বোকাখাতৰ জে ডি এছ জি মহাবিদ্যালয়ৰ ছাত্ৰ ছাত্ৰীৰ দ্বাৰা কাজিৰঙাৰ পনবাৰী এনিমেল কৰিডৰত আৱৰ্জনা পৰিস্কাৰ অভিযান :

নিউজ ডেস্ক, কাজিৰঙা লাইভ : ১৬ জানুৱাৰী : কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যানৰ অতি গুৰুত্বপুৰ্ণ এনিমেল কৰিডৰ পানবাৰী ৷ এই এনিমেল কৰিডৰে পানবাৰী সংৰক্ষিত বনাঞ্চলক কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যানৰ সৈতে সংযোজিত কৰিছে ৷ এই কৰিডৰৰ মাজেৰে গৈছে ৩৭ নং ৰাষ্ট্ৰীয় পথ ৷ এই পথেৰে অহা যোৱা কৰা যানবাহনে আৱৰ্জনা পেলাই প্ৰদুষিত কৰে এনিমেল কৰিডৰটো ৷ আজি বোকাখাতৰ জে ডি এছ জি মহাবিদ্যালয়ৰ ৰাষ্ট্ৰীয় সেৱা আঁচনিৰ ছাত্ৰ ছাত্ৰী সকলে এক অভিযানেৰে আৱৰ্জনা বুটলি প্ৰদুষণ মুক্ত কৰে এনিমেল কৰিডৰটো ৷ আজি পানবাৰীত পুৱ অসম বন্যপ্ৰাণী সংমণ্ডলৰ ডি এফ অ’ ৰমেশ কুমাৰ গগৈয়ে এই অভিযানৰ আৰম্ভনী কৰে ৷ এই উপলক্ষে পানবাৰী খণ্ড বন কাৰ্যালয় প্ৰাংগনত আয়োজিত এক অনুষ্ঠানত ডি এফ অ’ ৰমেশ কুমাৰ গগৈৰ উপৰিও কেন্দ্ৰীয় চৰকাৰৰ হিচাব পৰীক্ষণ বিভাগৰ ডেপুটি একাউন্টেট জেনেৰেল আব্ৰাহম জুদাহ চেপাহ এ , সহকাৰী বন সংৰক্ষক ঋতুপৱন বৰা , অনাৰেৰী ৱাইল্ড লাইফ ৱাৰ্ডেন উত্তম শইকীয়া , বোকাখাত বনাঞ্চলৰ বনাঞ্চলিক বিষয়া ডা৹ ইন্দ্ৰাণী বৰগোহাঁই , খণ্ড বন বিষয়া তৰুণ গগৈ , জে ডি এছ জি মহাবিদ্যালয়ৰ জেষ্ঠ প্ৰৱক্তা প্ৰশান্ত ফুকন আৰু মতিৰাম দাসৰ লগতে বনকৰ্মী আৰু মহাবিদ্যালয় খনৰ ছাত্ৰ ছাত্ৰীও উপস্থিত থাকে ৷ অনুষ্ঠানত এনিমেল কৰিডৰৰ আৱৰ্জনা পৰিস্কাৰ কৰিবৰ বাবে জে ডি এছ জি মহাবিদ্যালয়ৰ ৰাষ্ট্ৰীয় সেৱা আঁচনিৰ ছাত্ৰ ছাত্ৰী সকল আগবাঢ়ি অহাৰ বাবে ভুয়সী প্ৰসংসা কৰে ৷ ছাত্ৰ ছাত্ৰী সকলে হাতমোজা পৰিধান কৰি এনিমেল কৰিডৰটোৰ দুয়োকাষে পথৰ দাঁতিত পৰি ৰোৱা পুতি গন্ধময় আৱৰ্জনা বুটলি কৰিডৰটো পৰিস্কাৰ কৰে ৷

Leave a Reply

Your email address will not be published. Required fields are marked *