আজিৰে পৰা আৰম্ভ হ’ল বোকাখাতত ” ৰাষ্ট্ৰীয় কৃষি আৰু উদ্যান শস্য প্ৰদৰ্শনী ২০২১”

নিউজ ডেস্ক, কাজিৰঙা লাইভ, ২১ জানুৱাৰীঃ
বোকাখাতত আজিৰে পৰা আৰম্ভ হ’ল “ৰাষ্ট্ৰীয় কৃষি আৰু উদ্যান শস্য প্ৰদৰ্শনী ২০২১৷ এই উদ্দেশ্যে আজি পুৱা বন্তি প্ৰজ্বলন কৰি প্ৰদৰ্শনীৰ শুভাৰম্ভ কৰে অসম চৰকাৰৰ কৃষি আৰু পশুপালন বিভাগৰ মন্ত্ৰী তথা বোকাখাতৰ বিধায়ক অতুল বৰাই। অনুষ্ঠানটিৰ আৰম্ভণিতে স্থানীয় শিল্পী সকলে সমবেত সংগীত পৰিবেশন কৰে। অনুষ্ঠানত আদৰণি ভাষণ প্ৰদান কৰে মন্ত্ৰী অতুল বৰাই কয় যে আধুনিক কৃষি মানে কেৱল ধান-মাহ- সৰিয়হকে নুবুজায় ৷ ইয়াৰ সংজ্ঞা সুকীয়া ৷যুগৰ লগত খাপ খুৱাই নিজকে অধিক স্বাৱলম্বী কৰি তুলিবলৈ হ’লে আমি আধুনিক কৃষিৰ ক্ষেত্ৰত মনোনিৱেশ কৰিবই লাগিব বুলি উল্লেখ কৰি মন্ত্ৰী গৰাকীয়ে লগতে কয় যে আমাৰ ঘৰ,সমাজ তথা দেশখনৰ প্ৰগতিৰ হকে আমি কাম কৰিবলৈ হলে প্ৰথমেই আমি কৃষিৰ ক্ষেত্ৰত আগবাঢ়ি যোৱাৰ সমান্তৰালভাৱে কৃষিৰ ক্ষেত্ৰৰ বজাৰ সমূহ আমি দখল কৰিব লাগিব ৷ নিজৰ আদৰণি ভাষণত মন্ত্ৰী গৰাকীয়ে দেশৰ যুৱ প্ৰজন্মৰ লগতে সকলোকে কৃষি ক্ষেত্ৰখনলৈ আগবাঢ়ি আহি নিজকে স্বাৱলম্বী কৰি তুলি দেশক উন্নয়নশীল কৰি তুলিবলৈ আহ্বান জনায় ৷ মন্ত্ৰী গৰাকীয়ে লগতে কয় যে যোৱা পাঁচ বছৰে অসমৰ নৱ প্ৰজন্মৰ কৃষকে আধুনিক কৃষি পদ্ধতি আয়ত্ব কৰিছে। তেওঁলোকে গম পালে যে অসমৰ অৰ্থনীতিৰ মূল চালিকা শক্তি হ’ল কৃষি। এই অৰ্থনীতি সবল কৰিবলৈ কৃষক, বজাৰ আৰু চৰকাৰ একাকাৰ হ’ব লাগিব। লগতে মন্ত্ৰী গৰাকীয়ে কয় যে অসমৰ ৭,৮৩,০০০ কৃষক উপকৃত হৈছে আৰু ২,৭৩,০০০ কৃষকক সাহায্য প্ৰদান কৰা হৈছে। তদুপৰি ৪০,০০০ পাৱাৰ পাম্প, ২০ টা মাটি পৰীক্ষা কেন্দ্ৰও সোনোৱাল চৰকাৰৰ দিনতে স্থাপন কৰা হৈছে। স্বাধীনতাৰ পিছত ৰাজ্যখনত কংগ্ৰেছৰ শাসনত এনে উন্নয়ন কেতিয়াও সম্ভৱ হোৱা নাছিল। কেন্দ্ৰীয় কৃষি মন্ত্ৰী নৰেন্দ্ৰ সিং তোমৰে ভাৰ্চুৱেল ভাষণত কৃষি মন্ত্ৰী অতুল বৰা আৰু মুখ্যমন্ত্ৰী সৰ্বানন্দ সোনোৱাললৈ অভিনন্দন জ্ঞাপন কৰি কয় যে এইসকল লোকৰ উমৈহতীয়া প্ৰচেষ্টা আৰু উন্নয়নমুখী মানসিকতাৰ বাবে সাম্প্ৰতিক সময়ত অসম কৃষিৰ ক্ষেত্ৰত পূৰ্বৰ তুলনাত যথেষ্ট আগবাঢ়ি গৈছে। কৃষি আৰু কৃষক নাথাকিলে দেশ জীয়াই নাথাকে। অসম ধান, চাহ, ফল-মূল আৰু বিশাল জলৰাশিৰে পৰিপূৰ্ণ এখন সঁজাল দেশ। ভাৰত চৰকাৰে এনে খন ৰাজ্যৰ কৃষি ক্ষেত্ৰৰ উন্নয়নৰ বাবে সকলো ধৰণৰ সহায় আগবঢ়াবলৈ সকলো সময়তে সাজু আছে বুলি নিজৰ ভাৰ্চুৱেল ভাষণত উল্লেখ কৰে কেন্দ্ৰীয় কৃষি মন্ত্ৰী গৰাকীয়ে ৷ দেশৰ সৰ্বমুঠ চাহ উৎপাদনৰ ৫০ শতাংশ অসমতেই উৎপাদন হয় বুলি অসমৰ কৃষি উৎপাদনৰ উচ্চ প্ৰশংসা কৰাৰ লগতে অসমত বাঢ়ি অহা কৃষি নিৰ্ভৰশীলতাই ভাৰত চৰকাৰক আকৰ্ষিত কৰিছে আৰু ইয়াৰ কৃতিত্ব মুখ্যমন্ত্ৰী সৰ্বানন্দ সোনোৱাল আৰু কৃষি মন্ত্ৰী অতুল বৰালৈ যোৱা উচিত বুলি নিজৰ ভাষণত ব্যক্ত কৰে কেন্দ্ৰীয় কৃষি মন্ত্ৰী গৰাকীয়ে ৷ প্ৰতিকূল বতৰৰ পৰিপ্ৰেক্ষিতত অনুষ্ঠানটিত শেষ মুহূৰ্তত উপস্থিত থাকিবলৈ সক্ষম নহলেও ভাৰ্চুৱেল ভাষণেৰে অনুষ্ঠানটিত উপস্থিত সমবেত জনতাক সম্বোধি নিজৰ বক্তব্য ৰাখিলে মুখ্যমন্ত্ৰী সৰ্বানন্দ সোনোৱালে ৷ ভাৰতৰ কৃষকৰ উৎপাদন দুগুণ কৰাটোৱেই প্ৰধান মন্ত্ৰী নৰেন্দ্ৰ মোডীৰ লক্ষ্য আৰু উদ্দেশ্য বুলি মুখ্যমন্ত্ৰী সৰ্বানন্দ সোনোৱালে কয় ‘ভাৰতৰ সৈতে খোজ মিলাবলৈ আমিও ৰাজ্যখনত ন ন আধুনিক কৃষি পদ্ধতিৰে স্বাৱলম্বনৰ লগতে আৰ্থিক নিৰাপত্তা আনিবই লাগিব। ২০১৬ বৰ্ষৰ পৰা কৃষি বিভাগে একনিষ্ঠভাৱে কাম কৰাৰ বাবে অসমে বিদেশলৈ কৃষিজাত সামগ্ৰী ৰপ্তানি কৰিব পাৰিছিল। অসমৰ কৃষক ৰাইজলৈ অসম চৰকাৰে আগবঢ়োৱা সহায়ৰ কথা উল্লেখ কৰি তেখেতে কয় যে ইতিমধ্যে অসমত ১৪,০০০ ট্ৰেক্টৰ বিতৰণ কৰা হৈছে।’ তেওঁ লগতে তেওঁ অসম চৰকাৰে আগ্ৰহী কৃষকক দুই লাখ টকালৈকে সূদ বিহীন ঋণ দিয়াৰ কথাও ঘোষণা কৰিছে আৰু সেয়ে কৃষি সংস্কৃতিৰ আদান প্ৰদানৰ বাবে দক্ষিণ পূৱ এচিয়াৰ ৰাষ্ট্ৰ সমূহৰ সৈতে আমিও সমিল-মিলেৰে আগবঢ়াৰ সিদ্ধান্ত লৈছো। সেইবাবে এই দেশ সমূহৰ প্ৰতিনিধি আজি আপোনালোকৰ সন্মুখত উপস্থিত হৈছেহি।’ অনুষ্ঠানত অসমৰ জলসম্পদ মন্ত্ৰী কেশৱ মহন্ত, ৰাজ্যসভাৰ সাংসদ কামাখ্যা প্ৰসাদ তাচা, দেৰগাঁৱৰ বিধায়ক ভৱেন ভড়ালী, অসম চৰকাৰৰ প্ৰধান সচিব আৰু কৃষি উৎপাদন আয়ুক্ত ৰাজেশ প্ৰসাদ, নাইজেৰিয়াৰ উচ্চ আয়ুক্ত এলাটাইজ ইচমাইল আয়ুবামী, ঘানাৰ চাৰ্জ দ্যা এফেয়াৰ্চ বেলিৱাইন চেবেচটাইন, মংগোলিয়াৰ ৰাষ্ট্ৰদূত গনচিং গেনবল্ড, ফিজিৰ চাৰ্জ দ্যা এফেয়াৰ্চ নীলেচ ৰনীল, ভূটানৰ কনচাল জেনেৰেলফুব চেৰিং, কংগো গণৰাজ্যৰ উচ্চ আয়ুক্ত ৰচেটি মচি নিয়ামেল, অসম কৃষি বিশ্ববিদ্যালয়ৰ উপাচাৰ্য্য ড° বিদ্যুত চন্দ্ৰ ডেকা, অসম চৰকাৰ কৃষি বিভাগৰ আয়ুক্ত সচিব আৰু সঞ্চালক আকাশ দীপ, কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যানৰ ডাইৰেক্টৰ পি শিৱকুমাৰ, পশুপালন বিভাগৰ সচিব অশোক বৰ্মন, ইণ্ডোনেছিয়াৰ সচিব এনী ইওলিয়াণ্টী, ভিয়েটনামৰ ৰাজনীতি আৰু অৰ্থনীতিৰ মূৰব্বী জিউয়েনথী গকডাং, গোলাঘাট জিলাৰ উপায়ুক্ত বিভাষ মোডী, অসম উদ্যান শষ্য বিভাগৰ ডাইৰেক্টৰ আব্দুল জেলিল, অসম বীজ কৰ্পৰেচনৰ অধ্যক্ষ প্ৰবীন হাজৰিকা, গোলাঘাট জিলাৰ বিজেপিৰ সভাপতি দেৱপ্ৰদীপ বৰাই বিশিষ্ট অতিথি হিচাপে উপস্থিতি থাকে। অনুষ্ঠানটিত গোলাঘাটৰ পল্লব গগৈ,মাজুলীৰ বিনয় লেখক,লক্ষীমপুৰৰ হেমাকান্তি পায়েং,নলবাৰীৰ বিপুল হালৈক কৃষক বঁটাৰে সন্মানিত কৰা হয় ৷

Leave a Reply

Your email address will not be published. Required fields are marked *