আটছাৰ উদ্যোগত হোৱা ফুটবল খেলৰ সামৰণি

নিউজ ডেস্ক, কাজিৰঙা লাইভ, ৮ ফেব্ৰুৱাৰী: অসম চাহ জনজাতি ছাত্র সন্থাৰ ডিফলু বাগিচা প্ৰাথমিক গোটৰ উদ্যোগত বাগিচাৰ ৰাজহুৱা খেলপথাৰত আজি ছহিদ বেজা বৈষ্ণৱ সোঁৱৰণি দ্বিতীয় বাৰ্ষিক প্ৰাইজমানি ফুটবল খেলৰ আজি চূড়ান্ত খেল লতাবাৰী চাহ বাগিচা আৰু লখৌজান চাহ বাগিচা দলৰ মাজত অনুষ্ঠিত হয়। খেলত লতাবাৰী চাহ বাগিচা দলে ২-১ গলৰ ব্যবধানত বিজয়ী হয়। প্ৰাঞ্জল গগৈৰ পৰিচালনাত হোৱা এই খেলখনত শ্ৰেষ্ঠ খেলুৱৈ হয় লতাবাৰী চাহ বাগিচা দলৰ আদিত্য ৰংহাং আৰু শ্ৰেষ্ঠ গলকীপাৰ লখৌজান দলৰ ডেভিড নায়ক। আটছাৰ চন্দন তাঁতীয়ে আতঁ ধৰা বটা বিতৰণী সভাত অতিথি হিচাপে চাখীৰাম মাহাত্ব, ভৰত ৰবিদাস, ভাস্কৰ কালিন্দী, প্ৰণৱ দলে, দুলাল ডেকা, বীৰু কুমাৰ চেত্ৰী,সুশীল কালিন্দী আদি উপস্থিত থাকে।

Leave a Reply

Your email address will not be published. Required fields are marked *