বোকাখাতত কৃষিমন্ত্ৰী অতুল বৰাৰ অনুষ্ঠানত মন্ত্ৰীৰ সন্মুখতে সংবাদকৰ্মীক চৰম অপমান।

নিউজ ডেস্ক, কাজিৰঙা লাইভ ৫ ফেব্ৰুৱাৰী : আজি বোকাখাতত নতুনকৈ সংযোজন হোৱা-অসম চৰকাৰৰ পশুপালন আৰু পশুচিকিৎসা বিজ্ঞান বিদ্যালয়ৰ নৱনিৰ্মিত প্ৰশাসনীয় ভৱন উন্মোচন কৰা হয় ৷ প্ৰায় পাঁচ কোটি পঞ্চাশ লাখ টকাৰ এক বৃহৎ পূঁজিৰে নিৰ্মাণ কৰা এই ভৱনটোৰ শুভ উন্মোচন কৰে কৃষিমন্ত্ৰী অতুল বৰাই৷অতিকে দুৰ্ভাগ্যজনক ভাৱে এই কৃষিমন্ত্ৰীৰ এই উন্মোচনী অনুষ্ঠানটিত সাংবাদিকক কৰা হয় চৰম অপমান ৷ উল্লেখ্য যে,উন্মোচনী অনুষ্ঠানলৈ বাতৰি সংগ্ৰহৰ বাবে গৈছিল বোকাখাতৰ জেষ্ঠ তথা সকলো মাধ্যমৰ সাংবাদিক৷ এক বৃহৎ পুজিঁৰে নিৰ্মান হোৱা পশুপালন আৰু পশুস্বাস্থ্য বিভাগৰ এই বিজ্ঞান বিদ্যালয় ভৱনৰ উন্মোচনীৰ উক্ত আড়ম্বৰপূৰ্ণ অনুস্থানত সহস্ৰাধিক দলীয় কৰ্মীৰ বাবে আসনৰ ব্যৱস্থা কৰাৰ বিপৰীতে সাংবাদিক সকলক চূড়ান্ত উপেক্ষা কৰি অতিশয় অপমানজনক ভাৱে নাৰাখিলে এখনো আসন।
যাৰ বাবে উপস্থিত জেষ্ঠ-কনিষ্ঠ সকলো সাংবাদিকে ক্ষোভ প্ৰকাশ কৰি মন্ত্ৰীৰ সন্মুখতে মাটিত বহি বাতৰি সংগ্ৰহ কৰা দেখা গ’ল৷ অত্যন্ত জাক-জমকতাৰে অনুষ্ঠিত কৰা এই অনুষ্ঠানত গণতন্ত্ৰৰ চতুৰ্থ স্তম্ভক কৰা এই অপমানত হতচকিত হৈ পৰিছে সচেতন মহল ৷ সমাজৰ অতন্দ্ৰ প্ৰহৰী স্বৰূপ সংবাদকৰ্মী সকলক কৰা এই ৰাজহুৱা অপমানক একেমুখে গৰিহণা দিছে বোকাখাত সমষ্টিৰ সমূহ নাগৰিকেও ৷

Leave a Reply

Your email address will not be published. Required fields are marked *