কাজিৰঙাৰ বন বিভাগৰ অভিযানত আটক চাৰি চোৰাং চিকাৰী

নিউজ ডেস্ক, কাজিৰঙা লাইভ, ৭ ফেব্ৰুৱাৰীঃ কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যানত গঁড় হত্যাৰ লগত জড়িত ৪ টা চোৰাংচিকাৰীক আটক কৰিবলৈ সক্ষম হৈছে কাজিৰঙা উদ্যান কৰ্তৃপক্ষ ৷চোৰাং চিকাৰৰ লগত জড়িত থকাৰ অভিযোগত কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যান কৰ্তৃপক্ষই আটক কৰা লোক কেইজন কলিয়াবৰ মহকুমাৰ কুঠৰী, ন’জান আৰু হাৰমতি অঞ্চলৰ ক্ৰমে মুজিবুৰ ৰহমান, চফিকুল ইছলাম, আনোৱাৰ হুছেইন আৰু কৃষ্ণ কৰ্মকাৰ ৷ ২০২০ বৰ্ষৰ ছেপ্তেম্বৰ মাহত বাগৰি বনাঞ্চলত এটা গঁড় হত্যাৰ লগত লোক কেইজন জড়িত থকাৰ কথা সদৰি কৰিছে উদ্যান কৰ্তৃপক্ষই ৷ সেই গঁড় হত্যাৰ লগত জড়িত থকাৰ অভিযোগত কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যানৰ কৰ্মৰত বনকৰ্মীকো গ্ৰেপ্তাৰ কৰিছিল ৷ গ্ৰেপ্তাৰ হোৱা বনকৰ্মীৰ তথ্যৰ ভিত্তিত কুঠৰীৰ নিবাসী মুজিবুৰ ৰহমানক কাজিৰঙা উদ্যান কৰ্তৃপক্ষৰ লগতে অসম আৰক্ষীয়ে কোনো বিচাৰি উলিয়াব নোৱাৰাত কলিয়াবৰ মহকুমা ন্যায়িক আদালতে তেওঁক পলাতক ঘোষণা কৰিছিল ৷ শুক্ৰবাৰে পুৱতি নিশা কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যানৰ ডি এফ অ’ ৰমেশ কুমাৰ গগৈৰ নেতৃত্বত যোৱা এটা অভিযানকাৰী দলে নিশা অভিযান চলাই মুজিবুৰ ৰহমানক নিজা বাসগৃহৰ পৰা আটক কৰে ৷ মুজিবুৰ ৰহমানৰ তথ্যৰ ভিত্তিত আন তিনিটা চোৰাংচিকাৰীক আটক কৰি মাৰাথান জেৰা অব্যাহত ৰাখিছে বুলি জানিব পৰা গৈছে ৷ তদন্তৰ খাতিৰত কাজিৰঙাৰ ডি এফ অ’ ৰমেশ কুমাৰ গগৈয়ে সাংবাদিকৰ আগত খোলাকৈ নক’লেও চাৰি চোৰাংচিকাৰীৰ পৰা বহু বিস্ফোৰক তথ্য ওলোৱাৰ সম্ভাৱনা আছে ৷

Leave a Reply

Your email address will not be published. Required fields are marked *