কাজিৰঙাত পালন ৩২ তম পথ সুৰক্ষা মাহ। যান-বাহন চলাচলৰ নীতি-নিয়ম মানি চলিবলৈ সকলোকে আহ্বান

নিউজ ডেস্ক, কাজিৰঙা লাইভ,২৩ জানুৱাৰী : গোলাঘাট জিলা পৰিবহন বিভাগৰ উদ্যোগত আৰু সন্মিলিত মটৰ পৰিবহন সন্থাৰ লগতে এভাৰ গ্ৰীণ ৱেলফেয়াৰ চ’চাইটিৰ সৌজন্যত কাজিৰঙাত জীপ চাফাৰীৰ চালক সকলৰ মাজত যান- বাহন চলাচলৰ নীতি নিৰ্দেশনা তথা সুৰক্ষাৰ ক্ষেত্ৰত সজাগতা বৃদ্ধিৰ বাবে শুক্ৰবাৰে অনুষ্ঠিত হয় এক সজাগতা অনুষ্ঠান। কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যানৰ শতবৰ্ষ উদযাপন কেন্দ্ৰত অনুষ্ঠিত হোৱা এই সজাগতা অনুষ্ঠানত বিশেষ অতিথি হিচাপে উপস্থিত থাকে গোলাঘাট জিলাৰ পৰিবহন বিষয়া দিব্যজ্যোতি কাৰ্জী , কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যানৰ সঞ্চালক পি শিৱ কুমাৰ, কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যানৰ পূব অসম বন সংমণ্ডল প্ৰাধিকাৰী বিষয়া ৰমেশ গগৈ,অসম ৰাজ্যিক সাংবাদিক সন্থাৰ সভাপতি জিতু শৰ্মা ৰাজখোৱা,সহকাৰী বন সংৰক্ষক ঋতু পৱন বৰা,কাজিৰঙা আঞ্চলিক সাংবাদিক সন্থাৰ সভাপতি নীলপদ্ম শৰ্মা,সমাজকৰ্মী বিপন গগৈ,কাজিৰঙা জীপ চাফাৰী সন্থাৰ সভাপতি তুলসী বৰদলৈ ৷ ১৮ জানুৱাৰীৰ পৰা ১৭ ফেব্ৰুৱাৰীলৈকে পালন কৰিব লগা ৩২ তম পথ সুৰক্ষা মাহৰ প্ৰথম দিনৰ কাৰ্যসূচী কাজিৰঙাত অনুষ্ঠিত কৰি জিলা পৰিবহন বিষয়া গৰাকীয়ে কয় যে দুৰ্ঘটনা ৰোধৰ ক্ষেত্ৰত চৰকাৰ বা প্ৰশাসনে বান্ধি দিয়া নীতি নিয়ম সমূহ পালন কৰা অত্যন্ত প্ৰয়োজনীয়। কাজিৰঙালৈ বিশ্বৰ বিভিন্ন প্ৰান্তৰৰ আগমন ঘটে। সেই হেতুকে কাজিৰঙাৰ পৰ্যটনৰ ক্ষেত্ৰখনৰ ৰাজহাড় স্বৰূপ কাজিৰঙাৰ জিপচী চালক সকলে যান-বাহন চলাচলৰ প্ৰতিটো নীতি নিয়ম পালন কৰাটো প্ৰয়োজন।সভাত উপস্থিত থকা বিশিষ্ট অতিথি সকলেও নিজৰ নিজৰ বক্তব্যত যান-বাহন চলাচলত চালক সকলে সকলো ধৰণৰ নীতি-নিয়ম মানি চলাৰ ওপৰত গুৰুত্ব আৰোপ কৰিবলৈ উপস্থিত সকলোকে আহ্বান জনায় ৷নীতি-নিৰ্দেশনা মানি চলিলে সম্ভাব্য যিকোনো দুৰ্ঘটনা ৰোধৰ সমান্তৰালভাৱে নিজকো সুৰক্ষিত কৰি ৰাখিবলৈ সক্ষম হ’ব বুলিও নিজৰ বক্তব্যত উল্লেখ কৰিলে অসম ৰাজ্যিক সাংবাদিক সন্থাৰ সভাপতি জিতু শৰ্মা ৰাজখোৱাই ৷

Leave a Reply

Your email address will not be published. Required fields are marked *