কাজিৰঙা লাইভৰ মুখ্য সম্পাদক,জেষ্ঠ সাংবাদিক তথা বিশিষ্ট লেখক ভবানন্দ কলিতালৈ অসম চৰকাৰৰ ফেল’শ্বিপ ঘোষণা

নিউজ ডেস্ক, কাজিৰঙা লাইভ, ৩০ জানুৱাৰী : কাজিৰঙা লাইভৰ মুখ্য সম্পাদক,বোকাখাত শংকৰদেৱ শিশু নিকেতনৰ সভাপতি,বোকাখাত প্ৰেছ ক্লাৱৰ প্ৰতিষ্ঠাপক সদস্য তথা বৰ্তমানৰ সভাপতি, বোকাখাত পুৱতি সাহিত্য সভাৰ প্ৰাক্তন সম্পাদক, গোলাঘাট জিলা সহিত্য সভাৰ প্ৰাক্তন উপ সভাপতি, চিন্তাশীল লিখক, জ্যেষ্ঠ সাংবাদিক ভৱানন্দ কলিতালৈ অসম চৰকাৰে সাহিত্য ক্ষেত্ৰলৈ আগবঢ়োৱা অৱদানৰ বাবে আগবঢ়াইছে এককালীন সাহাৰ্য ৷ ১৯৯০ চনত তিনিদিনীয়া অগ্ৰদূত কাকতত পোনপ্ৰথমে সাংবাদিকতাৰ জীৱন আৰম্ভ কৰা ভবানন্দ কলিতাৰ ইতিমধ্যে বিভিন্ন কাকত আলোচনীত প্ৰায় দুশৰো অধিক নিবন্ধ প্রকাশ হৈছে।তেখেতৰ প্ৰকাশিত পুথি ‘এমুঠি চিন্তাৰ খোৰাক’ , ‘ভিন্ন সময় ভিন্ন চিন্তা’ , ‘সময় সূঁতিত মেলিলো ডিঙৰা’ , ‘জীৱন লেছেৰি’। কেবাখনো স্মৃতিগ্ৰন্থ সম্পাদনা কৰাৰ লগতে অধুনালুপ্ত নৱতৰংগ নামৰ আলোচনীখন সম্পাদনা কৰিছিল কলিতাদেৱে ৷বৰ্তমান কাজিৰঙা লাইভ নামৰ এটা জনপ্ৰিয় ৱেব পৰ্টেলৰ মুখ্য সম্পাদক হোৱাৰ সমান্তৰালভাৱে দৈনিক অগ্ৰদূত কাকতৰ বোকাখাতৰ প্ৰতিবেদকৰূপে কৰ্মৰত হৈ আছে কলিতাক অহা ১ ফেব্ৰুৱাৰীত শংকৰদেৱ কলা ক্ষেত্রত চেক আৰু মানপত্র আদি আনুষ্ঠানিকভাবে চৰকাৰে প্ৰদান কৰিবৰ বাবে আমন্ত্রণ জনাইছে ৷ ভবানন্দ কলিতালৈ অসম চৰকাৰে আগবঢ়োৱা এই সন্মানে বোকাখাতবাসীৰ মাজত আনন্দৰ জোৱাৰ আনিছে।

Leave a Reply

Your email address will not be published. Required fields are marked *