“স্বৰ্গীয় হোমেন বৰ গোহাঞিদেৱলৈ শ্ৰদ্ধাৰ্ঘ “ লেখা: লাৱণ্য গগৈ, খুমটাই,গোলাঘাট

সাগৰ সম বিশাল ব্যক্তিত্ব তোমাৰ ,
হিমালয় সম ওখ কীৰ্তিত্ব আছে যাৰ ,
অসমীয়া সাহিত্যকানন ও সাংবাদিক
জগতৰ এক উজ্বল নক্ষত্ৰ তুমিয়েই ,
তোমাৰ আলোকতে জ্ঞানৰ মুকুতা বিচাৰি ,
বাট বুলিছিল কতনো অনুজ অগ্ৰজে ।

বিন্দুৰ পৰা সিন্ধুলৈ অসীম যাত্ৰা তোমাৰ ,
জীৱনৰ ভাজে ভাজে সময়ে ল’লে গতি ,
সৃষ্টিৰ হৃদয়ৰ পৰা নিগৰিত হোৱা অফুৰন্ত সম্ভাৰক
বিলাই দিলা সঁচা মানুহৰ হৃদয়ে হৃদয়ে ,
অন্ধ জনেও য’ত বিচাৰি পাইছিল  
জীয়াই থকাৰ একুকি সম্বল ।
দশোদিশে বিয়পি আছে আজিও তোমাৰ ,
সাহিত্য সংস্কৃতিৰ খ্যাতিৰ উজ্বল সুবাস ।
যুগ স্ৰষ্টা হে পণ্ডিত প্ৰৱৰ ,এটা যুগৰ অবসান ঘটিল ,
পুৱাৰ সূৰুযৰ ৰ’দ কাঁচিয়লিত বহি ,
জিকমিক পোহৰতে সঁচা প্ৰেমক সাৱতিলৈ,
অসমীয়া জাতিৰ সত্বাক নিঠৰুৱা কৰি ,
ঠিকনাবিহীন অজান ঠাইলৈ গ’লাগৈ আতঁৰি ।
তোমাৰএই মহাপ্ৰয়াণত স্তব্ধ আমাৰ হৃদয় ,
পবিত্ৰ আন্তৰিকতাৰে তোমাৰ চৰণত,
জনাইছোঁ শতকুটি প্ৰণাম ও গভীৰ শ্ৰদ্ধাৰ্ঘ ।

Leave a Reply

Your email address will not be published. Required fields are marked *