ভোগালীৰ উৰুকাত কাজিৰঙাৰ বনকৰ্মীৰ কাষত কৃষিমন্ত্ৰী অতুল বৰা : জলপানৰ লগতে ডায়েৰী আৰু কেলেণ্ডাৰ বিতৰণ :

কাজিৰঙা লাইভ, বোকাখাত : ১৩ জানুৱাৰী : ৰাজ্যত ভোগালী উৰুকাৰ ব্যস্ততাৰ মাজত কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যানৰ ভিতৰৰ দুৰ্গম বনাঞ্চলত বন্যপ্ৰাণীৰ সুৰক্ষাৰ বাবে ব্যস্ত হৈ আছে বনকৰ্মী সকল ৷ পৰিয়ালৰ পৰা দুৰক দুৰ্গম অঞ্চলত উৰুকাৰ দিনাও কৰ্মৰত এই সকল বনকৰ্মীৰ কাষত আজি উপস্থিত হয় বোকাখাতৰ বিধায়ক তথা জেষ্ঠ মন্ত্ৰী অতুল বৰা ৷ আজি কাজিৰঙাৰ অগৰাতলি বনাঞ্চলত উপস্থিত হৈ মন্ত্ৰী অতুল বৰাই উদ্যান কৰ্তৃপক্ষই বনশিৱিৰ সমুহৰ বাবে প্ৰদান কৰা পিঠা আৰু জলপানৰ টোপালাৰ লগতে এখনকৈ কেলেণ্ডাৰ আৰু এখন ডায়েৰী প্ৰদান কৰে ৷ অতুল বৰাৰ এই উপহাৰৰ লগতে বে চৰকাৰী প্ৰকৃতি সংগঠন আৰণ্যকৰ তৰফৰ পৰাও ৰাষ্ট্ৰীয় উদ্যানখনৰ প্ৰতিটো বনশিৱিৰৰ বাবে একোখনকৈ কেলেণ্ডাৰ প্ৰদান কৰে ৷ এই উপলক্ষে অগৰাতলি বনাঞ্চলৰ প্ৰৱেশদ্বাৰত আয়োজিত এক বিশেষ অনুষ্ঠানত মন্ত্ৰী গৰাকীৰ লগতে ৰাষ্ট্ৰীয় উদ্যানখনৰ সঞ্চালক পি শিৱকুমাৰ আৰু বনাঞ্চলিক বিষয়া বিদ্যুত বিকাশ বৰাও উপস্থিত থাকে ৷ গোলাঘাট জিলাৰ অনাৰেৰী ৱাইল্ড লাইফ ৱাৰ্ডেন উত্তম শইকীয়াই আঁত ধৰা এই অনুষ্ঠানত বন কৰ্মীক ভোগালী বিহু উপহাৰ প্ৰদান কৰি মন্ত্ৰী অতুল বৰাই নিষ্ঠা সহকাৰে কাজিৰঙাত কৰ্মৰত বনকৰ্মী সকলত ভোগালীৰ শুভেচ্ছা জনোৱাৰ লগতে চোৰাংচিকাৰ প্ৰতিৰোধ কৰাৰ লগতে বাৰ্ড ফ্লুৰ প্ৰতিও লক্ষ্য ৰাখিবৰ বাবে আহ্বান জনায় ৷ অনুষ্ঠানত কাজিৰঙাৰ সঞ্চালক পি শিৱকুমাৰে বনকৰ্মীক সকলক উৰুকাৰ উপহাৰ প্ৰদান কৰাৰ বাবে মন্ত্ৰী অতুল বৰাক আৰু কেলেণ্ডাৰ প্ৰদান কৰাৰ বাবে প্ৰকৃতি সংগঠন আৰণ্যকক ধন্যবাদ জ্ঞাপন কৰে ৷ উল্লেখ্য যে বিগত বৰ্ষৰ দৰে ৰাষ্ট্ৰীয় উদ্যানখনৰ ৫ টা বনাঞ্চলৰ মুঠ ১৭২ টা বন শিৱিৰৰ বনকৰ্মীৰ মাজত আজি এই সামগ্ৰী বিতৰণ কৰা হয় ৷

Leave a Reply

Your email address will not be published. Required fields are marked *