কাজিৰঙা বন বিভাগৰ জালত দুধৰ্ষ চোৰাং চিকাৰী

নিউজ ডেস্ক, কাজিৰঙা লাইভ, ৫ ফেব্ৰুৱাৰী: কাজিৰঙা বন বিভাগৰ বৃহৎ সাফল্য ।
কাজিৰঙাত গঁড় হত্যা কৰাৰ অভিযোগত অৰুণাচল প্ৰদেশৰ পৰা আটক অথৌ গাদি ওৰফে জবি গাদি নামৰ দুধৰ্ষ চোৰাং চিকাৰী ।
কাজিৰঙা ব্যাঘ্ৰ প্ৰকল্পৰ অধীনৰ বিশ্বনাথ বন সংমণ্ডলৰ বনকমীয়ে অৰুণাচল প্ৰদেশৰ আৰক্ষীৰ সহযোগত আটক কৰে দুধৰ্ষ চোৰাং চিকাৰীটোক। বন বিভাগে জানিব দিয়া মতে বিগত ২০১৯ বৰ্ষৰ এপ্ৰিল মাহত কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যানৰ ষষ্ঠ সংযোজন এলেকাৰ লখৰা চাপৰিত সংঘটিত হোৱা গঁড় হত্যাৰ লগত জড়িত আছিল ধৃত চোৰাং চিকাৰীটো।

Leave a Reply

Your email address will not be published. Required fields are marked *