নুমলীগড়ত সঁজাল কুটীৰৰ দ্বিতীয় বৰ্ষপূৰ্তি

#”পথৰুৱা গানৰ মাটিৰ মালিতা” শীৰ্ষক বৰ্ণাঢ্য অনুষ্ঠান
#গ্ৰাম্য চহা জীৱনৰ ভাস্কৰ্য কলাৰ শুভ উন্মোচন #৬গৰাকী বিশিষ্ট ব্যক্তিক সম্বৰ্ধনা
––————————————————————
নিউজ ডেস্ক, কাজিৰঙা লাইভ: ২৩ জানুৱাৰী: অসমৰ গ্ৰাম্য চহা জীৱনৰ সতে জড়িত বহু সমল বৰ্তমান বিলুপ্ত হোৱাৰ পথত। বিভিন্ন কৃষি আৰু কৃষিভিত্তিক উৎসৱৰ সতে ব্যৱহৃত বিলুপ্তপ্ৰায় এসময়ৰ অসমীয়া সমাজৰ অবিচ্ছেদ্য এই আপুৰুগীয়া সমল সমূহ সংগ্ৰহৰ লগতে বৌদ্ধিক চিন্তা চৰ্চাৰ ককেন্দ্ৰ স্বৰূপে উজলি উঠিছে নুমলীগড়ৰ সঁজাল কুটীৰ। নুমলীগড়ৰ জ্যেষ্ঠ সাংবাদিক প্ৰিয়ংদীপ কাকতিৰ ব্যক্তিগত প্ৰচেষ্টাত ঘৰৰ চৌহদত স্থাপন কৰা সঁজাল কুটীৰে প্ৰতিষ্ঠাৰ দুটা বৰ্ষ সফলতাৰে অতিক্ৰম কৰে। কৃষ্টি-সংস্কৃতি ৰক্ষাত অন্যন্য ভূমিকা পালন কৰা সঁজাল কুটীৰৰ দ্বিতীয় বৰ্ষপূৰ্তি উপলক্ষে কালি সঁজাল কুটীৰৰ বাকৰিত এক মনোজ্ঞ অনুষ্ঠান অনুষ্ঠিত হয়। জিলাখনৰ প্ৰায় চাৰি শতাধিক সাহিত্য- সংস্কৃতি, সাংবাদিকতা আৰু সামাজিক ক্ষেত্ৰৰ সতে জড়িত ব্যক্তিৰ উপস্থিতিত অনুষ্ঠিত হয় “পথৰুৱা গানৰ মাটিৰ মালিতা” শীৰ্ষক অনুষ্ঠান। সাংবাদিক প্ৰদীপ কুমাৰ বৰাই আঁত ধৰা অনুষ্ঠানটোত সঁজাল কুটীৰত যোৰহাটৰ খ্যাতিসম্পন্ন চিত্ৰ- ভাস্কৰ্য্য শিল্পী ত্ৰৈলোক্য বৰুৱাৰ হাতৰ পৰশত প্ৰাণ পাই উঠা অসমীয়া কৃষক পৰিয়ালৰ এটি অনুপম ভাস্কৰ্য শিল্পৰ উদ্ধোধন কৰে সাংবাদিক পেঞ্চনাৰ দ্বীপেন দত্তই। উদ্ধোধনী ভাষণত সাংবাদিক গৰাকীয়ে অসমীয়া জাতি জীয়াই থাকিবলৈ হ’লে জাতিৰ ঐতিহ্য সমূহৰ সংৰক্ষণ হবই লাগিব বুলি উল্লেখ কৰি অসমীয়া কৃষ্টি-সংস্কৃতিৰ স্বাভিমান ৰক্ষাত সঁজাল কুটীৰৰ পৰিয়ালৰ ভূমিকাক তেওঁ ভূয়সী প্ৰশংসা কৰে। শিপা নাথাকিলে যিদৰে এজোপা গছ জীয়াই থকাটো সম্ভৱ নহয় ঠিক তেনেদৰে অসমৰ দৰে এখন ৰাজ্যত লোক কৃষ্টিৰ বিলুপ্তিয়ে একেই বাৰ্তা বহন কৰিব বুলিও তেওঁ তাৎপৰ্যপূৰ্ণ মন্তব্য