১৩ আৰু ১৪ জানুৱাৰীত কাজিৰঙাত ১৪৪ ধাৰা জাৰি

নিউজ ডেস্ক, কাজিৰঙা লাইভ, ১২ জানুৱাৰী: মাঘ বিহু উপলক্ষে কাজিৰঙাত সমূহীয়া মাছ মৰাত নিষেধাজ্ঞা জাৰি কৰিছে কলিয়াবৰ মহকুমা প্ৰশাসনে। কলিয়াবৰৰ মহকুমা প্ৰশাসনে ১৩ আৰু ১৪ জানুৱাৰীত কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যানৰ বাগৰি আৰু বুঢ়াপাহাৰ বনাঞ্চলৰ এলেকাত ১৪৪ধাৰা জাৰি কৰিছে। এই দুটা দিনত কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যানৰ এলেকাত ৪ জনতকৈ অধিক ব্যক্তিৰ সমাবেশ, মাছমৰা সঁজুলি লৈ প্ৰৱেশ আৰু মাৰণাস্ত্ৰ লৈ অনাধিকাৰ প্ৰৱেশত নিষেধাজ্ঞা জাৰি কৰিছে কলিয়াবৰ মহকুমা প্ৰশাসনে। বিভাগীয় কৰ্তৃপক্ষৰ বাদে আন সকলোৰে ক্ষেত্ৰত এই নিয়ম প্ৰযোজ্য হ’ব। বন্যপ্ৰাণীৰ সুৰক্ষাৰ প্ৰতি লক্ষ্য ৰাখিয়ে এই সিদ্ধান্ত লোৱা হৈছে বুলি জানিবলৈ দিছে কলিয়াবৰ মহকুমা প্ৰশাসনে। মাঘ বিহুৰ সুবিধা লৈ যাতে কোনো দুষ্টচক্ৰই কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যানৰ বন্যপ্ৰাণীৰ অনিষ্ট সাধন কৰিব নোৱাৰে তাৰ প্ৰতি লক্ষ্য ৰাখি এই সিদ্ধান্ত গ্ৰহণ কৰিছে।

Leave a Reply

Your email address will not be published. Required fields are marked *