বোকাখাত নীল আকাশ ফেন ক্লাৱৰ উদ্যোগত অনুষ্ঠিত হ’ল জাতীয় সাজপাৰ প্ৰতিযোগিতা ৷ অংশগ্ৰহণ কৰিলে অসমৰ বিভিন্ন প্ৰান্তৰৰ প্ৰতিযোগীয়ে ৷

কাজিৰঙা লাইভ, বোকাখাত, ২৩ জানুৱাৰী : নীল আকাশ ফেন ক্লাবৰ উদ্যোগত বোকাখাতৰ নাট্য মন্দিৰ প্ৰাংগনত চতুৰ্থ সংখ্যক (MISS TRADITIONAL 2021) “মিচ্ ট্ৰেডিচনেল ২০২১” শীৰ্ষক এখনি সুন্দৰ পৰম্পৰাগত সাজপাৰৰ প্ৰতিযোগিতা সফলতাৰে অনুষ্ঠিত হৈ যায় । এই প্ৰতিযোগিতাৰ সমান্তৰালভাৱে লগতে সম্পন্ন কৰা হয় KIDS আৰু MR. (কীড্ চ আৰু মিষ্টাৰ) শীৰ্ষক এলানি প্ৰতিযোগিতাও ৷ সমগ্ৰ অসমৰ বিভিন্ন জিলাৰ প্ৰতিযোগীয়ে অংশ গ্ৰহণ কৰা এই অনুষ্ঠানটিত বন্তি প্ৰজ্বলনৰ লগতে শুভ উদ্বোধন কৰে সাংবাদিক তথা লেখিকা পলিমা বি চেতিয়াই ৷ উদ্বোধনী অনুষ্ঠানটিত তেখেতক সহযোগিতা আগবঢ়াই নীল আকাশ ফেন ক্লাবৰ দুলাল ডেকা,সভাপতি সোনমণি বৰা,সম্পাদক নয়ন বৰাই ৷ চতুৰ্থ বাৰৰ বাবে আয়োজন কৰা এই অনুষ্ঠানটোৰ মুখ্য তত্বাৱধায়ক হিচাপে আছিল বোকাখাতৰ জীয়ৰী তথা জনপ্ৰিয় মডেল চুমি কামান। যথেষ্ট কষ্ট স্বীকাৰ কৰি জন্মলগ্নৰে পৰা এই অনুষ্ঠানটি অনুষ্ঠিত কৰি অহা চুমি কামানে লগত ফেন ক্লাবৰ সদস্য পংকজ, ইমণ ,নয়নকে প্ৰমূখ্য কৰি ক্লাৱটোৰ সদস্য সকলক লৈ এই প্ৰতিযোগিতাত এক সফল ৰূপ দিবলৈ সক্ষম হৈছে৷ এই প্ৰতিযোগিতাৰ মুখ্য বিচাৰক হিচাপে অনুষ্ঠানটিত উপস্থিত আছিল জনপ্ৰিয় ফেশ্বন কৰিঅ’গ্ৰাফাৰ তথা নাজিৰা মহাবিদ্যালয়ৰ ফেশ্বন বিভাগৰ প্ৰবক্তা প্ৰাঞ্জল প্ৰতীম দেৱ আৰু জনপ্ৰিয় মডেল মিছেছ এছিয়া পেচিফিক ইউনিভাৰচ (Mrs Asia Pecific Universe) খ্যাত ৰূপালিম গোস্বামী৷ অনুষ্ঠানটি সাৱলীলভাৱে আগবঢ়াই নিছিল নিছিল ঘোষক ৰক্তিম ৰাজ ডেকাই । সমগ্ৰ প্ৰতিযোগিতাখনিৰ মুখ্য গ্ৰুমাৰ হিচাপে দায়িত্বত আছিল প্ৰয়াত দক্ষ বনবিষয়া তথা লেখক জেলিল আহমেদৰ সুযোগ্য কন্যা বোকাখাতৰে জীয়ৰী প্ৰতিষ্ঠিত মডেল তথা গ্ৰুমাৰ বাৰ্বি জেলিল আৰু জেক্ মৰাং (Jack Morang) । “মিচ্ ট্ৰেডিচনেল ২০২১” শীৰ্ষক শ্বো’টোৰ মূখ্য আকৰ্ষণ হিচাপে আছিল সৰু পৰ্দাৰ জনপ্ৰিয় নায়ক তথা অভিনেতা কিশোৰ কুমাৰ দাস ৷তেখেতৰ উপস্থিতি আৰু সুন্দৰ নৃত্যই অনুষ্ঠানটিক এক অনন্য মাত্ৰা প্ৰদান কৰাৰ লগতে আয়োজক সমিতিৰ ফালৰ পৰা অভিনেতা জনক বিশেষভাৱে সম্বৰ্ধনা জনোৱা হয়। শ্বো’ টোৰ মেক্ আপ্ ৰ দায়িত্বত আছিল জনপ্ৰিয় মেক্ আপ্ আৰ্টিষ্টদ্বয় সুদৰ্শনা পৰাশৰ আৰু তমন্না হুছেইন । অফিচিয়েল ফটোগ্ৰাফাৰ হিচাপে আছিল উদীয়মান ফটোগ্ৰাফাৰ আবিদ হুছেইন । প্ৰতিযোগিতা খনিত কিডচ্ শাখাত বিজয়ী হয় মূৰ্চনা দত্ত, প্ৰথম ৰাণাৰ আপ্ হয় কৃষ্টিনা শইকীয়া, দ্বিতীয় ৰানাৰ আপ হয় গৌৰাংগ কোঁৱৰ। প্ৰতিযোগিতা খনিত মূল খিতাপ অৰ্থাৎ মিছ্ ট্ৰেডিচনেল (MISS TRADITIONAL 2021) খিতাপ দখল কৰে ৰ’জি লয়িং (Rossy Loyeng) , প্ৰথম ৰাণাৰ আপ্ হয় দীয়া চেত্ৰী, দ্বিতীয় ৰাণাৰ আপ্ হয় অৰ্জিতা বৰাই। শ্বো’ টোত এটি ৰেম্প ৱাক ৰে শুভ উদ্ধোধন কৰে অসমৰ এগৰাকী প্ৰতিষ্ঠিত মডেল তথা বোকাখাতৰে যুৱক মিষ্টাৰ অসম খিতাপ দখল কৰা দিগন্ত পেগু য়ে। তেখেতকো নীল আকাশ ফেন ক্লাবৰ সদস্য সকলে বিশেষ ভাৱে সম্বৰ্ধনা জনায় । মিষ্টাৰ শাখাত বিজয়ী খিতাপ দখল কৰে বিশ্বজিৎ মিলিয়ে। শেষত সকলোৰে আন্তৰিক সহযোগিতাৰ বাবে সকলোকে বিশেষ ভাৱে ধন্যবাদ জ্ঞাপন কৰে সমগ্ৰ শ্বো’ টোৰ মুখ্য তত্বাৱধায়ক চুমি কামানে ৷

Leave a Reply

Your email address will not be published. Required fields are marked *