কৰে। পুৰণি অসমীয়া পৰিয়ালৰ চৌহদৰ পদূলিৰ নঙলা খুলি সঁজাল কুটীৰত প্ৰৱেশ কৰা অভ্যাগত সকলৰ উপস্থিতিত বিশিষ্ট নিবন্ধকাৰ মনোজ কুমাৰ শইকীয়া আৰু বিবেকানন্দ কেন্দ্ৰ এন আৰ এল চিকিৎসালয়ৰ চিকিৎসা সঞ্চালক ডা: ৰঞ্জন কুমাৰ মহন্তই বন্তি প্ৰজলনেৰে কাৰ্যসূচীৰ শুভাৰম্ভ কৰে। অনুষ্ঠানত সঁজাল কুটীৰৰ পৰিয়ালৰ তৰফৰপৰা বিশিষ্ট শিল্পী বীৰেন দাস, ভাস্কৰ্য শিল্পী ক্ৰমে ট্ৰলোক্য ত্ৰলোক্য বৰুৱা আৰু গৌতম বৰুৱা, নিজ চিত্ৰ শিল্পৰে অলপতে আন্তঃৰাষ্ট্ৰীয় বঁটা লাভ কৰাৰ উপৰিও ইণ্ডিয়া বুক অৱ ৰেকৰ্ডত নাম সন্নিবিষ্ট কৰিবলৈ সক্ষম হোৱা প্ৰতিভাবান ছাত্ৰ মৃগাংক বৰদলৈ আৰু আদৰ্শ কৃষক চনু কুৰ্মীক বিশেষ সম্বৰ্ধনা জনোৱা হয়। মুকলি আকাশৰ তলত জুইৰ উমাল পৰিবেশত গীত-মাতৰ বৰ্ণময় অনুষ্ঠানটোৰ আনুষ্ঠানিক শুভাৰম্ভ কৰে অসম সাহিত্য সভাৰ কেন্দ্ৰীয় সমিতিৰ মুখ্য সাংগঠনিক সম্পাদক তথা সাংবাদিক দিগন্ত কুমাৰ ভূঞাই। অনুষ্ঠানত জ্যোতি সোঁৱৰণৰ লগতে শিল্পী অৰুণ গগৈ, ৰঞ্জিত ৰজক, অন্বেষা তামুলী, আইলিন গগৈ, অকাশনীল হাজৰিকা, অনুপম ভূঞা, শিশু শিল্পী কায়ত্ৰী বৰুৱা ,অনল অনিৰ্বাণ কলিতা, অভ্ৰনীল কাকতি আৰু অনুস্কা কাকতিয়ে গীত পৰিৱেশন কৰে। অনুষ্ঠানত জ্যেষ্ঠ সাংবাদিক ক্ৰমে জিতু শৰ্মা ৰাজখোৱা ,জিতেন কুমাৰ হাজৰীকা বুবুল দত্ত, প্ৰদ্যুত মহন্ত, অমৰ শৰ্মা দ্বীপজ্যোতি হাজৰিকা, লিখক সাহিত্যিক ইমৰান হুছেইন, তিতাৰম দাস, ছাত্র নেতা ধ্ৰুৱজ্যোতি বৰা আদিয়ে অসমৰ সাংস্কৃতিক ঐতিহ্যৰ সংৰক্ষণ সম্পৰ্কে বক্তব্য প্ৰদান কৰে। কবি মনালিছা শইকীয়া, অজন্তা তালুকদাৰ, পৰাগ হাজৰিকা, বৰষা কলিতা আৰু শোভিত কমল বৰাৰ কবিতা আবৃত্তিয়ে অনুষ্ঠানটো অধিক জীপাল কৰি তোলে। লোক সংস্কৃতিৰ সংৰক্ষণৰ ক্ষেত্ৰত নুমলীগড়ৰ সঁজাল কুটীৰ পৰিয়ালৰ একক প্ৰচেষ্টাক সংস্কৃতিবান বৌদ্ধিক সমাজে আদৰণি জনাইছে।

Leave a Reply

Your email address will not be published. Required fields are marked *