বিশ্বনাথত বনৰীয়া ম’হৰ আক্ৰমনত ২৪ ঘণ্টাত দ্বিতীয় জন লোকৰ মৃত্যু

নিউজ ডেস্ক, কাজিৰঙা লাইভ, ১৫ জানুৱাৰী: বিশ্বনাথ চাৰিআলিত বনৰীয়া ম’হৰ আক্ৰমনত পুনৰ আন এজন লোকৰ মৃত্যু ৷ কুমলীয়া গাৱৰ চিকু চেন্টাৰত শুকুৰ আলি নামৰ লোকজনক পুৱাই আক্ৰমন কৰে ম’হটোৱে ৷ ম’হৰ আক্ৰমণত থিতাতে নিহত হয় ব্যক্তিজন ৷ ঘটনাৰ পিছতে তীব্ৰ আতংকৰ সৃষ্টি হৈছে কুমলীয়া অঞ্চলত ৷ ইফালে কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যানৰ ষষ্ঠ সংযোজনৰ পৰা ওলাই অহা ম’হটোৰ আক্ৰমণত বৃহস্পতি বাৰে মটক গাৱত মৃত্যু হৈছিল জয়ন্ত দাস নামৰ লোজনৰ ৷ জয়ন্ত দাসৰ মৃত্যুৰ পিছতে বন বিভাগৰ কাৰ্যালয় আৰু বাহনত অগ্নি সংযোগ কৰিছিল স্থানীয় ৰাইজে ৷

Leave a Reply

Your email address will not be published. Required fields are marked *