বোকাখাতৰ উত্তম বৰদলৈ বিয়োগ

নিউজ ডেস্ক, কাজিৰঙা লাইভ, ১৩ মে’: মৃত্যু এক চিৰন্তন সত্য , আৰু এই সত্যকে প্ৰতিপন্ন কৰি আজি পুৱাতে এই পৃথিৱী এৰি চিৰদিনৰ বাবে আঁতৰি গ’ল বোকাখাত মিলনপুৰ নিৱাসী প্ৰয়াত পূৰ্ণকান্ত শৰ্মা বৰদলৈ আৰু অন্নদা দেৱীৰ সপ্তম সন্তান, সদৌ অসম লেখিকা সমাৰোহ সমিতিৰ কাৰ্যকৰী সভানেত্ৰী সুৱৰ্ণ শইকীয়া বৰদলৈৰ স্বামী, মেথনি বাগিছাৰ অৱসৰপ্ৰাপ্ত কৰ্মী, একালৰ বিহুৱা, ভাওনা শিল্পী উত্তম বৰদলৈ ৷ আজি পুৱা হৃদযন্ত্ৰৰ ক্ৰিয়া বন্ধ হৈ গুৱাহাটীৰ হায়াট হস্পিতালত মৃত্যুক সাৱটি ললে এই গৰাকী সমাজ সচেতন ব্যক্তিয়ে ৷ তেখেতৰ এই আকস্মিক মৃত্যুত শোকস্তব্ধ হৈ পৰিছে সমগ্ৰ বোকাখাতবাসী ৷

Leave a Reply

Your email address will not be published. Required fields are marked *