কাজিৰঙাত ঢেকীয়াপতীয়া বাঘৰ পোৱালিৰ মৃতদেহ উদ্ধাৰ

নিউজ ডেস্ক, কাজিৰঙা লাইভ, ২ ফেব্ৰুৱাৰী: কাজিৰঙাত ঢেকীয়াপতীয়া বাঘৰ পোৱালিৰ মৃতদেহ উদ্ধাৰ। মঙ্গলবাৰে কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যানৰ কঁহৰা বনাঞ্চলৰ তাজেং বনশিবিৰ এলেকাত বনকৰ্মীয়ে তহল দি থকা অৱস্থাত বাঘৰ পোৱালিটোৰ মৃতদেহ প্রত্যক্ষ কৰে। আনুমানিক চাৰি মহীয়া বাঘৰ পোৱালিটোৰ মৰণোত্তৰ পৰীক্ষাৰ পাছত পোৱালীটো যুঁজত মৃত্যু হোৱা বুলি জানিবলৈ দিছে উদ্যান কৰ্তৃপক্ষই। শৰীৰত আঘাতৰ চিন থকা ঢেকীয়াপতীয়া বাঘৰ পোৱালীটো NTCA গাইড লাইন অনুসৰি বিষয়া আৰু সংবাদ কৰ্মীৰ উপস্থিতিত বন বিভাগে দাহ কৰে।

Leave a Reply

Your email address will not be published. Required fields are marked *