মহীৰূহৰ মহাবিদায়। লেখা: ধ্ৰুৱজ্যোতি সাহা

অমল দাস ডাঙৰীয়া তেতিয়া মই কৰ্মৰত বাতৰি কাকতখনৰ সহযোগী সম্পাদকৰ দায়িত্বত৷ অমল দাই ফোন কৰি ক’লে যে তেখেতৰ স’তে হোমেন বৰগোহাঞি ছাৰ আহিব কাজিৰঙা ফুৰিবলৈ৷ মই অকণমান সহযোগ কৰিব লাগে৷ উচ্চাকাংক্ষা, নিসংগতা, বিষণ্ণতা, আত্মানুসন্ধান, মানুহ হোৱাৰ গৌৰৱ কত কি কিতাপ যে পঢ়িছোঁ হোমেন বৰগোহাঞি ছাৰৰ সীমা নাই৷ সেই মানুহজনক মই লগ পাম৷ মোৰ আনন্দৰ সীমা নাই৷ কাজিৰঙাত থকা-খোৱা, হাতীৰ টিকট বুকিং সকলো কৰিছোঁ৷ নিৰ্দিষ্ট দিনটোত উপস্থিত হৈছে বৰগোহাঞি ছাৰ৷ পেলিকান নামৰ কাজিৰঙাত থকা হোটেলখনত ভাতৰ আয়োজন৷ প্ৰথমতে ভাত খাব, তাৰ পাছতহে হোটেলৰ কোঠালৈ যাব৷ তেওঁলোক আহি পাওঁতে অকণমান দেৰি হোৱাৰ বাবে ছাৰৰ দলটোক ঠাণ্ডা ভাত দিয়াৰ বিপৰীতে কেইটামান ভাত নতুনকৈ পাতি দিবলৈ ক’লো হোটেলৰ গৰাকীক৷ কিন্তু, তেওঁলোক তেনেতে পালেহি৷ আহিয়েই ভাত খাবলৈ বিচাৰে যদিও দুই-তিনি মিনিটমান দেৰি হোৱাৰ বাবে ছাৰৰ খং৷ অমল দাক ছাৰে কৈছে, ‘মই কিয় দুই মিনিট বহিবলগীয়া হৈছে, কেনেকুৱা মানুহ ৰাখিছা কাজিৰঙাত?’ ছাৰৰ নিয়মানুৱৰ্তিতা দেখা পাই আচৰিত হ’লোঁ৷ পিছৰ সময়চোৱাত যেনিবা ছাৰৰ স’তে এক সু-সম্পৰ্ক গঢ় লৈ উঠিল৷

অসমৰ সমাজ জীৱনৰ বিভিন্ন প্ৰাসংগিক বিষয় বলিষ্ঠভাৱে তুলি ধৰি সমাজলৈ সুস্থ পৰিৱেশ অনাৰ কচৰৎ কৰা হোমেন বৰগোহাঞি ছাৰৰ বিয়োগ সকলো শ্ৰেণীৰ লোকৰ বাবেই ক্ষতি৷ অবিৰত যাত্ৰাৰ দুৰন্ত সৈনিক বৰগোহাঞি ছাৰৰ নীলাচলৰ পাতৰ জীৱন্ত ছবিবোৰে আজিও আমাৰ মনবোৰ আন্দোলিত কৰে৷ তেখেতৰ প্ৰথম কলমত উদ্ভাসিত হোৱা বাস্তৱ বিষয়ৰ বলিষ্ঠ উপস্থাপন আজিৰ তাৰিখতো তুলনাবিহীন অসমীয়া সাহিত্যৰ অংশ৷ সাংবাদিকতাৰ পিতামহস্বৰূপ বৰগোহাঞি ছাৰৰ পঞ্চাশৰ দশকতে আৰম্ভ কৰা সৃষ্টিৰাজিয়ে কিমানক যে জীয়াই থকাৰ প্ৰেৰণা যোগাইছে সেয়া লেখি শেষ কৰিব নোৱাৰি৷ আজীৱন চিৰতৰুণ হৈ থাকিব বিচৰা বৰগোহাঞি ছাৰে গল্প, কবিতা, উপন্যাসৰ জৰিয়তে সমাজৰ উঠি অহা প্ৰজন্মৰ পৰা আৰম্ভ কৰি বিভিন্ন শ্ৰেণীৰ মানুহৰ মাজত এক সৰল জীৱনবোধ প্ৰতিষ্ঠা কৰি থৈ গ’ল৷ ‘কিতাপ পঢ়াৰ আনন্দ’ৰ সুক্ষ্ম ব্যাখ্যা আগবঢ়োৱাৰ সমান্তৰালভাৱে অসমীয়া কৰ্মী সমাজখনক ‘কাম কৰাৰ আনন্দ’ৰ দ্বাৰা শিকাই থৈ গ’ল জীৱন যে কেৱল যাপনৰ বাবে নহয় বৰং উদযাপনৰ বাবেহে৷

সময়ক পিছ পেলাই কাম কৰি যোৱা ছাৰৰ চিন্তাৰ গভীৰতা অসমীয়া সাহিত্য-সংস্কৃতিৰ এক আপুৰুগীয়া সম্পদ৷ তালিকা এখন প্ৰস্তুত কৰিলে হয়তো খুব কম ব্যক্তিৰ নাম সন্নিৱিষ্ট হ’ব যি এনে সুক্ষ্ম বিশ্লেষণৰ অধিকাৰী৷ অগাধ জ্ঞানৰ পৰিধিয়ে চুব নোৱাৰা এক পৰিৱেশৰ সৃষ্টি কৰিলে বৰগোহাঞি ছাৰে৷ ধীৰ-স্থিৰ, স্পষ্টবাদী, গুৰু-গম্ভীৰ, অত্যন্ত আত্মবিশ্বাসী ব্যক্তি হোমেন বৰগোহাঞি ছাৰৰ জীৱনবোধ সকলোৰে বাবে পাথেয়৷ অসমীয়া সাহিত্য-সমাজ জগতৰ ভোটাতৰা হিচাপে চিহ্নিত ছাৰৰ বিয়োগ অসমৰ বাবেই এক অপূৰণীয় ক্ষতি৷ অৱশ্যে প্ৰচুৰ অধ্যয়ন তথা অনুশীলনৰ মাজেৰে জীৱন কটোৱা মহান পুৰুষ বৰগোহাঞি ছাৰ কায়িকভাৱে আঁতৰি গ’লেও চিৰদিন চিৰকাল অসমৰ বায়ু-পানীত গুঞ্জৰিত হৈ থাকিব৷ অসম আৰু অসমীয়াৰ মনত চিৰকাললৈ প্ৰৱাহমান হৈ থকা হোমেন বৰগোহাঞি ছাৰ সৃষ্টিৰাজীৰ মাজেৰে সকলোৰে প্ৰেৰণাৰ উৎস হৈ ৰ’ব৷

ফোনঃ ৯১০১৩০২৩৩১

Leave a Reply

Your email address will not be published. Required fields are marked *