কাজিৰঙা লাইভৰ বাতৰিৰ প্ৰভাৱ ৷ বাতৰিৰ পাছতেই নিৰ্মাণৰ কাম আৰম্ভ কৰিবলৈ মন্ত্ৰীৰ নিৰ্দেশ চাৰে চাৰি বছৰত দুবাৰকৈ আধাৰশিলা স্থাপন কৰিও পেলাই থোৱা এটা পথ ।

নিউজ ডেস্ক, কাজিৰঙা লাইভ ১৫ ফেব্ৰুৱাৰী: চাৰে চাৰি বছৰত দুবাৰকৈ আধাৰশিলা স্থাপন কৰিও নিৰ্মাণ নকৰি পেলাই থোৱা এটা পথৰ নিৰ্মাণৰ কাম আৰম্ভ কৰিবলৈ মন্ত্ৰীৰ নিৰ্দেশ কাজিৰঙা লাইভৰ বাতৰিৰ পাছতেই৷ সততে আধাৰশিলা স্থাপনৰ ৰাজনীতিৰে জন- সাধাৰণৰ দৃষ্টি আকৰ্ষণ কৰাৰ চেষ্টাত ব্ৰতী থকা কৃষি মন্ত্ৰী তথা বোকাখাত বিধায়ক অতুল বৰাৰ সমষ্টিৰ পশ্চিম কাজিৰঙা গাঁও পঞ্চায়তৰ অধীনৰ ১ নং কঁহৰা পিলখানা গাঁৱৰ পৰা ৩৭ নং ৰাষ্ট্ৰীয় ঘাই পথ সংযোগী পথটিত দুবাৰকৈ আধাৰশিলা স্থাপন কৰাৰ পাছতো বাতৰি কৰাৰ আগলৈকে পথ নিৰ্মাণৰ বাবে পৰা নাছিল এচপৰা ইটাও। স্থানীয় ৰাইজে অভিযোগ কৰিছিল যে ২০১৬ বৰ্ষত নিৰ্বাচনত প্ৰথম জয়ী হৈ আহি মন্ত্ৰী অতুল বৰাই গ্ৰামোন্নয়ন বিভাগৰ অধীনত আধাৰশিলা স্থাপন কৰিছিল পিলখানা গাঁৱৰ এই পথটি। নিৰ্বাচনৰ সময়ত ভোটৰ লালসাত বিভিন্ন প্ৰতিশ্ৰুতি দিয়া জনপ্ৰতিনিধিয়ে এই পথেৰেই বিভিন্ন সময়ত অহা- যোৱা কৰে যদিও পথটি নিৰ্মাণৰ ক্ষেত্ৰত কোনোধৰণৰ গুৰুত্ব নিদি ক্ষন্তেকীয়া চমক দিয়াৰ উদ্দেশ্যে পুৰণি আধাৰশিলাৰ সমীপতে পুনৰাই ২০১৭-১৮ বৰ্ষত আধাৰশিলা স্থাপন কৰিলে একেটা পথৰে। উখোৰা-মোখোৰা পথটি যাতায়তৰ বাবে একেবাৰেই সুচল নোহোৱাৰ ফলত দুখনকৈ বিদ্যালয়ৰ ছাত্ৰ-ছাত্ৰী, অভিভাৱকৰ লগতে শতাধিক গাঁওবাসীয়ে বহুবছৰে পৰাই দুৰ্ভোগ ভুগিব লগীয়া পৰিস্থিতিৰ সৃষ্টি হৈ থকাৰ পৰিপ্ৰেক্ষিতত স্থানীয় ৰাইজে কাজিৰঙা লাইভৰ সাংবাদিকৰ সন্মুখত ক্ষোভ প্ৰকাশ কৰি কৃষিমন্ত্ৰী গৰাকীক এগৰাকী মতলবী নেতা আখ্যা দি কৈছিল যে মন্ত্ৰী অতুল বৰাই নিৰ্বাচনৰ পূৰ্বে পথটিৰ নিৰ্মাণৰ কাম সম্পূৰ্ণ নকৰিলে নিৰ্বাচনৰ সময়ত ভোট বিচাৰি পিলখানা গাঁৱত সুমুৱাত বাধা প্ৰদান কৰিব গাঁৱৰ মহিলা সকলে। এই কথা কাজিৰঙা লাইভৰ বাতৰিত সবিস্তাৰে প্ৰকাশ হোৱাৰ পাছতেই কৃষিমন্ত্ৰী গৰাকীয়ে তাৎক্ষণিকভাৱে পথটিৰ নিৰ্মাণৰ কাম আৰম্ভ কৰিবলৈ বিভাগীয় কৰ্তৃপক্ষক নিৰ্দেশ দিয়া বুলি কাজিৰঙা লাইভক জনাই মন্ত্ৰী গৰাকীয়ে ৷

Leave a Reply

Your email address will not be published. Required fields are marked *