বোকাখাতত পথ দুৰ্ঘটনা : এজন যুৱকৰ মৃত্যু , এজন আহত :

কাজিৰঙা লাইভ, বোকাখাত, ১১ জানুৱাৰী : সোমবাৰৰ সন্ধ্যা বোকাখাতৰ বৰজুৰিত ৩৭ নং ৰাষ্ট্ৰীয় পথত সংঘৰ্টিত এক পথ দুৰ্ঘটনাত যোৰহাট ম’হবন্ধা চাহ বাগিচাৰ এজন যুৱকৰ মৃত্যু হোৱাৰ লগতে এজন যুৱক গুৰুত্বৰ ভাৱে আহত হয় ৷ প্ৰাপ্য তথ্য মতে এ এছ ০৩ এ এ – ০৭৩৮ নম্বৰৰ পালচাৰ এখনেৰে কাজিৰঙাৰ পৰা যোৰহাট অভিমুখে গৈ থকা অৱস্থাত এখন সৰু গাড়ীয়ে খুন্দা মাৰি পলায়ন কৰে পালচাৰ মটৰ চাইকেল খনক ৷ ফলত পালচাৰ আৰোহী বাবলু খেৰিয়া আৰু তৰুণ গঞ্জু গুৰুত্বৰভাৱে আহত হয় ৷ বোকাখাতৰ যান বাহন আৰক্ষীয়ে তাৎক্ষনিক ভাৱে আহত যুৱকদ্বয়ক বোকাখাতৰ অসামৰিক চিকিৎসালয়লৈ আনে যদিও চিকিৎসকে তৰুণ গঞ্জুক মৃত বুলি ঘোষণা কৰে ৷ যুৱকদ্বয়ক ঘৰ যোৰহাটৰ ম’হবন্ধা চাহ বাগিছাত বুলি জানিব পৰা গৈছে ৷ পালচাৰ মটৰ চাইকেল খনক খুন্দা মাৰি পলায়ন কৰা অচিনাক্ত গাড়ীৰ সন্ধানত অভিযান আৰম্ভ কৰিছে বোকাখাত আৰক্ষীৰ যান বাহন শাখাই ৷

Leave a Reply

Your email address will not be published. Required fields are marked *