয়ে হৃদয়ে এগছি জ্ঞানৰ প্ৰদীপ হৈ সদায়ে জ্বলি থাকিব।

অতি কম বয়সৰ পৰাই তেখেতৰ মহান সৃষ্টিৰাজীয়ে আমাক আকৃষ্ট কৰিছিল।”কিতাপ পঢ়াৰ আনন্দ”, “আত্মানুসন্ধান”, “প্ৰজ্ঞান সাধনা”, “আত্ম দিপো ভৱ” আদি গ্ৰন্থই আমাক মোহাচ্ছন্ন কৰি ৰাখিছিল আৰু জীনটোক নতুনকৈ চাবলৈ শিকাইছিল। “সুবালা” ই এখন বেলেগ পৃথিৱীৰ লগত চিনাকি কৰাই দিছিল।”পিতা-পুত্ৰ”, “অস্তৰাগ” ,”বিষণ্ণতা”, “হৃদয়ৰ মানচিত্ৰ” আদি কিহৰ নাম ল’ম… তেখেতৰ কিতাপ বুলিলেই গো-গ্ৰাসে গিলিছিলোঁ আৰু আজিও তেখেতৰ প্ৰতিটো লিখনিয়ে আমাৰ জীৱনত যথেষ্ট প্ৰভাৱ বিস্তাৰ কৰে। এক কথাত ক’বলৈ গ’লে তেখেতৰ লিখনি প্ৰতি উদ্বুদ্ধ হৈয়েই আমি কিতাপ পঢ়িবলৈ শিকিছিলোঁ আৰু এখোজ-দুখোজকৈ সাহিত্যৰ জগতখনৰ ভিতৰ চৰাত ভুমুকি মাৰিছিলোঁ।

দেহ-মনৰ‌ প্ৰতি সদা সচেতন শ্ৰদ্ধাৰ হোমেন বৰগোহাঞি ছাৰে আমাক শিকাই গ’ল স্বাস্থ্য আৰু শৰীৰ সাধনাৰে ৮৯ বছৰ বয়সতো কেনেকৈ বয়সক জিনি চিৰতৰুণ হৈ থাকিব পাৰি।তেখেত আমাৰ পিতৃ প্ৰবাদ পুৰুষ। যদিও মানি ল’বলৈ কঠিন তেখেতৰ মৃত্যু অসমীয়া সাহিত্যৰ বাবে এক অপুৰণীয় ক্ষতি। এই স্থান হয়তো অনাগত ভৱিষ্যতেও কোনেও পুৰাব নোৱাৰিব।

বিশ্ব সাহিত্যৰ সৈতে আমাক পৰিচয় কৰোৱা নানা সন্মানীয় বঁটাৰে বিভূষিত একেধাৰে কবি, সাহিত্যিক,সাংবাদিক,গল্পকাৰ,উপন্যাসিক প্ৰজ্ঞাৰ সাধকজনাৰ মৃত্যুত আমি মৰ্মাহত আৰু তেখেতৰ আত্মাৰ সদগতি কামনা কৰি তেখেতলৈ একাজলি অশ্ৰুঅঞ্জলি নিবেদিলোঁ।

ঔম্ শান্তি, শান্তি, শান্তি!

Leave a Reply

Your email address will not be published. Required fields are marked *